--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। কিছুমান মৃত্যুৰ খবৰ বৰ কৰুণ। এগৰাকী যুৱ ক্ৰিকেটাৰৰ অকাল মৃত্যুৰ খবৰে দুখ দি গ’ল সকলোকে।

মধ্যপ্ৰদেশৰ গুনা জিলাৰ বামোৰীত হঠাৎ মৃত্যু হয় এজন যুৱ ক্ৰিকেটাৰৰ। ক্ৰিকেট প্ৰতিযোগিতা এখনত খেলপথাৰৰ বাহিৰত বহি বেটিং কৰিবলৈ অপেক্ষা কৰি থকা খেলুৱৈগৰাকীয়ে হঠাৎ বুকুত তীব্ৰ বিষ অনুভৱ কৰিলে। তেওঁৰ বন্ধুসকলে তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ গ’ল, কিন্তু তেতিয়ালৈকে যুৱকজনৰ মৃত্যু হ’ল। যুৱকজনৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কয় চিকিৎসকসকলে। 

ক্ৰিকেটাৰগৰাকীৰ নাম দীপক খাণ্ডেকাৰ। বয়স হৈছিল মাত্ৰ ৩০ বছৰ। মাথোঁ দুমাহ পূৰ্বে বিয়া পাতিছিল দীপকে। 

শাৰীৰিকভাৱে সুস্থ দীপক আছিল এজন ভাল ক্ৰিকেটাৰ। দীপকৰ বন্ধু-বান্ধৱীয়ে কয় যে তেওঁ সম্পূৰ্ণ ফিট হৈ আছিল। ক্ৰিকেট খেলপথাৰত তেওঁ সদায় দক্ষতা প্ৰদৰ্শন কৰিছিল। ক্ৰিকেট তেওঁৰ জীৱনৰ অংশ আছিল। সুস্থ-সবল দীপকৰ অনাকাংক্ষিত মৃত্যুকলৈ ভাগি পৰিছে পৰিয়ালৰ লগতে বন্ধুবৰ্গ।

বৰ্তমান সমগ্ৰ দেশতে হাৰ্ট এটেকৰ ফলত হোৱা হাজাৰ হাজাৰ ৰহস্যজনক মৃত্যুৰ লগত দীপক খাণ্ডেকাৰৰ মৃত্যুৰ কাহিনীও সংযোজন হল। বুকুৰ বিষত হঠাতে ছটফটাই থকা দীপকক বন্ধুসকলে প্ৰথমে চৰকাৰী চিকিৎসালয়লৈ লৈ যায় আৰু তাৰ পিছত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দীপকক মৃত বুলি ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী