--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইখনৰ পাছত সিখন টেষ্টত লোকেশ ৰাহুলৰ বেটৰ পৰা ৰান অহা নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া দুখন টেষ্টত তেওঁৰ বেটৰ পৰা মাত্ৰ ৩৮ ৰানহে লাভ কৰে। কিন্তু ক্ৰিকেটানুৰাগী দৰ্শক আৰু প্ৰাক্তন ক্ৰিকেটাৰসকলৰ সমালোচনাৰ মাজতো ৰাহুল এতিয়াও দলত আছে। দিল্লী টেষ্টৰ অন্তত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টৰ বাবেও দল ঘোষণা কৰিছে। সেই দলটোতে ৰাহুল আছে।

একেৰাহে ব্যৰ্থ হোৱাৰ পিছতো কিয় দলত আছে ৰাহুল? ইয়াৰ আঁৰৰ কাৰণবোৰ কি কি? ৰাহুলৰ বিষয়ে ভাৰতীয় দলটোৱে কিধৰণে ভাবে সেয়া স্পষ্ট কৰি দিছে অধিনায়ক ৰোহিত শৰ্মাই।

মেচৰ পাছত সংবাদমেলত এই বিষয়ে সোধাত তেওঁ কয় যে ৰাহুলৰ বেটিংক লৈ বহু কথাই চৰ্চা হৈছে। যদি কোনো ক্ৰিকেটাৰৰ প্ৰতিভা থাকে তেন্তে দলটোৱে তেওঁক দীৰ্ঘদিনলৈ সুযোগ দিয়া হয়।

লগতে ৰোহিতৰ ভাষাত স্পষ্ট হৈ পৰিল যে ৰাহুলক আগন্তুক দুখন টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ কয়, "ৰাহুলৰ বিষয়ে যিয়েই আলোচনা হ'ব, মোৰ ফালৰ পৰা সকলো স্পষ্ট। আমি বিচাৰো তেওঁ খেলপথাৰত নিজৰ মতে খেলক। আমি বছৰ বছৰ ধৰি সেইটো দেখি আহিছো।''

ৰাহুলৰ শেষৰটো টেষ্ট শতক আছিল ২০২১ চনৰ ২৬ ডিচেম্বৰত, দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। সেই বছৰ লৰ্ডছতো তেওঁ শতক অৰ্জন কৰিছিল। কিন্তু তাৰ পিছত বহুদিনলৈ ৰাহুলৰ বেটলৈ ৰান অহা নাই। শুবমান গিল, মায়ংক আগৰৱালাৰ দৰে অ’পেনাৰ ছন্দত থকাৰ পিছতো তেওঁলোকে সুযোগ পোৱা নাই। কিন্তু ৰাহুলে ইখনৰ পিছত সিখন মেচ খেলি আছে। ভাৰতীয় মেনেজমেণ্টৰ এইসমূহ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু তাৰ পিছতো ৰাহুলৰ কাষত দলটো থিয় দিছে ৰোহিত শৰ্মা।

সংবাদমেলত ভাৰতীয় অধিনায়কগৰাকীয়ে কয়- ''লৰ্ডছৰ সেই ভিজা উইকেটত ৰাহুলে কৰা শতকটো মই কেতিয়াও পাহৰিব নোৱাৰো। চেঞ্চুৰিয়ানতো তেওঁ এক আচৰিত শতক অৰ্জন কৰিছিল। আৰু সেই সকলোবোৰ মেচতে আমি জয়ী হৈছিলো। ইয়াৰ পৰাই বুজা যায় যে তেওঁৰ কিমান প্ৰতিভা আছে। গতিকে আমি ৰাহুলৰ লগত আছো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু