--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফগানিস্তানৰ ৰাজপথত খাদ্য বিক্ৰী কৰিছে এজন সাংবাদিকে। এনে এক চাঞ্চল্যকৰ ছবি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে। তালিবানৰ শাসনকালত এজন সাংবাদিকৰ দুৰ্বিষহ ছবি ভাইৰেল হৈ পৰিছে। কবীৰ হকমল নামৰ এজন টুইটাৰ চাবস্ক্ৰাইবাৰে এই ফটোখন ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে। ৰাস্তাত বহি বাতৰি বিক্ৰী কৰি আছে মুছা মহম্মদী নামৰ এজন সাংবাদিক। হকমলে নিজৰ টুইটাৰ পেজত সাংবাদিক মুছাৰ দুখন ছবি শ্বেয়াৰ কৰে। 

তালিবান শাসনৰ পূৰ্বে মুছা মহম্মদীয়ে আফগানিস্তানৰ এটা জনপ্ৰিয় টিভি চেনেলৰ সাংবাদিক হিচাপে কাম কৰিছিল। আফগানিস্তানৰ এজন সুপৰিচিত মুখ আছিল মুছা মহম্মদ। কিন্তু এতিয়া তেওঁৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে অৱশেষত তেওঁ পৰিয়াল বাবে পদপথত খাদ্য বিক্ৰী কৰিব লগা হৈছে। টুইটাৰ চাবস্ক্ৰাইবাৰ হকমলেও  ছবিখন পোষ্ট কৰি কেপচন লিখিছে। তেওঁ লিখিছে, ‘তালিবানৰ অধীনত আফগানিস্তানত এজন সাংবাদিকৰ জীৱন এইয়া।

সাংবাদিক মুছা মহম্মদীৰ দৰিদ্ৰতাৰ ছবিখন নেট জগতত বিয়পি পৰাত আফগান ৰেডিঅ’ এণ্ড টেলিভিছনৰ পৰিচালক আহমেদুল্লাহ ৱাছিক স্তম্ভিত হৈ পৰে। এটা টুইটযোগে তেওঁ মুছাক চাকৰিৰ আশ্বাস দিয়ে। মুছাক তেওঁৰ কাৰ্যালয়ত সাংবাদিক হিচাপে নিযুক্তি দিয়া হ’ব বুলি তেওঁ টুইট কৰে।

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত শাসন ব্যৱস্থাৰ নাটকীয় পৰিৱৰ্তন ঘটিছিল। যাৰ ফলত  কাবুলিৱালাৰ দেশৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিল। তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে আৰম্ভ হৈছিল চৌদিশে কেৱল অন্ধকাৰ। বিধ্বস্ত হৈছিল দেশৰ অৰ্থনীতি। আফগানবাসীয়ে জীৱিকাৰ বাবে সংগ্ৰাম কৰি লগা হৈছে। দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। একে সময়তে মহিলাৰ ওপৰত একাধিক নিষেধাজ্ঞা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি