--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি জন্মদিন। ১৯৮৬ চনৰ ২১ জানুৱাৰীত বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰিছিলে সুশান্তই। সকলোৰে মৰমৰ অভিনেতা সুশান্ত যদিও আজি এই পৃথিৱীত নাই কিন্তু তেওঁ এতিয়াও জীয়াই আছে প্ৰতিজন অনুৰাগীৰ হৃদয়ত। অভিনেতাজনৰ জন্মদিনত আজি দেশৰ ভিন্ন কোণৰ পৰা তেওঁক স্মৰণ কৰিছে। সুশান্ত সিং ৰাজপুত আজি জীয়াই থকা হ'লে ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিলেহেঁতেন। সুশান্ত সিং ৰাজপুতে তেওঁৰ জীৱন আৰু কেৰিয়াৰত বহুতো উত্থান-পতন দেখিছিল। সুশান্তে জীৱনত সদায় ডাঙৰ সপোন দেখিছিল। তেওঁ পঢ়ি থকাৰ দিনৰে পৰা চলচ্চিত্ৰ উদ্যোগত কাম কৰিব বিচাৰিছিল। সুশান্তে টিভি উদ্যোগৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। জনপ্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা'ত মানৱ নামৰ চৰিত্ৰটোত অভিনয় কৰি ঘৰে-ঘৰে জনপ্ৰিয় হৈ পৰিছিল। তাৰপাছত তেওঁ বলীউডত খোজ পেলায়। টিভি তাৰকাসকলে বলীউডত কাম পোৱাটো বহুত কঠিন কিন্তু সুশান্তই নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত বলীউডতো এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ২০১৩ চনত 'কাই পো চে' নামৰ চিনেমাখনৰ জৰিয়তে সুশান্তৰ বলীউডত অভিষেক ঘটে। প্ৰথমখন চিনেমাতেই সুশান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত তেওঁ কেইবাখনো হিট চিনেমা দৰ্শকসকলক উপহাৰ দিয়ে। সুশান্তে যেতিয়া টিভি উদ্যোগক বিদায় দিছিল তেতিয়া তেওঁক এবাৰ এক সাক্ষাৎকাৰত সোধা হৈছিল ''আপুনি ছিৰিয়েলৰ মানুহ..বলীউডত যদি কাম নাপায় তেন্তে কি কৰিব?'' তেতিয়া সুশান্তই কৈছিল যে ''মই যদি বলীউডত একো কাম নাপাওঁ তেন্তে ফিল্ম ছিটীত এখন কেণ্টিন খুলিম। তাৰপাছত মই এটা কেমেৰা কিনিম। সেই কেমেৰাৰে মই মোৰ কেণ্টিনখনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম আৰু তাত মই নিজে ওলালোহেঁতেন। এতিয়া মই চিনেমাত কাম কৰি যিমান উৎসাহী, তেতিয়া সেই তথ্যচিত্ৰখন নিৰ্মাণ কৰিও মই সিমানেই উৎসাহী হ'লোহেঁতেন।'' এয়াই আছিল সুশান্ত সিং ৰাজপুত। যি জীৱনটোক সহজ-সৰলভাৱে লৈ সহজকৈয়ে দিনবোৰ কটাইছিল। কেৱল অভিনয়ৰ বাবেই নহয় অমায়িক ব্যৱহাৰ, সৰল আচৰণ, সুন্দৰ চেহেৰা, সদাহাস্যমুখ, মানুহৰ প্ৰতি থকা মৰম, নিজৰ জ্ঞান-বুদ্ধিৰ বাবে সুশান্তই মানুহৰ হৃদয়ত বিশেষভাৱে স্থান ল'বলৈ সক্ষম হৈছিল। ২০২০ চনৰ ১৪ জুন তাৰিখটো আছিল এক অভিশপ্ত দিন। সেইদিনাই সুশান্ত সিং ৰাজপুতে এই পৃথিৱীক চিৰবিদায় জনায়। তেওঁৰ মৃত্যুৰ ৰহস্য আজিও খোল নাখালে। হত্যা আছিল নে আত্মহত্যা আছিল তাৰ কোনো সঠিক উত্তৰ পোৱা নগ'ল। সুশান্তৰ মৃত্যুৰ পাছত মানুহে বহুদিনলৈকে সেই দুখৰ পৰা নিজক বাহিৰ কৰিব পৰা নাছিল। সুশান্ত সিং ৰাজপুত য'তেই আছে কুশলে থাকক...সেয়াই কামনা তেওঁক ভালপোৱা প্ৰতিজন মানুহৰ। আৰু পঢ়কঃ আমিৰে ২৫ হাজাৰ টকাৰ শাৰী উপহাৰ দিছিল কৰীণাক! আঁৰত আছিল মহৎ উদ্দেশ্য    

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু