--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ্ণাটকৰ  এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁক তেওঁৰ স্বামীয়ে ১২ বছৰ ধৰি এটা  ঘৰত বন্দী কৰি ৰাখিছিল । শেষত এই কথা জানিব পাৰি  আৰক্ষীয়ে তেওঁক কেইদিনমান আগতে উদ্ধাৰ কৰিছে। মহিলাগৰাকীয়ে অৱশ্যে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে স্বামীগৃহ এৰি  তেওঁৰ পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ সিদ্ধান্ত লৈছে।

 অৱশ্যে, এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে  মহিলাগৰাকীক ১২ বছৰ নহয়, কেইসপ্তাহমানৰ বাবেহে স্বামীয়ে  বন্দী কৰি ৰাখিছিল। কৰ্ণাটকৰ মাইচুৰুৰ মহিলাগৰাকীৰ বয়স ত্ৰিশ আৰু  ১২ বছৰ আগতে তেওঁৰ  বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে দাবী কৰিছে  যে তেওঁ ঘৰৰ ভিতৰত বন্দী হৈ থাকোতে শৌচাগাৰৰ হিচাবে  এটা সৰু বাকচ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। 

মহিলাগৰাকীয়ে কয় "মোৰ বিয়া হোৱাৰ ১২ বছৰ হ'ল। স্বামীয়ে মোক সদায়  ঘৰত বন্দী কৰি ৰাখিছিল আৰু মোক অত্যাচাৰ কৰিছিল। অঞ্চলটোৰ কোনেও তেওঁক প্ৰশ্ন নকৰে... মোৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যায়। কিন্তু মোৰ স্বামী কামৰ পৰা উভতি অহালৈকে তেওঁলোক বাহিৰতে থাকে। মই তেওঁলোকক খিৰিকীৰে খাদ্য দিও,"। ইফালে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মহিলাগৰাকীৰ দাবী শুদ্ধ নহয় বুলি উল্লেখ কৰি কৈছে যে মহিলাগৰাকীক কেৱল যোৱা দুই-তিনি সপ্তাহ ধৰি আৱদ্ধ কৰি ৰখা হৈছিল।মহিলাগৰাকী লোকজনৰ তৃতীয় পত্নী বুলি জানিব পৰা গৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক