--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

দেশত এতিয়া স্বাধীনতা দিৱসৰ পাৰভঙা উচাহ৷ বিভিন্ন প্ৰান্তত গৌৰৱৰে উজ্জ্বলি আছে ত্ৰিৰংগা। ইয়াৰ মাজতে বিতৰ্কৰ সৃষ্টি কৰিছে জম্মু -কাশ্মীৰৰ শেষ গৰাকী মুখমন্ত্ৰী মেহবুবা মুফটিৰ মন্তব্যই৷

উল্লেখযোগ্য যে, মেহবুবা মুফটি পিপলছ্ ডেমক্ৰেটিক পাৰ্টিৰ মুখ্য নেতা। আৰু স্বাধীনতা দিৱসৰ দিনাই ভাৰতীয় জনতা পাৰ্টিক আক্ৰমণৰ লক্ষ্য কৰি ল’লে নেত্ৰী গৰাকীয়ে৷

আজি মেহবুবা মুফটিয়ে টুইট কৰে এখন বিশেষ ফটো৷ এই ফটোখন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ত্ৰিৰংগা আৰু জম্মু-কাশ্মীৰৰ পতাকাৰ মাজত থিয় হৈ থকা দেখা গৈছে৷ 

এই বিশেষ ফটোখনৰ তলত মেহবুবা মুফটিয়ে মন্তব্য কৰি লিখিখে, বিজেপিৰ বিভাজনকাৰী নীতি সফল কৰিবলৈ যেনেকৈ জম্মু-কাশ্মীৰৰ আজাদ পতাকাখন নিচিহ্ন কৰা হ’ল, ঠিক তেনেকৈ ভাৰতবৰ্ষৰ  পতাকাৰ প্ৰত্যেকটো আধাৰ সংকটত আছে৷” 

সমান্তৰালভাৱে ২০১৯ চনত বিজেপি চৰকাৰে ভাৰতৰ সংবিধানৰ পৰা পৃথক কৰা ৩৭০ অনুচ্ছেদলৈয়ো মুকলি সমৰ্থন আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে৷ 

ইয়াৰোপৰি, টুইটাৰত এটি বিশেষ ভিডিঅ’ শ্বেয়াৰ মেহবুবা মুফুটিয়ে অভিযোগ কৰে যে ,বিজেপি চৰকাৰে কাশ্মীৰী সকলক ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ আৰু ত্ৰিৰংগা সমদলত ভাগ ল’বলৈ ভাবুকি প্ৰদান কৰিছে৷” 

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰত এইয়াও স্মৰণ কৰে যে ,কিছুমান নিৰ্দিষ্ট চৰ্ত যেনে , সাংবিধানিক নিৰ্ভৰযোগ্যতা  আৰু পৃথক সংবিধানৰ বিনিময়তহে  ১৯৪৭ চনত জম্মু-কাশ্মীৰৰ লোকসকলে ভাৰতৰ জাতীয় পতাকাখন গ্ৰহণ কৰিছিল৷ 

দেশৰ ৰাজনীতিত এতিয়া বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে মুফটিৰ মন্তব্যয়ে৷ মুফটিৰ যুক্তিক বিজেপি দলৰ নেতা সকলে কেনেদৰে খণ্ডন কৰে সেইয়া লক্ষ্যণীয় হ’ব। 


যি সময়ত “এক ভাৰতবৰ্ষ”ৰ কথা কৈ আজাদী কা অমৃত মহোৎসৱ পালন কৰা হৈছে সেইসময়ত মেহবুবা মুফটিৰ মন্তব্য যথেষ্ট উদ্বেগজনক৷ 
মুফটিৰ এই মন্তব্যয়ে এতিয়া জোঁকাৰি গৈছে সামজিক প্ৰচাৰ মাধ্যম সমূহ৷ স্বাধীনতা দিৱসৰ দিনাই মুফটিয়ে তোলা অভিযোগ সমূহক বিভাজনকাৰী আখ্যা দিছে বহুতে৷ আনহাতে বহুতে প্ৰশংসা কৰিছে মেহবুবা মুফটিৰ এনে স্পষ্টবাদিতাক ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক