--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীচৰ ৬৪তমথেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ   মাৰ্কেটিং বিভাগ: আগৰা ফিল্ম মাৰ্কেটলৈ  পাৰ্থজিৎ বৰুৱাই  পৰিচালনা কৰা "নেলীৰ কথা"ই আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে। এই আনুষ্ঠানিক নিমন্ত্ৰণৰ বাবে কোনো ধৰণৰ "প্ৰবেশ মাচুল"  দিব লগীয়া নহয়। আগৰা ফিল্ম মাৰ্কেটৰ বিষয়ববীয়া সকলে পাৰ্থজিৎ বৰুৱাক জানিবলৈ দিয়া মতে "নেলীৰ কথা" চিনেমাখন বিশ্বৰ বিভিন্ন  চলচ্চিত্ৰ মহোৎসৱৰ ফিল্ম    প্ৰগ্ৰেমাৰ, যেনে  কানঁ  চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চি ডু চিনেমাৰ প্ৰগ্ৰেমাৰ সকলক আদি কৰি চিনেমা বিশেষজ্ঞসকলক দেখুওৱা হ'ব। 

 বৰুৱাই নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে "নেলীৰ কথা" চিনেমাখন নিৰ্মাণ কৰিছে। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক  আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই।  নেলীৰ আকাশে বতাহে যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ।

চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই।   বিশ্ববিদ্যালয়ৰ এগৰাকী গবেষক  ছাত্ৰ ৰাজীৱ পাটৰ ( অৰ্ঘদ্বীপ বৰুৱা) নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁ সমূহলৈ যায়। তালৈ গৈ তেওঁ বহু নজনা কথা জানিব পাৰে।



" নেলী কথা"  চিনেমাখনৰ  পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ।  চানলিষ্ট ষ্টুডিঅ'ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ লেখক হিচাপে কাম কৰিছে প্ৰাঞ্জল কুমাৰ মহন্তই।   নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক ।  সুমন দুৱৰাই চিনেমাখনৰ  ফটোগ্ৰাফী কৰিছে। সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংটিৰ। 

১০০ মিনিট দৈৰ্ঘ্যৰ "নেলীৰ কথা" শীৰ্ষক এই ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা,স্বাগতা ভৰালী, ৰন্তী ৰাভা,  ধনঞ্জয় দেৱনাথ,  মহেন্দ্ৰ দাস,  সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড° আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা,  সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, সুস্মিতা শইকীয়া , ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া,  লক্ষ্য জ্যোতি শইকীয়া, ৰূপম  শইকীয়াই l

 "নেলীৰ কথা" চিনেমাখনে সমগ্ৰ অসমতে ডিচেম্বৰ মাহত চিত্ৰগৃহত মুক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু