--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰ আজম খানে খেলৰ সময়ত বেটত পেলেষ্টাইনৰ পতাকা লগোৱাৰ বাবে শাস্তি লাভ কৰিছে। তেওঁৰ মেচ মাচুলৰ ৫০ শতাংশ কৰ্তন কৰা হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই শাস্তি প্ৰদান কৰিছে। ভবিষ্যতে যদি এনেধৰণৰ কোনো ঘটনা সংঘটিত কৰে তেন্তে অধিক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে আজমক সকীয়াই দিয়া হৈছে। আজমৰ আন এক পৰিচয় আছে। তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ম’ইন খানৰ পুত্ৰ।

দেওবাৰে কৰাচীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় টি-২০ কাপৰ কৰাচী হোৱাইটছ আৰু লাহোৰ ব্লুজৰ খেল। আজমে কৰাচীৰ হৈ খেলি আছিল। তাত আজমৰ বেটত ষ্টীকাৰ হিচাপে পেলেষ্টাইনৰ পতাকা আছিল। বিপক্ষ দলৰ ক্ৰিকেটাৰসকলে সেই বিষয়ে আম্পায়াৰসকলক অৱগত কৰে। লগে লগে আম্পায়াৰসকলে বেট সলনি কৰাৰ নিৰ্দেশ দিয়ে। পিছত মেচৰ ৰেফাৰীক সেই বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছতে আজমক জৰিমনা বিহা হয়।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই কয় যে আজমে পূৰ্বৰ দুখন খেলতো পেলেষ্টাইনৰ পতাকা লৈ খেলিছিল। সেই সময়ত তেওঁক আম্পায়াৰসকলে সকীয়াই দিছিল। ইয়াৰ পিছত দেওবাৰৰ মেচতো একেই কাম কৰিলে। সেয়ে তেওঁক শাস্তি দিয়া হ’ল। পিছত আম্পায়াৰ আৰু ব’ৰ্ডৰ নিৰ্দেশ পালন নকৰিলে আজমক অধিক কঠোৰ শাস্তি দিয়া হ’ব।

আই চি চিৰ নিয়ম অনুসৰি ক্ৰিকেটাৰসকলে কেতিয়াও কাপোৰ বা বেটত ৰাজনৈতিক বা ধৰ্মীয় বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰে। ক্ৰিকেটাৰে কোনো বৰ্ণবাদী মন্তব্য কৰিব নোৱাৰে। ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ সময়ত পেলেষ্টাইনৰ সমৰ্থনত মুখ মেলিলে পাকিস্তানৰ মহম্মদ ৰিজৱান, আব্দুল্লা ছফিকেৰাই। সেইটোও বিতৰ্ক হৈছিল। এইবাৰ আজমক শাস্তি দিয়া হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক