--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। এই গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি পুৱাই এক শিখ গুৰুদ্বাৰত দুটাকৈ বোমা বিস্ফোৰণে জোকাৰি গৈছে। 

আফগানিস্তানৰ ৰাজধানী কাবুলৰ কাৰ্তা পাৰৱান অঞ্চলত থকা শিখ গুৰুদ্বাৰৰ ওচৰৰ এটা ব্যস্ত পথত সংঘটিত হৈছে দুটাকৈ বিস্ফোৰণ। স্থানীয় বাতৰি অনুসৰি অঞ্চলটো ঘন বসতিপূৰ্ণ আৰু সেয়ে এই বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বোমা বিস্ফোৰণৰ সমসাময়িকভাৱে একাংশ বন্দুকধাৰীয়ে অঞ্চলটোত নিৰ্বিচাৰ গুলীচানা কৰে বুলিও বাতৰিত প্ৰকাশ পাইছে। এই গুলীচালনাত ভাৰতীয় মূলৰ এজন শিখ ব্যক্তি নিহত হৈছে।

এই আকস্মিক আক্ৰমণৰ পাছতে তালিবান সুৰক্ষা বাহিনীয়ে সাৱধানতামূলক ব্যৱস্থাৰ বাবে অঞ্চলটো ঘেৰাও কৰিছে। স্থানীয় এক প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে  স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত কাৰ্ট-ই-পাৰৱান চুবুৰীয়া অঞ্চলত এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। এই বিস্ফোৰণৰ প্ৰায় আধা ঘণ্টা পিছত আন এটা বিস্ফোৰণ সংঘটিত হৈছিল। 

আনহাতে কাবুলৰ সময় মতে পুৱা ৭:১৫ বজাত অচিনাক্ত কিছু বন্দুকধাৰীয়ে অঞ্চলটোত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে। এই গুলীবৰ্ষণত গুৰুদ্বাৰাৰ ৰক্ষীজন মৃত্যুমুখত পৰে। লগতে গুলীচালনাত তিনিজন তালিবান সৈন্যও আহত হয়। ইয়াৰ বিপৰীতে তালিবান সৈন্যৰ প্ৰতি আক্ৰমণত দুজন আক্ৰমণকাৰী গুৰুতৰভাৱে আহত হৈছে।   

বাতৰি অনুসৰি পুৱা প্ৰায় ২৫-৩০ জন আফগান হিন্দু আৰু শিখ প্ৰাৰ্থনাৰ বাবে গুৰুদ্বাৰত উপস্থিত আছিল। এনে সময়তে বন্দুকধাৰী আক্ৰমণকাৰী সকল গুৰুদ্বাৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে ১০-১৫ জন লোক সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। আনহাতে বাকী সকল লোক গুৰুদ্বাৰৰ ভিতৰতে আৱদ্ধ হৈ পৰে। অৱশ্যে এই লোকসকল সুস্থ অৱস্থাত আছে নে মৃত্যু হৈছে এই বিষয়ে জানিব পৰা হোৱা নাই।  

উল্লেখ্য যে শিখ সম্প্ৰদায়ৰ নেতাসকলৰ অনুমান অনুসৰি তালিবান শাসিত দেশখনত মাত্ৰ ১৪০ জন শিখ লোক আছে। ইয়াৰে অধিকাংশ পূব চহৰ জালালাবাদ আৰু ৰাজধানী কাবুলত বাস কৰে। আজি আক্ৰমণ সংঘটিত হোৱা গুৰুদ্বাৰা কাৰতে পাৰৱান কাবুলৰ শিখ সম্প্ৰদায়ৰ কেন্দ্ৰীয় গুৰুদ্বাৰা।

ইফালে আজিৰ এই আক্ৰমণৰ আঁৰত আইছিছ খোৰাচান জড়িত থকাৰ সন্দেহ কৰা হৈছে। দেশখনত শেহতীয়াকৈ এই কট্টৰ ইছলামিক গোটটোৱে ধাৰাবাহিকভাৱে আক্ৰমণ সংঘটিত কৰি আহিছে। 

আনহাতে এই আক্ৰমণৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দুখ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে বৰ্তমান এই ঘটনাস্থলীৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি জানিবলৈ দিছে। নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতৰ চৰকাৰী মুখপাত্ৰই এক টুইট যোগে গুৰুদ্বাৰ আক্ৰমণত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনাৱলীৰ অধিক তথ্যৰ বাবে তদাৰক কৰি থকা হৈছে বুলি উল্লেখ  কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে