--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীচৰ ৬৪তমথেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ   মাৰ্কেটিং বিভাগ: আগৰা ফিল্ম মাৰ্কেটলৈ  পাৰ্থজিৎ বৰুৱাই  পৰিচালনা কৰা "নেলীৰ কথা"ই আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে। এই আনুষ্ঠানিক নিমন্ত্ৰণৰ বাবে কোনো ধৰণৰ "প্ৰবেশ মাচুল"  দিব লগীয়া নহয়। আগৰা ফিল্ম মাৰ্কেটৰ বিষয়ববীয়া সকলে পাৰ্থজিৎ বৰুৱাক জানিবলৈ দিয়া মতে "নেলীৰ কথা" চিনেমাখন বিশ্বৰ বিভিন্ন  চলচ্চিত্ৰ মহোৎসৱৰ ফিল্ম    প্ৰগ্ৰেমাৰ, যেনে  কানঁ  চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চি ডু চিনেমাৰ প্ৰগ্ৰেমাৰ সকলক আদি কৰি চিনেমা বিশেষজ্ঞসকলক দেখুওৱা হ'ব। 

 বৰুৱাই নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে "নেলীৰ কথা" চিনেমাখন নিৰ্মাণ কৰিছে। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক  আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই।  নেলীৰ আকাশে বতাহে যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ।

চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই।   বিশ্ববিদ্যালয়ৰ এগৰাকী গবেষক  ছাত্ৰ ৰাজীৱ পাটৰ ( অৰ্ঘদ্বীপ বৰুৱা) নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁ সমূহলৈ যায়। তালৈ গৈ তেওঁ বহু নজনা কথা জানিব পাৰে।



" নেলী কথা"  চিনেমাখনৰ  পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ।  চানলিষ্ট ষ্টুডিঅ'ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ লেখক হিচাপে কাম কৰিছে প্ৰাঞ্জল কুমাৰ মহন্তই।   নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক ।  সুমন দুৱৰাই চিনেমাখনৰ  ফটোগ্ৰাফী কৰিছে। সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংটিৰ। 

১০০ মিনিট দৈৰ্ঘ্যৰ "নেলীৰ কথা" শীৰ্ষক এই ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা,স্বাগতা ভৰালী, ৰন্তী ৰাভা,  ধনঞ্জয় দেৱনাথ,  মহেন্দ্ৰ দাস,  সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড° আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা,  সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, সুস্মিতা শইকীয়া , ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া,  লক্ষ্য জ্যোতি শইকীয়া, ৰূপম  শইকীয়াই l

 "নেলীৰ কথা" চিনেমাখনে সমগ্ৰ অসমতে ডিচেম্বৰ মাহত চিত্ৰগৃহত মুক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক