--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক ইছলাম লোক শুকুৰবাৰৰ নামাজৰ বাবে জ্ঞানবাপীত উপস্থিত হয়। শুকুৰবাৰে জ্ঞানবাপীত নামাজীৰ সংখ্যা আছিল ২২৪৭ জন। শুকুৰবাৰে অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীৰ আবেদনত জ্ঞানবাপীৰ পৰিসৰত পূজা-অৰ্চনাৰ বিৰুদ্ধে নামাজ পঢ়ি প্ৰতিবাদ কৰিবলৈ ইমান সংখ্যক লোক উপস্থিত হৈছিল।

পৰিস্থিতি এনেকুৱা আছিল যে জ্ঞানবাপীত ভৰি দিবলৈও ঠাই বাকী নাথাকিল আৰু আৰক্ষীয়ে নামাজীসকলক পিছুৱাই দিব লগা হ’ল। লগতে ওচৰৰ অন্যান্য মছজিদলৈ গৈ নামাজ পঢ়িবৰ বাবে আহ্বান জনালে আৰক্ষীয়ে। দুপৰীয়া যেতিয়া তেওঁলোকে শ্লোগান দি পৰিৱেশ গৰম কৰিবলৈ চেষ্টা চলাইছিল তেতিয়া আৰক্ষীয়ে তেওঁলোকক খেদি পঠিয়ায়।

এই সময়ছোৱাত মুছলমান অঞ্চলৰ দোকান আৰু কাৰখানা বন্ধ হৈ আছিল। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ২৫ অক্টোবৰৰ নিশা জ্ঞানবাপী ৰেড জ’নত ৱাকফ ব’ৰ্ডৰ দেৱাল ভাঙি পেলোৱাৰ অভিযোগত ২১০০ লোকে পাছদিনা শুকুৰবাৰৰ নামাজৰ বাবে জ্ঞানবাপীত প্ৰতিবাদ কৰিবলৈ উপস্থিত হৈছিল।

শুকুৰবাৰে পুৱা আৰক্ষী, পিএচি আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে খোজকাঢ়ি টহল দিবলৈ আৰম্ভ কৰে। গোদালীয়াৰ পৰা চ’ক থানা পথৰ বানছফটক আৰু মণিকৰ্ণিকা প্ৰৱেশদ্বাৰত বেৰিকেডিং কৰা হয়।

জ্ঞানবাপীৰ বাহিৰত বিশ্বনাথ ধামৰ ৪ নং গেটৰ পৰা ডেৰ-দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ পথ, ৰাজপথ আৰু অট্টালিকাৰ ছাদত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু