--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰফে ছানি ধৰাৰ পাছত ভূ-স্বৰ্গ কাশ্মীৰত এতিয়া শীতৰ লহৰ৷ কাশ্মীৰৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰৱল তুষাৰপাত দেখিবলৈ পোৱা গৈছে৷ ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰাও৷ জম্মু–কাশ্মীৰৰ ৰাজপথত এতিয়া ১ ফুটপৰ্যন্ত বৰফ পৰিছে৷ অঞ্চলবিশেষে পথৰ বৰফ আঁতৰাবলৈ যন্ত্ৰৰ ব্যৱহাৰ কৰিছে প্ৰশাসনে৷ ইয়াৰ মাজতে একাংশই লৈছে তুষাৰপাতৰ আনন্দ৷ 

কাশ্মীৰত ব্যাপক তুষাৰপাত হোৱাৰ এদিন পাছত শুকুৰবাৰে শীতৰ অভিলেখ ভংগ কাশ্মীৰ উপত্যকাত৷

শ্ৰীনগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ সোণামাৰ্গ পৰ্যটন ৰিজৰ্টত তাপমাত্ৰা -১৫.১°লৈ অৱনমিত হৈছে৷ দক্ষিণ কাশ্মীৰৰ অনন্তনাগত -১৭.৭°লৈ তাপমাত্ৰা অৱনমিত হৈছে৷

এমইটিয়ে কয় যে সোমবাৰৰ পৰা মাজে মাজে তুষাৰপাত হোৱা গুলমাৰ্গৰ স্কি ৰিজৰ্টত নিম্নতম তাপমাত্ৰা -১২° চেণ্টিগ্ৰেড নথিভুক্ত কৰা হৈছে। পেহেলগামে -১১.৯°চে. নিম্নতম পঞ্জীয়ন কৰিছিল, যি যোৱা চাৰি বছৰৰ অভিলেখ ভংগ কৰিছিল। এমইটিৰ তথ্য অনুসৰি, ২ ফেব্ৰুৱাৰীত পেহেলগামত তাপমাত্ৰা -১২. -12.6° চেণ্টিগ্ৰেডলৈ হ্ৰাস পাইছিল।

বতৰ বিজ্ঞানৰ আপডেটত কোৱা হৈছে যে দক্ষিণ কাশ্মীৰৰ কাশ্মীৰৰ প্ৰৱেশদ্বাৰ, কাজিগুণ্ডে নিম্নতম -৯.৪°চে. ৰেকৰ্ড কৰিছে৷ দক্ষিণ কাশ্মীৰৰ কোকেৰনাগেও নিম্নতম -৯.৪°চে. ৰেকৰ্ড কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু