--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ্ণাটকৰ  এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁক তেওঁৰ স্বামীয়ে ১২ বছৰ ধৰি এটা  ঘৰত বন্দী কৰি ৰাখিছিল । শেষত এই কথা জানিব পাৰি  আৰক্ষীয়ে তেওঁক কেইদিনমান আগতে উদ্ধাৰ কৰিছে। মহিলাগৰাকীয়ে অৱশ্যে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে স্বামীগৃহ এৰি  তেওঁৰ পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ সিদ্ধান্ত লৈছে।

 অৱশ্যে, এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে  মহিলাগৰাকীক ১২ বছৰ নহয়, কেইসপ্তাহমানৰ বাবেহে স্বামীয়ে  বন্দী কৰি ৰাখিছিল। কৰ্ণাটকৰ মাইচুৰুৰ মহিলাগৰাকীৰ বয়স ত্ৰিশ আৰু  ১২ বছৰ আগতে তেওঁৰ  বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে দাবী কৰিছে  যে তেওঁ ঘৰৰ ভিতৰত বন্দী হৈ থাকোতে শৌচাগাৰৰ হিচাবে  এটা সৰু বাকচ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। 

মহিলাগৰাকীয়ে কয় "মোৰ বিয়া হোৱাৰ ১২ বছৰ হ'ল। স্বামীয়ে মোক সদায়  ঘৰত বন্দী কৰি ৰাখিছিল আৰু মোক অত্যাচাৰ কৰিছিল। অঞ্চলটোৰ কোনেও তেওঁক প্ৰশ্ন নকৰে... মোৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যায়। কিন্তু মোৰ স্বামী কামৰ পৰা উভতি অহালৈকে তেওঁলোক বাহিৰতে থাকে। মই তেওঁলোকক খিৰিকীৰে খাদ্য দিও,"। ইফালে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মহিলাগৰাকীৰ দাবী শুদ্ধ নহয় বুলি উল্লেখ কৰি কৈছে যে মহিলাগৰাকীক কেৱল যোৱা দুই-তিনি সপ্তাহ ধৰি আৱদ্ধ কৰি ৰখা হৈছিল।মহিলাগৰাকী লোকজনৰ তৃতীয় পত্নী বুলি জানিব পৰা গৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু