--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট গজল গায়ক পংকজ উধাছ আৰু নাই৷  প্ৰবীণ গায়ক পংকজ উধাছৰ ৭২ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পৰিয়ালে এই কথা  নিশ্চিত কৰি কয়  যে ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ভাগত তেওঁৰ মৃত্যু হয়।পংকজ  উধাছ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৷ আজি দিনৰ  প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷  তেওঁৰ জীয়ৰী নায়াব উধাছে এটা বিবৃতি লিখিছে, " গায়ক পংকজ উধাছৰ দীঘলীয়া অসুস্থতাৰ পিছত ৭২ বছৰ বয়সত মৃত্যু হৈছে৷’’

পংকজ উধাছৰ সমগ্ৰ বিশ্বতে বহুতো অনুৰাগী আছে, এই অনুৰাগীসকলৰ তালিকাত প্ৰবীণ অভিনেতা ৰাজ কাপুৰো অন্তৰ্ভুক্ত আছিল। পংকজ উধাছৰ গান 'চিথ্থি আয়ে হে' ৰাজ কাপুৰৰ বৰ প্ৰিয় গজল  আছিল। পংকজ উধাছে এই গানটো সন্ধিয়া মেহবুব ষ্টুডিঅ'ত ৰেকৰ্ড কৰা হৈছিল। এদিন 'নাম' বোলছবিখনৰ প্ৰযোজক ৰাজেন্দ্ৰ কুমাৰে ৰাজ কাপুৰক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু এই গানটো বজাই শুনাইছিল। গজলটো শুনি ৰাজ কাপুৰৰ চকু পানীৰে ভৰি পৰিছিল৷  তেওঁ কৈছিল  এই গানটো খুব  হিট হ'ব আৰু ৰাজ কাপুৰৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল।

 পংকজে তেওঁৰ অনুষ্ঠান, এলবাম, চলচ্চিত্ৰ গীতৰ দ্বাৰা আশীৰ দশকক আকৰ্ষণীয় কৰি ৰাখিছিল। 'চান্দি জিয়াচা ৰং', 'না কজৰে কি ধৰ', 'দেৱাৰন চে মিল কাৰ ৰোনা', 'আহিস্তা', 'থোডা থোডা প্যাৰ কৰো', 'নিক্লো না বেনকাব'– পংকজ উধাছে গোৱা সকলো গজল এতিয়াও শ্ৰোতাসকলৰ মনত আছে। তেওঁৰ  'নাছা', 'পয়মানা', 'হাছৰত', 'হামচফৰ'ৰ দৰে কেইবাটাও বিখ্যাত এলবাম আছে।

পংকজ উধাছৰ জন্ম ১৯৫১ চনৰ ১৭ মে তাৰিখে গুজৰাটৰ জেটপুৰত হৈছিল। কেশুভাই উধাছ আৰু জিতুবেন উধাছৰ তিনিটা সন্তানৰ ভিতৰত সৰু আছিল পংকজ ।সংগীতৰ প্ৰতি  সন্তানৰ উৎসাহ দেখি কেশুভাইয়ে তেওঁক ৰাজকোটৰ সংগীত একাডেমীত নামভৰ্তি কৰাই দিছিল। প্ৰথমতে পংকজে  তবলাৰ প্ৰশিক্ষণ লৈছিল ।  পিছত গোলাম কাদিৰ খানৰ পৰা শাস্ত্ৰীয় সংগীতৰ পাঠ লোৱা আৰম্ভ কৰিছিল। পিছত পংকজে গোৱালিয়ৰ ঘৰানাৰ জনপ্ৰিয় শিল্পী নব্ৰং নাগপুৰকাৰৰ পৰা শিক্ষা ল'বলৈ মুম্বাইলৈ গৈছিল। তেওঁ হম তুম ঔৰ ৱো চলচ্চিত্ৰৰ যোগেদি গানৰ আৰম্ভণি কৰিছিল। অৱশ্যে, ১৯৮৬ চনত 'নাম' চলচ্চিত্ৰখনত তেওঁৰ 'চিথ্থি আয়ে হে' গানটো জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হয়। তাৰ পিছত, তেওঁ ১৯৯১ চনত 'ছাজন' ছবিৰ অতি জনপ্ৰিয়  'জিয়ে তো জিয়ে' গানটো গাইছিল।


পংকজ উধাছক গোটেই জীৱন দেশ আৰু বিদেশত বহুতো বঁটাৰে সন্মানিত কৰা হৈছে। ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। দেশৰ সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলে শিল্পীজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্সত পংকজ উধাছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।  চনু নিগমেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ সূত্ৰ অনুসৰি প্ৰয়াত শিল্পীজনৰ অন্তিম সংস্কাৰ মঙলবাৰে সম্পন্ন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী