--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগ বুলি কলেই মানুহ মানসিকভাৱে ভাঙি পৰে। বহু মানুহে নিজ মনোবলৰ জোৰত এই ৰোগক জয় কৰিবলৈ সক্ষম হয়। কিছুমান মানুহে এই ৰোগক প্ৰত্যাহ্বান জনায় জীৱন-যুদ্ধত নামি পৰে। দক্ষিণৰ মোহময়ী অভিনেত্ৰী হমসা নন্দিনীয়ে কেঞ্চাৰ ৰোগৰ সৈতে যুঁজ দি আছে। ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হমসা নন্দিনী। কেম'থেৰাপী লৈও তেওঁ হাঁহি হাঁহি জীৱনযুদ্ধ কৰি গৈছে। অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ লগতে এতিয়ালৈকে ৯ টা কেমোথেৰাপী কৰা হৈছে, যাৰ ফলত তেওঁৰ মুৰৰ চুলি সম্পূৰ্ণৰূপে সৰি গৈছে। অৱশ্যে তেওঁ এই পৰিস্থিতিৰ সৈতে শক্তিশালীৰূপত মোকাবিলা কৰিছে, তাৰে প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ ভাইৰেল হোৱা হমসাৰ কেইখনমান ফটোত। চেলিব্ৰিটি ফেশ্বন ষ্টাইলিষ্ট এমি পেটেলে ৩৭ বছৰীয়া হমসা নন্দিনীৰ শেহতীয়া কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। ইয়াত তেওঁক মনীষ মালহোত্ৰাৰ দ্বাৰা ডিজাইন কৰা কাপোৰত দেখা গৈছিল। শাৰীৰিকভাৱে ৰোগত আক্ৰান্ত হ'লেও তেওঁৰ যে মানসিক শক্তি এতিয়াও অটুট আছে সেয়া প্ৰমাণ কৰিবৰ বাবেই হমসাই দেশৰ অন্যতম ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ডিজাইন কৰা সাজ পৰিধান কৰি ফটোশ্বুট কৰোৱায়। চুলি নোহোৱাকৈও তেওঁক ধুনীয়া দেখিছে বুলি উৎসাহ যোগাইছে তেওঁৰ অনুৰাগীসকলে।চুলি নোহোৱা স্বত্বেও হমসাৰ সৌন্দৰ্য কোনোগুণে কম হোৱা নাই বুলি প্ৰশংসা কৰিছে নেটিজেনসকলে। অনুৰাগীসকলে হমসাক সাহস নেহেৰুৱাবলৈ কৈছে। হমসা নন্দিনীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজি আছে যদিও তেওঁ এতিয়াও শক্তিশালী আৰু সাহসী বুলি মন্তব্য কৰে। হমসাই কয় যে তেওঁ ইতিমধ্যে ৯ টা কেম'থেৰাপী লৈছে আৰু ৭ টা কেম'থেৰাপী ল'বলৈ বাকী আছে। তেওঁ যাতে এই ৰোগক জয় কৰিব পাৰে তাৰবাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰে। হমসা নন্দিনী মিৰ্চি, লিজেণ্ড আৰু ৰুদ্ৰমাদেৱীৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ দক্ষিণৰ বহু জনপ্ৰিয় অভিনেতাৰ বিপৰীতে অভিনয় কৰিছে। আৰু পঢ়কঃ আজি সুশান্তৰ জন্মদিনঃ সুশান্তই কৈছিল ”চিনেমাত কাম নাপালে ফিল্ম চিটীত এখন কেণ্টিন খুলিম”…

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ