--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। কিছুমান মৃত্যুৰ খবৰ বৰ কৰুণ। এগৰাকী যুৱ ক্ৰিকেটাৰৰ অকাল মৃত্যুৰ খবৰে দুখ দি গ’ল সকলোকে।

মধ্যপ্ৰদেশৰ গুনা জিলাৰ বামোৰীত হঠাৎ মৃত্যু হয় এজন যুৱ ক্ৰিকেটাৰৰ। ক্ৰিকেট প্ৰতিযোগিতা এখনত খেলপথাৰৰ বাহিৰত বহি বেটিং কৰিবলৈ অপেক্ষা কৰি থকা খেলুৱৈগৰাকীয়ে হঠাৎ বুকুত তীব্ৰ বিষ অনুভৱ কৰিলে। তেওঁৰ বন্ধুসকলে তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ গ’ল, কিন্তু তেতিয়ালৈকে যুৱকজনৰ মৃত্যু হ’ল। যুৱকজনৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কয় চিকিৎসকসকলে। 

ক্ৰিকেটাৰগৰাকীৰ নাম দীপক খাণ্ডেকাৰ। বয়স হৈছিল মাত্ৰ ৩০ বছৰ। মাথোঁ দুমাহ পূৰ্বে বিয়া পাতিছিল দীপকে। 

শাৰীৰিকভাৱে সুস্থ দীপক আছিল এজন ভাল ক্ৰিকেটাৰ। দীপকৰ বন্ধু-বান্ধৱীয়ে কয় যে তেওঁ সম্পূৰ্ণ ফিট হৈ আছিল। ক্ৰিকেট খেলপথাৰত তেওঁ সদায় দক্ষতা প্ৰদৰ্শন কৰিছিল। ক্ৰিকেট তেওঁৰ জীৱনৰ অংশ আছিল। সুস্থ-সবল দীপকৰ অনাকাংক্ষিত মৃত্যুকলৈ ভাগি পৰিছে পৰিয়ালৰ লগতে বন্ধুবৰ্গ।

বৰ্তমান সমগ্ৰ দেশতে হাৰ্ট এটেকৰ ফলত হোৱা হাজাৰ হাজাৰ ৰহস্যজনক মৃত্যুৰ লগত দীপক খাণ্ডেকাৰৰ মৃত্যুৰ কাহিনীও সংযোজন হল। বুকুৰ বিষত হঠাতে ছটফটাই থকা দীপকক বন্ধুসকলে প্ৰথমে চৰকাৰী চিকিৎসালয়লৈ লৈ যায় আৰু তাৰ পিছত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দীপকক মৃত বুলি ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু