--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফগানিস্তানৰ ৰাজপথত খাদ্য বিক্ৰী কৰিছে এজন সাংবাদিকে। এনে এক চাঞ্চল্যকৰ ছবি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে। তালিবানৰ শাসনকালত এজন সাংবাদিকৰ দুৰ্বিষহ ছবি ভাইৰেল হৈ পৰিছে। কবীৰ হকমল নামৰ এজন টুইটাৰ চাবস্ক্ৰাইবাৰে এই ফটোখন ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে। ৰাস্তাত বহি বাতৰি বিক্ৰী কৰি আছে মুছা মহম্মদী নামৰ এজন সাংবাদিক। হকমলে নিজৰ টুইটাৰ পেজত সাংবাদিক মুছাৰ দুখন ছবি শ্বেয়াৰ কৰে। 

তালিবান শাসনৰ পূৰ্বে মুছা মহম্মদীয়ে আফগানিস্তানৰ এটা জনপ্ৰিয় টিভি চেনেলৰ সাংবাদিক হিচাপে কাম কৰিছিল। আফগানিস্তানৰ এজন সুপৰিচিত মুখ আছিল মুছা মহম্মদ। কিন্তু এতিয়া তেওঁৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে অৱশেষত তেওঁ পৰিয়াল বাবে পদপথত খাদ্য বিক্ৰী কৰিব লগা হৈছে। টুইটাৰ চাবস্ক্ৰাইবাৰ হকমলেও  ছবিখন পোষ্ট কৰি কেপচন লিখিছে। তেওঁ লিখিছে, ‘তালিবানৰ অধীনত আফগানিস্তানত এজন সাংবাদিকৰ জীৱন এইয়া।

সাংবাদিক মুছা মহম্মদীৰ দৰিদ্ৰতাৰ ছবিখন নেট জগতত বিয়পি পৰাত আফগান ৰেডিঅ’ এণ্ড টেলিভিছনৰ পৰিচালক আহমেদুল্লাহ ৱাছিক স্তম্ভিত হৈ পৰে। এটা টুইটযোগে তেওঁ মুছাক চাকৰিৰ আশ্বাস দিয়ে। মুছাক তেওঁৰ কাৰ্যালয়ত সাংবাদিক হিচাপে নিযুক্তি দিয়া হ’ব বুলি তেওঁ টুইট কৰে।

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত শাসন ব্যৱস্থাৰ নাটকীয় পৰিৱৰ্তন ঘটিছিল। যাৰ ফলত  কাবুলিৱালাৰ দেশৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিল। তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে আৰম্ভ হৈছিল চৌদিশে কেৱল অন্ধকাৰ। বিধ্বস্ত হৈছিল দেশৰ অৰ্থনীতি। আফগানবাসীয়ে জীৱিকাৰ বাবে সংগ্ৰাম কৰি লগা হৈছে। দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। একে সময়তে মহিলাৰ ওপৰত একাধিক নিষেধাজ্ঞা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে