--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ মিনি নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিসমূহে ক্ৰিকেটাৰক ৰিলিজ দিয়াৰ তালিকা ঘোষণা কৰে। মুঠ ৯০ গৰাকী ক্ৰিকেটাৰক মুকলি কৰি দিয়া হয়। তাত তাৰকা ক্ৰিকেটাৰো আছে।

বেন ষ্ট’কছঃ যোৱা বছৰ চেন্নাই ছুপাৰ কিংছে বেন ষ্ট’কছক ১৬ কোটি টকাত ক্ৰয় কৰিছিল। কিন্তু এই বছৰ ষ্ট’কছে খেলিব নোৱাৰিব। ইতিমধ্যেই তেওঁ দলটোৰ পৰা আঁতৰিছে। যোৱাবাৰ তেওঁ মাত্ৰ দুখন মেচহে খেলিছিল। বেটৰ সৈতে মাত্ৰ ১৮ ৰানহে কৰে। এটা অভাৰত ১৮ ৰান খৰচ কৰিছিল। আঘাতৰ বাবে তেওঁ খেলা নহ’ল।

হেৰী ব্ৰুকঃ টেষ্ট আৰু সীমিত অভাৰ ক্ৰিকেটত তেওঁৰ ফৰ্ম দেখি ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৩.২৫ কোটি টকাত ক্ৰয় কৰিছিল। এটা ছিজনতে তেওঁলোকৰ মোহভংগ হৈছে। ইডেনত এটা শতকৰ বাহিৰে বাকী ছিজনৰ বাবে ব্ৰুকে একোৱেই কৰা নাছিল। তেওঁ বাৰে বাৰে  ব্যৰ্থ হৈছিল। এইবাৰ তেওঁক মুকলি কৰি দিয়া হ’ল।

ৱানন্দু হাছৰাঙাঃ ২০২২ চনৰ মেগা নিলামত হাছৰঙক আৰচিবিয়ে ১০.৭৫ কোটি টকাত তুলি লৈছিল। তেওঁ ২৬টা উইকেটেৰে আত্মবিশ্বাসৰ মূল্য পৰিশোধ কৰিলে। কিন্তু যোৱা বছৰ তেওঁ ৮খন মেচত মাত্ৰ ৯টা উইকেটহে দখল কৰিছিল। সেয়ে আৰ চি বিয়ে তেওঁক মুকলি কৰি দিয়ে।

হৰ্শাল পেটেলঃ ২০২১ চনৰ আই পি এলত ৩২টা উইকেট দখল কৰি আচৰিত কৰি তুলিছিল এইগৰাকী বেনামী বলাৰে। তাৰ পাছৰ বছৰ মেগা নিলামত তেওঁক ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছিল আৰ চি বিয়ে। ২০২২ চনত ১৯টা আৰু ২০২৩ চনত ১৪টা উইকেট দখল কৰিছিল। হৰ্ষলৰ সলনি আৰ চি বিয়ে এইবাৰ আন এজন বলাৰক ল’ব বিচাৰিছে।

জোফ্ৰা আৰ্চাৰঃ ২০২২ চনৰ মেগা নিলামত তেওঁক মুম্বাই ইণ্ডিয়ানছে ৮ কোটি টকাত ক্ৰয় কৰিছিল। সেই বছৰ জোফ্ৰা খেলিব নোৱাৰিব বুলি জানিও লোৱা হৈছিল। এইবাৰৰ আই পি এলত আৰ্চাৰে খেলিলেও তেওঁ কোনো উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে। ৫ খন মেচত মাত্ৰ ৪ ৰানহে কৰে। ২০ অভাৰ বলিং কৰি ১৯০ ৰানত ২ উইকেট দখল কৰে। ধনৰ অভাৱত মুম্বাইয়ে আৰ্চাৰক ৰাখিবলৈ সন্মত নহ’ল।

ছাকিব আল হাছান: প্ৰথমবাৰৰ বাবে যোৱা বছৰৰ মিনি নিলামত বিক্ৰী নোহোৱাকৈ থাকিলেও পিছত কলিকতাই তেওঁক ডেৰ কোটি টকাত কিনিলে। কিন্তু ছাকিবে আই পি এল খেলিবলৈ সন্মত নহ’ল। তাৰ পিছত জেছন ৰয়ক কেকেআৰে কিনিলে। এইবাৰ চাকিবক মুকলি কৰি দিয়া হৈছে।

ছাকিব আল হাছান: প্ৰথমবাৰৰ বাবে যোৱা বছৰৰ মিনি নিলামত বিক্ৰী নোহোৱা। ইয়াৰ পিছত কলিকতাই তেওঁক ১৫ লাখ টকাত কিনিলে। কিন্তু ছাকিবে আই পি এল খেলিবলৈ সন্মত নহ’ল। প্ৰথমতে দেৰিকৈ অহাটো ঠিকেই আছিল। পিছত কোৱা হৈছে, খেলিব নালাগে। তাৰ পিছত জেছন ৰয়ক কেকেআৰে কিনিলে। এইবাৰ চাকিবক মুকলি কৰি দিয়া হৈছে।

জ’ ৰুটঃ ইংলেণ্ডৰ তাৰকা বেটাৰজনক ১ কোটি টকাত ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে। কিন্তু উৎকৃষ্ট প্ৰদৰ্শন নকৰাৰ বাবে এইবাৰ মুকলি কৰি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক