--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে বেয়া খবৰ৷ বিশেষকৈ এছবিআই, এলআইচিত ধন জমা থোৱাসকলৰ বাবে এয়া বেয়া খবৰ বুলিয়েই এতিয়া বিভিন্ন মহলত চৰ্চা লাভ কৰিছে৷ মোদীৰ প্ৰিয় মানুহ, এছিয়াৰ আটাইতকৈ ধনী মানুহজন এতিয়া কেৱল ডুবিছে আৰু ডুবিছে৷ এছবিআই, এলআইচিৰ পৰা কোটি কোটি টকা ধাৰলৈ লোৱা বুলি অভিযোগ উঠা আদানীৰ ডুবন্ত নাও এতিয়া যেন কোনেও ৰক্ষা কৰিব নোৱাৰা হৈ পৰিছে৷

আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে কেইবাটাও অৰ্নৈতিক জালিয়াতিৰ অভিযোগৰউত্থাপন কৰাৰ পিছতে আদানী সাম্ৰাজ্যত খহনীয়া আৰম্ভ হৈছে৷ একে কোবে আদানী এতিয়া বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত দশম স্থানলৈ পিছলি পৰিছে৷ সেই স্থান সন্ধিয়াৰ ভাগলৈ আৰু নিম্নগামী হ’ব বুলি ধাৰণা কৰা হৈছে৷ জালিয়াতিৰ কথা ফাদিল হোৱাৰ পিছতে আদানীৰ কোম্পানীটোৱে সোমবাৰে ১ লাখ কোটি টকাৰ শ্বেয়াৰ হেৰুৱাইছে।

এতিয়ালৈকে আদানীয়ে ৫,৬০,০০০ কোটি টকাৰ মূলধন হেৰুৱাইছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে৷ আদানি গোটৰ দুৰ্যোগ যোৱা বুধবাৰৰ পৰাই  আৰম্ভ হৈছিল। একেদিনাই আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ জালিয়াতিকলৈ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷অভিযোগ অনুসৰি শ্বেয়াৰ বজাৰত আদানী গ্ৰুপে জালিয়াতিৰে শ্বেয়াৰৰ মূল্য বেছিকৈ দেখুৱাইছিল।তেতিয়াৰে পৰা আদানি গ্ৰুপে  লোকচানৰ সন্মুখীন হৈছে।  শ্বেয়াৰ বজাৰত আদানী গ্ৰুপ বিধ্বস্ত হৈ পৰিছে৷  শ্বেয়াৰৰ মূল্য হ্ৰাস হৈ আছে।  এসপ্তাহ আগতে আদানী  বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তালিকাৰ তৃতীয় স্থানত আছিল।এতিয়া দশম স্থানত৷ 

বৰ্তমান, আদানিৰ সম্পত্তিৰ মূল্য ৭,২০,০০০কোটি টকা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। তেওঁ আন এজন ভাৰতীয় কোটিপতি মুকেশ আম্বানীতকৈ অলপ আগবাঢ়ি আছিল। আম্বানী আৰু আদানিৰ সম্পদৰ পাৰ্থক্য আছিল  ৩৩,০০০ কোটি টকা। 

অৱশ্যে আদানি গ্ৰুপে  হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। দেওবাৰে, তেওঁলোকে আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া হিচাবে  ৪১৩  পৃষ্ঠাৰ প্ৰত্যুত্তৰ দিছে৷আদানিয়ে  প্ৰতি-অভিযোগ কৰিছে যে হিণ্ডেনবাৰ্গে এনে প্ৰতিবেদন প্ৰকাশ কৰি ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ চলাইছে। ইপিনে হিণ্ডেনবাৰ্গৰেও কৈছে যে গৌতম আদানীয়ে ভাৰতৰ জাতীয় পতাকা গাত মেৰিয়াই লৈ নিজকে সুৰক্ষিত কৰিব বিচাৰিছে৷ লক্ষ্যণীয় কথাটো হ’ল  আদানি গ্ৰুপৰ প্ৰত্যুত্তৰৰ পিছতো শ্বেয়াৰ বজাৰত আদানী ডুবিয়েই আছে, ডুবিয়েই আছে৷  







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু