--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কংগ্ৰেছৰ পৰা তিনিবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ৰংপিয়ে বিজেপিৰ পৰা এবাৰ বিধায়ক হৈছিল।

ডিজিটেল ডেস্ক : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে কালি বিজেপি দল ত্যাগ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ঘিলানীস্থিত বিজেপি কার্যালয়লৈ গৈ জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙক পদত্যাগ-পত্র অর্পণ কৰে।


কংগ্ৰেছৰ পৰা তিনিবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ৰংপিয়ে বিজেপিৰ পৰা এবাৰ বিধায়ক হৈছিল। পশ্চিম কার্বি আংলং জিলাৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ ৰংপিৰ বিজেপি ত্যাগ দলৰ বাবে এক মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।


উল্লেখযোগ্য যে ২০১৬ চনত বিজেপিত যোগদান কৰিছিল ৰংপিয়ে। বিজেপিত যোগদানৰ বাবে ৰংপিয়ে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰিছিল। পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে ৰংপিয়ে বৈঠালাংছ' সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল। বিজেপি ত্যাগ কৰি আজি সংবাদ মাধ্যমৰ আগত ৰংপিয়ে অতি শীঘ্রে কংগ্ৰেছ দলত যোগদান কৰাৰ ইংগিত দিয়ে।


আনহাতে ৰংপিৰ বিজেপি পদত্যাগে বিজেপিৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ডিফুত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে বিগত প্রায় ৬ বছৰ তেওঁ নিষ্ক্রিয় হৈ আছিল। বিজেপি দলে পাহাৰত স্থায়ী শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ৰংপিয়ে দলত্যাগ কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলিও ৰংহাঙে দাবী কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ