--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি জন্মদিন। ১৯৮৬ চনৰ ২১ জানুৱাৰীত বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰিছিলে সুশান্তই। সকলোৰে মৰমৰ অভিনেতা সুশান্ত যদিও আজি এই পৃথিৱীত নাই কিন্তু তেওঁ এতিয়াও জীয়াই আছে প্ৰতিজন অনুৰাগীৰ হৃদয়ত। অভিনেতাজনৰ জন্মদিনত আজি দেশৰ ভিন্ন কোণৰ পৰা তেওঁক স্মৰণ কৰিছে। সুশান্ত সিং ৰাজপুত আজি জীয়াই থকা হ'লে ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিলেহেঁতেন। সুশান্ত সিং ৰাজপুতে তেওঁৰ জীৱন আৰু কেৰিয়াৰত বহুতো উত্থান-পতন দেখিছিল। সুশান্তে জীৱনত সদায় ডাঙৰ সপোন দেখিছিল। তেওঁ পঢ়ি থকাৰ দিনৰে পৰা চলচ্চিত্ৰ উদ্যোগত কাম কৰিব বিচাৰিছিল। সুশান্তে টিভি উদ্যোগৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। জনপ্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা'ত মানৱ নামৰ চৰিত্ৰটোত অভিনয় কৰি ঘৰে-ঘৰে জনপ্ৰিয় হৈ পৰিছিল। তাৰপাছত তেওঁ বলীউডত খোজ পেলায়। টিভি তাৰকাসকলে বলীউডত কাম পোৱাটো বহুত কঠিন কিন্তু সুশান্তই নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত বলীউডতো এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ২০১৩ চনত 'কাই পো চে' নামৰ চিনেমাখনৰ জৰিয়তে সুশান্তৰ বলীউডত অভিষেক ঘটে। প্ৰথমখন চিনেমাতেই সুশান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত তেওঁ কেইবাখনো হিট চিনেমা দৰ্শকসকলক উপহাৰ দিয়ে। সুশান্তে যেতিয়া টিভি উদ্যোগক বিদায় দিছিল তেতিয়া তেওঁক এবাৰ এক সাক্ষাৎকাৰত সোধা হৈছিল ''আপুনি ছিৰিয়েলৰ মানুহ..বলীউডত যদি কাম নাপায় তেন্তে কি কৰিব?'' তেতিয়া সুশান্তই কৈছিল যে ''মই যদি বলীউডত একো কাম নাপাওঁ তেন্তে ফিল্ম ছিটীত এখন কেণ্টিন খুলিম। তাৰপাছত মই এটা কেমেৰা কিনিম। সেই কেমেৰাৰে মই মোৰ কেণ্টিনখনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম আৰু তাত মই নিজে ওলালোহেঁতেন। এতিয়া মই চিনেমাত কাম কৰি যিমান উৎসাহী, তেতিয়া সেই তথ্যচিত্ৰখন নিৰ্মাণ কৰিও মই সিমানেই উৎসাহী হ'লোহেঁতেন।'' এয়াই আছিল সুশান্ত সিং ৰাজপুত। যি জীৱনটোক সহজ-সৰলভাৱে লৈ সহজকৈয়ে দিনবোৰ কটাইছিল। কেৱল অভিনয়ৰ বাবেই নহয় অমায়িক ব্যৱহাৰ, সৰল আচৰণ, সুন্দৰ চেহেৰা, সদাহাস্যমুখ, মানুহৰ প্ৰতি থকা মৰম, নিজৰ জ্ঞান-বুদ্ধিৰ বাবে সুশান্তই মানুহৰ হৃদয়ত বিশেষভাৱে স্থান ল'বলৈ সক্ষম হৈছিল। ২০২০ চনৰ ১৪ জুন তাৰিখটো আছিল এক অভিশপ্ত দিন। সেইদিনাই সুশান্ত সিং ৰাজপুতে এই পৃথিৱীক চিৰবিদায় জনায়। তেওঁৰ মৃত্যুৰ ৰহস্য আজিও খোল নাখালে। হত্যা আছিল নে আত্মহত্যা আছিল তাৰ কোনো সঠিক উত্তৰ পোৱা নগ'ল। সুশান্তৰ মৃত্যুৰ পাছত মানুহে বহুদিনলৈকে সেই দুখৰ পৰা নিজক বাহিৰ কৰিব পৰা নাছিল। সুশান্ত সিং ৰাজপুত য'তেই আছে কুশলে থাকক...সেয়াই কামনা তেওঁক ভালপোৱা প্ৰতিজন মানুহৰ। আৰু পঢ়কঃ আমিৰে ২৫ হাজাৰ টকাৰ শাৰী উপহাৰ দিছিল কৰীণাক! আঁৰত আছিল মহৎ উদ্দেশ্য    

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ