--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশতে মৌচুমী সক্ৰিয় হৈ পৰিছে। ফলত দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ইয়াৰ প্ৰভাৱ উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাতো পৰিছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ  সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ ৰাজ্য খনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এনে পৰিস্থিতিত চাৰধাম যাত্ৰা সাময়িকভাৱে বন্ধ থাকিব বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। বিপদৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক য’তেই আছে তাতেই  আশ্ৰয় ল’বলৈ কোৱা হৈছে। মন কৰিব যে প্ৰাকৃতিক  দুৰ্যোগৰ বাবেই জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰাও বন্ধ কৰি ৰখা হৈছে। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডত অহা ৮ জুলাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে। ইতিমধ্যে কুমাওঁ, পৌৰী, চামোলি আৰু ৰুদ্ৰপ্ৰয়াগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ডেৰাডুন, হৰিদ্বাৰ, তেহৰী আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ ফলত  ভূমিস্খলনৰ আশংকাও কৰা হৈছে। নদীবোৰো বাঢ়িবলৈ আৰম্ভ কৰিছে। মুঠতে এক বিপজ্জনক পৰিস্থিতিৰ বাবে সাজু হৈছে ৰাজ্য খন।  ১০ মে’ৰ পৰা আৰম্ভ হৈছিল চাৰধাম যাত্ৰা। নৱেম্বৰ মাহলৈকে এই যাত্ৰা চলি থাকিব। কিন্তু প্ৰতিকূল বতৰৰ বাবে চাৰধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে। ইফালে বতৰৰ বাবে শনিবাৰে বাতিল কৰা হয় অমৰনাথ যাত্ৰা। কাশ্মীৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। কোনো কোনো ঠাইত পথ পানীয়ে খহাই নিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে জম্মুৰ পৰা ৫৬০০ তীৰ্থযাত্ৰী বালতাল আৰু পাহেলগাঁও বেছকেম্পলৈ ৰাওনা হয়। অৱশ্যে দুৰ্যোগ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক মাজ বাটত ৰখাই দিয়া হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জনাইছে যে বতৰ উন্নত নোহোৱালৈকে অমৰনাথ যাত্ৰাৰ অনুমতি দিয়া নহ’ব। মন কৰিবলগীয়া যে ২৯ জুনৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। ১৯ আগষ্টলৈকে চলি থাকিব এই যাত্ৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন