--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰ আজম খানে খেলৰ সময়ত বেটত পেলেষ্টাইনৰ পতাকা লগোৱাৰ বাবে শাস্তি লাভ কৰিছে। তেওঁৰ মেচ মাচুলৰ ৫০ শতাংশ কৰ্তন কৰা হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই শাস্তি প্ৰদান কৰিছে। ভবিষ্যতে যদি এনেধৰণৰ কোনো ঘটনা সংঘটিত কৰে তেন্তে অধিক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে আজমক সকীয়াই দিয়া হৈছে। আজমৰ আন এক পৰিচয় আছে। তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ম’ইন খানৰ পুত্ৰ।

দেওবাৰে কৰাচীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় টি-২০ কাপৰ কৰাচী হোৱাইটছ আৰু লাহোৰ ব্লুজৰ খেল। আজমে কৰাচীৰ হৈ খেলি আছিল। তাত আজমৰ বেটত ষ্টীকাৰ হিচাপে পেলেষ্টাইনৰ পতাকা আছিল। বিপক্ষ দলৰ ক্ৰিকেটাৰসকলে সেই বিষয়ে আম্পায়াৰসকলক অৱগত কৰে। লগে লগে আম্পায়াৰসকলে বেট সলনি কৰাৰ নিৰ্দেশ দিয়ে। পিছত মেচৰ ৰেফাৰীক সেই বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছতে আজমক জৰিমনা বিহা হয়।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই কয় যে আজমে পূৰ্বৰ দুখন খেলতো পেলেষ্টাইনৰ পতাকা লৈ খেলিছিল। সেই সময়ত তেওঁক আম্পায়াৰসকলে সকীয়াই দিছিল। ইয়াৰ পিছত দেওবাৰৰ মেচতো একেই কাম কৰিলে। সেয়ে তেওঁক শাস্তি দিয়া হ’ল। পিছত আম্পায়াৰ আৰু ব’ৰ্ডৰ নিৰ্দেশ পালন নকৰিলে আজমক অধিক কঠোৰ শাস্তি দিয়া হ’ব।

আই চি চিৰ নিয়ম অনুসৰি ক্ৰিকেটাৰসকলে কেতিয়াও কাপোৰ বা বেটত ৰাজনৈতিক বা ধৰ্মীয় বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰে। ক্ৰিকেটাৰে কোনো বৰ্ণবাদী মন্তব্য কৰিব নোৱাৰে। ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ সময়ত পেলেষ্টাইনৰ সমৰ্থনত মুখ মেলিলে পাকিস্তানৰ মহম্মদ ৰিজৱান, আব্দুল্লা ছফিকেৰাই। সেইটোও বিতৰ্ক হৈছিল। এইবাৰ আজমক শাস্তি দিয়া হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক