--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট গজল গায়ক পংকজ উধাছ আৰু নাই৷  প্ৰবীণ গায়ক পংকজ উধাছৰ ৭২ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পৰিয়ালে এই কথা  নিশ্চিত কৰি কয়  যে ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ভাগত তেওঁৰ মৃত্যু হয়।পংকজ  উধাছ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৷ আজি দিনৰ  প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷  তেওঁৰ জীয়ৰী নায়াব উধাছে এটা বিবৃতি লিখিছে, " গায়ক পংকজ উধাছৰ দীঘলীয়া অসুস্থতাৰ পিছত ৭২ বছৰ বয়সত মৃত্যু হৈছে৷’’

পংকজ উধাছৰ সমগ্ৰ বিশ্বতে বহুতো অনুৰাগী আছে, এই অনুৰাগীসকলৰ তালিকাত প্ৰবীণ অভিনেতা ৰাজ কাপুৰো অন্তৰ্ভুক্ত আছিল। পংকজ উধাছৰ গান 'চিথ্থি আয়ে হে' ৰাজ কাপুৰৰ বৰ প্ৰিয় গজল  আছিল। পংকজ উধাছে এই গানটো সন্ধিয়া মেহবুব ষ্টুডিঅ'ত ৰেকৰ্ড কৰা হৈছিল। এদিন 'নাম' বোলছবিখনৰ প্ৰযোজক ৰাজেন্দ্ৰ কুমাৰে ৰাজ কাপুৰক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু এই গানটো বজাই শুনাইছিল। গজলটো শুনি ৰাজ কাপুৰৰ চকু পানীৰে ভৰি পৰিছিল৷  তেওঁ কৈছিল  এই গানটো খুব  হিট হ'ব আৰু ৰাজ কাপুৰৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল।

 পংকজে তেওঁৰ অনুষ্ঠান, এলবাম, চলচ্চিত্ৰ গীতৰ দ্বাৰা আশীৰ দশকক আকৰ্ষণীয় কৰি ৰাখিছিল। 'চান্দি জিয়াচা ৰং', 'না কজৰে কি ধৰ', 'দেৱাৰন চে মিল কাৰ ৰোনা', 'আহিস্তা', 'থোডা থোডা প্যাৰ কৰো', 'নিক্লো না বেনকাব'– পংকজ উধাছে গোৱা সকলো গজল এতিয়াও শ্ৰোতাসকলৰ মনত আছে। তেওঁৰ  'নাছা', 'পয়মানা', 'হাছৰত', 'হামচফৰ'ৰ দৰে কেইবাটাও বিখ্যাত এলবাম আছে।

পংকজ উধাছৰ জন্ম ১৯৫১ চনৰ ১৭ মে তাৰিখে গুজৰাটৰ জেটপুৰত হৈছিল। কেশুভাই উধাছ আৰু জিতুবেন উধাছৰ তিনিটা সন্তানৰ ভিতৰত সৰু আছিল পংকজ ।সংগীতৰ প্ৰতি  সন্তানৰ উৎসাহ দেখি কেশুভাইয়ে তেওঁক ৰাজকোটৰ সংগীত একাডেমীত নামভৰ্তি কৰাই দিছিল। প্ৰথমতে পংকজে  তবলাৰ প্ৰশিক্ষণ লৈছিল ।  পিছত গোলাম কাদিৰ খানৰ পৰা শাস্ত্ৰীয় সংগীতৰ পাঠ লোৱা আৰম্ভ কৰিছিল। পিছত পংকজে গোৱালিয়ৰ ঘৰানাৰ জনপ্ৰিয় শিল্পী নব্ৰং নাগপুৰকাৰৰ পৰা শিক্ষা ল'বলৈ মুম্বাইলৈ গৈছিল। তেওঁ হম তুম ঔৰ ৱো চলচ্চিত্ৰৰ যোগেদি গানৰ আৰম্ভণি কৰিছিল। অৱশ্যে, ১৯৮৬ চনত 'নাম' চলচ্চিত্ৰখনত তেওঁৰ 'চিথ্থি আয়ে হে' গানটো জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হয়। তাৰ পিছত, তেওঁ ১৯৯১ চনত 'ছাজন' ছবিৰ অতি জনপ্ৰিয়  'জিয়ে তো জিয়ে' গানটো গাইছিল।


পংকজ উধাছক গোটেই জীৱন দেশ আৰু বিদেশত বহুতো বঁটাৰে সন্মানিত কৰা হৈছে। ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। দেশৰ সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলে শিল্পীজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্সত পংকজ উধাছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।  চনু নিগমেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ সূত্ৰ অনুসৰি প্ৰয়াত শিল্পীজনৰ অন্তিম সংস্কাৰ মঙলবাৰে সম্পন্ন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু