--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজাৰৰ সমীপৰ নিম গছ এজোপা হঠাৎ বিখ্যাত হৈ পৰিল। নিম গছজোপাৰ পৰা ওলাইছে গাখীৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে মানুহৰ কৌতুহল বাঢ়ি আহিল। এই মাজাৰটো ব্ৰিটিছ যুগৰ আগৰ বুলি কোৱা হয়। মানুহে এই অনন্য দৃশ্যক ঈশ্বৰৰ অলৌকিক কাম বুলি গণ্য কৰিছে। এই অতি পুৰণি মাজাৰটো চোৱাচিতা কৰিবলৈ কোনো নাই। সেইবাবেই মাজাৰৰ গছৰ পৰা তৰল পদাৰ্থৰ ধাৰা এটা ওলাই অহাটো মানুহে অলৌকিক বুলি গণ্য কৰিছে।

এই ঘটনা সংঘটিত হৈছে গোৰখপুৰত। এই অঞ্চলটো হিন্দু-মুছলমান ঐক্যৰ নিদৰ্শন হৈ আহিছে। মানুহে সমাধিটোৰ বিষয়ে বিশেষ একো নাজানে। বয়োজ্যেষ্ঠসকলে কয় যে এই সমাধিটো ব্ৰিটিছ যুগৰ আগৰ এজন শ্বহীদৰ। ওচৰতে আৰু বহুতো সমাধি আছিল যদিও সময়ৰ লগে লগে সেইবোৰৰ অস্তিত্ব নোহোৱা হৈ গ’ল। সমাধিৰ কাষতে এজোপা নিম গছ আছে। এসপ্তাহ আগতে নিম গছৰ পৰা গাখীৰৰ দৰে তৰল পদাৰ্থ পৰিবলৈ ধৰিলে। দিন পাৰ হৈ যোৱাৰ লগে লগে তৰল পদাৰ্থৰ ধাৰাৰ গতি বাঢ়ি আহিল।

মানুহে নিজৰ মোবাইলত অনন্য দৃশ্য বন্দী কৰিবলৈ ধৰিলে। এই খবৰ বিয়পি পৰাৰ লগে লগে সেই স্থানত জনসমাগম হয়। বাচন-বৰ্তন লৈ মানুহ আহি উপস্থিত হৈ তৰল পদাৰ্থখিনি ভগৱানৰ অলৌকিকতা বুলি বিশ্বাস কৰি সংগ্ৰহ কৰিবলৈ ধৰিলে। সেই গাখীৰ খোৱাৰ পাছত মানুহে নিশ্চিত কৰিলে যে তৰল পদাৰ্থটো যথেষ্ট মিঠা। তিতা নিম গছত মিঠা গাখীৰ ওলোৱা খবৰে সকলোকে আচৰিত কৰি তুলিলে। 

সমাধিস্থলৰ ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে ঈশ্বৰে এনে অলৌকিকতা প্ৰদৰ্শন কৰিছে বুলি বিশ্বাস কৰিছে অঞ্চলবাসীয়ে। লগে লগে মানুহে মাজাৰটো চাফা কৰি চাদৰেৰে ঢাকি দিছে। এই অদ্ভুত ঘটনা পোহৰলৈ অহাৰ পাছত ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ ৰাইজৰ সোঁত বৈছে। বৃহৎ সংখ্যক লোক এই স্থানত উপস্থিত হৈ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক