--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে। এইক্ষেত্ৰত তেওঁ শচীন তেণ্ডুলকাৰ আৰু ৰিকি পন্টিংক অতিক্ৰম কৰিছে।

পৰিসংখ্যা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ শচীনক ৫৭৭ ইনিংছ লাগিছিল। সামগ্ৰিকভাৱে তেওঁ ৬৬৪ খন মেচত ৩৪, ২৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৮.৫২।

বিৰাটে ৫৪৯ টা ইনিংছতে সেই মাইলৰ খুঁটিত উপনীত হৈছে। অৰ্থাৎ, বিৰাটে শচীনতকৈ ২৮ টা ইনিংছ কম খেলি সেই অভিলেখ গঢ়িছে। আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম ২৫,০০০ ৰাণ কৰা তাৰকা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে কোহলী। তেওঁ গড় হৈছে ৫৩.৬৪। কোহলীৰ কেৰিয়াৰত মুঠ খেলৰ সংখ্যা হৈছে ৪৯২খন।

দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত বিৰাটে ৮৪ টা বলত ৪৪ ৰাণ কৰিছিল। কিন্তু তেওঁক যিধৰণে আউট দিয়া হৈছিল তাক লৈ বহুতে সুখী হ’ব নোৱাৰিলে। বহুতে সিদ্ধান্ত সমীক্ষা প্ৰণালীৰ (ডিআৰএছ) ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল।

অৱশ্যে, দ্বিতীয় ইনিংছত বিৰাট বেয়াকৈ আউট হয়। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজন টড মাৰ্ফিৰ বলত ক্ৰীজৰ পৰা ওলাই আহি বলটো ডিফেণ্ড কৰিবলৈ গৈছিল। বলটো ওলাই যায়। অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰজনে উইকেটৰ পিছফালে এটা সহজ ষ্টাম্পিং কৰে। দ্বিতীয় ইনিংছত বিৰাটে ২০ ৰাণ সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু