--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগ বুলি কলেই মানুহ মানসিকভাৱে ভাঙি পৰে। বহু মানুহে নিজ মনোবলৰ জোৰত এই ৰোগক জয় কৰিবলৈ সক্ষম হয়। কিছুমান মানুহে এই ৰোগক প্ৰত্যাহ্বান জনায় জীৱন-যুদ্ধত নামি পৰে। দক্ষিণৰ মোহময়ী অভিনেত্ৰী হমসা নন্দিনীয়ে কেঞ্চাৰ ৰোগৰ সৈতে যুঁজ দি আছে। ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হমসা নন্দিনী। কেম'থেৰাপী লৈও তেওঁ হাঁহি হাঁহি জীৱনযুদ্ধ কৰি গৈছে। অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ লগতে এতিয়ালৈকে ৯ টা কেমোথেৰাপী কৰা হৈছে, যাৰ ফলত তেওঁৰ মুৰৰ চুলি সম্পূৰ্ণৰূপে সৰি গৈছে। অৱশ্যে তেওঁ এই পৰিস্থিতিৰ সৈতে শক্তিশালীৰূপত মোকাবিলা কৰিছে, তাৰে প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ ভাইৰেল হোৱা হমসাৰ কেইখনমান ফটোত। চেলিব্ৰিটি ফেশ্বন ষ্টাইলিষ্ট এমি পেটেলে ৩৭ বছৰীয়া হমসা নন্দিনীৰ শেহতীয়া কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। ইয়াত তেওঁক মনীষ মালহোত্ৰাৰ দ্বাৰা ডিজাইন কৰা কাপোৰত দেখা গৈছিল। শাৰীৰিকভাৱে ৰোগত আক্ৰান্ত হ'লেও তেওঁৰ যে মানসিক শক্তি এতিয়াও অটুট আছে সেয়া প্ৰমাণ কৰিবৰ বাবেই হমসাই দেশৰ অন্যতম ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ডিজাইন কৰা সাজ পৰিধান কৰি ফটোশ্বুট কৰোৱায়। চুলি নোহোৱাকৈও তেওঁক ধুনীয়া দেখিছে বুলি উৎসাহ যোগাইছে তেওঁৰ অনুৰাগীসকলে।চুলি নোহোৱা স্বত্বেও হমসাৰ সৌন্দৰ্য কোনোগুণে কম হোৱা নাই বুলি প্ৰশংসা কৰিছে নেটিজেনসকলে। অনুৰাগীসকলে হমসাক সাহস নেহেৰুৱাবলৈ কৈছে। হমসা নন্দিনীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজি আছে যদিও তেওঁ এতিয়াও শক্তিশালী আৰু সাহসী বুলি মন্তব্য কৰে। হমসাই কয় যে তেওঁ ইতিমধ্যে ৯ টা কেম'থেৰাপী লৈছে আৰু ৭ টা কেম'থেৰাপী ল'বলৈ বাকী আছে। তেওঁ যাতে এই ৰোগক জয় কৰিব পাৰে তাৰবাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰে। হমসা নন্দিনী মিৰ্চি, লিজেণ্ড আৰু ৰুদ্ৰমাদেৱীৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ দক্ষিণৰ বহু জনপ্ৰিয় অভিনেতাৰ বিপৰীতে অভিনয় কৰিছে। আৰু পঢ়কঃ আজি সুশান্তৰ জন্মদিনঃ সুশান্তই কৈছিল ”চিনেমাত কাম নাপালে ফিল্ম চিটীত এখন কেণ্টিন খুলিম”…

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু