--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশতে মৌচুমী সক্ৰিয় হৈ পৰিছে। ফলত দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ইয়াৰ প্ৰভাৱ উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাতো পৰিছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ  সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ ৰাজ্য খনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এনে পৰিস্থিতিত চাৰধাম যাত্ৰা সাময়িকভাৱে বন্ধ থাকিব বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। বিপদৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক য’তেই আছে তাতেই  আশ্ৰয় ল’বলৈ কোৱা হৈছে। মন কৰিব যে প্ৰাকৃতিক  দুৰ্যোগৰ বাবেই জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰাও বন্ধ কৰি ৰখা হৈছে। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডত অহা ৮ জুলাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে। ইতিমধ্যে কুমাওঁ, পৌৰী, চামোলি আৰু ৰুদ্ৰপ্ৰয়াগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ডেৰাডুন, হৰিদ্বাৰ, তেহৰী আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ ফলত  ভূমিস্খলনৰ আশংকাও কৰা হৈছে। নদীবোৰো বাঢ়িবলৈ আৰম্ভ কৰিছে। মুঠতে এক বিপজ্জনক পৰিস্থিতিৰ বাবে সাজু হৈছে ৰাজ্য খন।  ১০ মে’ৰ পৰা আৰম্ভ হৈছিল চাৰধাম যাত্ৰা। নৱেম্বৰ মাহলৈকে এই যাত্ৰা চলি থাকিব। কিন্তু প্ৰতিকূল বতৰৰ বাবে চাৰধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে। ইফালে বতৰৰ বাবে শনিবাৰে বাতিল কৰা হয় অমৰনাথ যাত্ৰা। কাশ্মীৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। কোনো কোনো ঠাইত পথ পানীয়ে খহাই নিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে জম্মুৰ পৰা ৫৬০০ তীৰ্থযাত্ৰী বালতাল আৰু পাহেলগাঁও বেছকেম্পলৈ ৰাওনা হয়। অৱশ্যে দুৰ্যোগ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক মাজ বাটত ৰখাই দিয়া হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জনাইছে যে বতৰ উন্নত নোহোৱালৈকে অমৰনাথ যাত্ৰাৰ অনুমতি দিয়া নহ’ব। মন কৰিবলগীয়া যে ২৯ জুনৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। ১৯ আগষ্টলৈকে চলি থাকিব এই যাত্ৰা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত লাভলীনা, অংকুশিতা আৰু গীতিমণি
মাৰ্ঘেৰিটাত কিশোৰীক হাত-ভৰি বান্ধি নিজ গৃহতে কেইবাদিনো বলাৎকাৰ খ্ৰীষ্টান ধৰ্মগুৰুৰ
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি, উদ্বিগ্ন ৰাজ্য চৰকাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক