--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইখনৰ পাছত সিখন টেষ্টত লোকেশ ৰাহুলৰ বেটৰ পৰা ৰান অহা নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া দুখন টেষ্টত তেওঁৰ বেটৰ পৰা মাত্ৰ ৩৮ ৰানহে লাভ কৰে। কিন্তু ক্ৰিকেটানুৰাগী দৰ্শক আৰু প্ৰাক্তন ক্ৰিকেটাৰসকলৰ সমালোচনাৰ মাজতো ৰাহুল এতিয়াও দলত আছে। দিল্লী টেষ্টৰ অন্তত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টৰ বাবেও দল ঘোষণা কৰিছে। সেই দলটোতে ৰাহুল আছে।

একেৰাহে ব্যৰ্থ হোৱাৰ পিছতো কিয় দলত আছে ৰাহুল? ইয়াৰ আঁৰৰ কাৰণবোৰ কি কি? ৰাহুলৰ বিষয়ে ভাৰতীয় দলটোৱে কিধৰণে ভাবে সেয়া স্পষ্ট কৰি দিছে অধিনায়ক ৰোহিত শৰ্মাই।

মেচৰ পাছত সংবাদমেলত এই বিষয়ে সোধাত তেওঁ কয় যে ৰাহুলৰ বেটিংক লৈ বহু কথাই চৰ্চা হৈছে। যদি কোনো ক্ৰিকেটাৰৰ প্ৰতিভা থাকে তেন্তে দলটোৱে তেওঁক দীৰ্ঘদিনলৈ সুযোগ দিয়া হয়।

লগতে ৰোহিতৰ ভাষাত স্পষ্ট হৈ পৰিল যে ৰাহুলক আগন্তুক দুখন টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ কয়, "ৰাহুলৰ বিষয়ে যিয়েই আলোচনা হ'ব, মোৰ ফালৰ পৰা সকলো স্পষ্ট। আমি বিচাৰো তেওঁ খেলপথাৰত নিজৰ মতে খেলক। আমি বছৰ বছৰ ধৰি সেইটো দেখি আহিছো।''

ৰাহুলৰ শেষৰটো টেষ্ট শতক আছিল ২০২১ চনৰ ২৬ ডিচেম্বৰত, দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। সেই বছৰ লৰ্ডছতো তেওঁ শতক অৰ্জন কৰিছিল। কিন্তু তাৰ পিছত বহুদিনলৈ ৰাহুলৰ বেটলৈ ৰান অহা নাই। শুবমান গিল, মায়ংক আগৰৱালাৰ দৰে অ’পেনাৰ ছন্দত থকাৰ পিছতো তেওঁলোকে সুযোগ পোৱা নাই। কিন্তু ৰাহুলে ইখনৰ পিছত সিখন মেচ খেলি আছে। ভাৰতীয় মেনেজমেণ্টৰ এইসমূহ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু তাৰ পিছতো ৰাহুলৰ কাষত দলটো থিয় দিছে ৰোহিত শৰ্মা।

সংবাদমেলত ভাৰতীয় অধিনায়কগৰাকীয়ে কয়- ''লৰ্ডছৰ সেই ভিজা উইকেটত ৰাহুলে কৰা শতকটো মই কেতিয়াও পাহৰিব নোৱাৰো। চেঞ্চুৰিয়ানতো তেওঁ এক আচৰিত শতক অৰ্জন কৰিছিল। আৰু সেই সকলোবোৰ মেচতে আমি জয়ী হৈছিলো। ইয়াৰ পৰাই বুজা যায় যে তেওঁৰ কিমান প্ৰতিভা আছে। গতিকে আমি ৰাহুলৰ লগত আছো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক