--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। এই গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি পুৱাই এক শিখ গুৰুদ্বাৰত দুটাকৈ বোমা বিস্ফোৰণে জোকাৰি গৈছে। 

আফগানিস্তানৰ ৰাজধানী কাবুলৰ কাৰ্তা পাৰৱান অঞ্চলত থকা শিখ গুৰুদ্বাৰৰ ওচৰৰ এটা ব্যস্ত পথত সংঘটিত হৈছে দুটাকৈ বিস্ফোৰণ। স্থানীয় বাতৰি অনুসৰি অঞ্চলটো ঘন বসতিপূৰ্ণ আৰু সেয়ে এই বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বোমা বিস্ফোৰণৰ সমসাময়িকভাৱে একাংশ বন্দুকধাৰীয়ে অঞ্চলটোত নিৰ্বিচাৰ গুলীচানা কৰে বুলিও বাতৰিত প্ৰকাশ পাইছে। এই গুলীচালনাত ভাৰতীয় মূলৰ এজন শিখ ব্যক্তি নিহত হৈছে।

এই আকস্মিক আক্ৰমণৰ পাছতে তালিবান সুৰক্ষা বাহিনীয়ে সাৱধানতামূলক ব্যৱস্থাৰ বাবে অঞ্চলটো ঘেৰাও কৰিছে। স্থানীয় এক প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে  স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত কাৰ্ট-ই-পাৰৱান চুবুৰীয়া অঞ্চলত এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। এই বিস্ফোৰণৰ প্ৰায় আধা ঘণ্টা পিছত আন এটা বিস্ফোৰণ সংঘটিত হৈছিল। 

আনহাতে কাবুলৰ সময় মতে পুৱা ৭:১৫ বজাত অচিনাক্ত কিছু বন্দুকধাৰীয়ে অঞ্চলটোত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে। এই গুলীবৰ্ষণত গুৰুদ্বাৰাৰ ৰক্ষীজন মৃত্যুমুখত পৰে। লগতে গুলীচালনাত তিনিজন তালিবান সৈন্যও আহত হয়। ইয়াৰ বিপৰীতে তালিবান সৈন্যৰ প্ৰতি আক্ৰমণত দুজন আক্ৰমণকাৰী গুৰুতৰভাৱে আহত হৈছে।   

বাতৰি অনুসৰি পুৱা প্ৰায় ২৫-৩০ জন আফগান হিন্দু আৰু শিখ প্ৰাৰ্থনাৰ বাবে গুৰুদ্বাৰত উপস্থিত আছিল। এনে সময়তে বন্দুকধাৰী আক্ৰমণকাৰী সকল গুৰুদ্বাৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে ১০-১৫ জন লোক সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। আনহাতে বাকী সকল লোক গুৰুদ্বাৰৰ ভিতৰতে আৱদ্ধ হৈ পৰে। অৱশ্যে এই লোকসকল সুস্থ অৱস্থাত আছে নে মৃত্যু হৈছে এই বিষয়ে জানিব পৰা হোৱা নাই।  

উল্লেখ্য যে শিখ সম্প্ৰদায়ৰ নেতাসকলৰ অনুমান অনুসৰি তালিবান শাসিত দেশখনত মাত্ৰ ১৪০ জন শিখ লোক আছে। ইয়াৰে অধিকাংশ পূব চহৰ জালালাবাদ আৰু ৰাজধানী কাবুলত বাস কৰে। আজি আক্ৰমণ সংঘটিত হোৱা গুৰুদ্বাৰা কাৰতে পাৰৱান কাবুলৰ শিখ সম্প্ৰদায়ৰ কেন্দ্ৰীয় গুৰুদ্বাৰা।

ইফালে আজিৰ এই আক্ৰমণৰ আঁৰত আইছিছ খোৰাচান জড়িত থকাৰ সন্দেহ কৰা হৈছে। দেশখনত শেহতীয়াকৈ এই কট্টৰ ইছলামিক গোটটোৱে ধাৰাবাহিকভাৱে আক্ৰমণ সংঘটিত কৰি আহিছে। 

আনহাতে এই আক্ৰমণৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দুখ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে বৰ্তমান এই ঘটনাস্থলীৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি জানিবলৈ দিছে। নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতৰ চৰকাৰী মুখপাত্ৰই এক টুইট যোগে গুৰুদ্বাৰ আক্ৰমণত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনাৱলীৰ অধিক তথ্যৰ বাবে তদাৰক কৰি থকা হৈছে বুলি উল্লেখ  কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি