--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কংগ্ৰেছৰ পৰা তিনিবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ৰংপিয়ে বিজেপিৰ পৰা এবাৰ বিধায়ক হৈছিল।

ডিজিটেল ডেস্ক : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে কালি বিজেপি দল ত্যাগ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ঘিলানীস্থিত বিজেপি কার্যালয়লৈ গৈ জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙক পদত্যাগ-পত্র অর্পণ কৰে।


কংগ্ৰেছৰ পৰা তিনিবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ৰংপিয়ে বিজেপিৰ পৰা এবাৰ বিধায়ক হৈছিল। পশ্চিম কার্বি আংলং জিলাৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ ৰংপিৰ বিজেপি ত্যাগ দলৰ বাবে এক মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।


উল্লেখযোগ্য যে ২০১৬ চনত বিজেপিত যোগদান কৰিছিল ৰংপিয়ে। বিজেপিত যোগদানৰ বাবে ৰংপিয়ে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰিছিল। পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে ৰংপিয়ে বৈঠালাংছ' সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল। বিজেপি ত্যাগ কৰি আজি সংবাদ মাধ্যমৰ আগত ৰংপিয়ে অতি শীঘ্রে কংগ্ৰেছ দলত যোগদান কৰাৰ ইংগিত দিয়ে।


আনহাতে ৰংপিৰ বিজেপি পদত্যাগে বিজেপিৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ডিফুত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে বিগত প্রায় ৬ বছৰ তেওঁ নিষ্ক্রিয় হৈ আছিল। বিজেপি দলে পাহাৰত স্থায়ী শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ৰংপিয়ে দলত্যাগ কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলিও ৰংহাঙে দাবী কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু