--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে বেয়া খবৰ৷ বিশেষকৈ এছবিআই, এলআইচিত ধন জমা থোৱাসকলৰ বাবে এয়া বেয়া খবৰ বুলিয়েই এতিয়া বিভিন্ন মহলত চৰ্চা লাভ কৰিছে৷ মোদীৰ প্ৰিয় মানুহ, এছিয়াৰ আটাইতকৈ ধনী মানুহজন এতিয়া কেৱল ডুবিছে আৰু ডুবিছে৷ এছবিআই, এলআইচিৰ পৰা কোটি কোটি টকা ধাৰলৈ লোৱা বুলি অভিযোগ উঠা আদানীৰ ডুবন্ত নাও এতিয়া যেন কোনেও ৰক্ষা কৰিব নোৱাৰা হৈ পৰিছে৷

আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে কেইবাটাও অৰ্নৈতিক জালিয়াতিৰ অভিযোগৰউত্থাপন কৰাৰ পিছতে আদানী সাম্ৰাজ্যত খহনীয়া আৰম্ভ হৈছে৷ একে কোবে আদানী এতিয়া বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত দশম স্থানলৈ পিছলি পৰিছে৷ সেই স্থান সন্ধিয়াৰ ভাগলৈ আৰু নিম্নগামী হ’ব বুলি ধাৰণা কৰা হৈছে৷ জালিয়াতিৰ কথা ফাদিল হোৱাৰ পিছতে আদানীৰ কোম্পানীটোৱে সোমবাৰে ১ লাখ কোটি টকাৰ শ্বেয়াৰ হেৰুৱাইছে।

এতিয়ালৈকে আদানীয়ে ৫,৬০,০০০ কোটি টকাৰ মূলধন হেৰুৱাইছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে৷ আদানি গোটৰ দুৰ্যোগ যোৱা বুধবাৰৰ পৰাই  আৰম্ভ হৈছিল। একেদিনাই আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ জালিয়াতিকলৈ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷অভিযোগ অনুসৰি শ্বেয়াৰ বজাৰত আদানী গ্ৰুপে জালিয়াতিৰে শ্বেয়াৰৰ মূল্য বেছিকৈ দেখুৱাইছিল।তেতিয়াৰে পৰা আদানি গ্ৰুপে  লোকচানৰ সন্মুখীন হৈছে।  শ্বেয়াৰ বজাৰত আদানী গ্ৰুপ বিধ্বস্ত হৈ পৰিছে৷  শ্বেয়াৰৰ মূল্য হ্ৰাস হৈ আছে।  এসপ্তাহ আগতে আদানী  বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তালিকাৰ তৃতীয় স্থানত আছিল।এতিয়া দশম স্থানত৷ 

বৰ্তমান, আদানিৰ সম্পত্তিৰ মূল্য ৭,২০,০০০কোটি টকা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। তেওঁ আন এজন ভাৰতীয় কোটিপতি মুকেশ আম্বানীতকৈ অলপ আগবাঢ়ি আছিল। আম্বানী আৰু আদানিৰ সম্পদৰ পাৰ্থক্য আছিল  ৩৩,০০০ কোটি টকা। 

অৱশ্যে আদানি গ্ৰুপে  হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। দেওবাৰে, তেওঁলোকে আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া হিচাবে  ৪১৩  পৃষ্ঠাৰ প্ৰত্যুত্তৰ দিছে৷আদানিয়ে  প্ৰতি-অভিযোগ কৰিছে যে হিণ্ডেনবাৰ্গে এনে প্ৰতিবেদন প্ৰকাশ কৰি ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ চলাইছে। ইপিনে হিণ্ডেনবাৰ্গৰেও কৈছে যে গৌতম আদানীয়ে ভাৰতৰ জাতীয় পতাকা গাত মেৰিয়াই লৈ নিজকে সুৰক্ষিত কৰিব বিচাৰিছে৷ লক্ষ্যণীয় কথাটো হ’ল  আদানি গ্ৰুপৰ প্ৰত্যুত্তৰৰ পিছতো শ্বেয়াৰ বজাৰত আদানী ডুবিয়েই আছে, ডুবিয়েই আছে৷  







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক