--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক ইছলাম লোক শুকুৰবাৰৰ নামাজৰ বাবে জ্ঞানবাপীত উপস্থিত হয়। শুকুৰবাৰে জ্ঞানবাপীত নামাজীৰ সংখ্যা আছিল ২২৪৭ জন। শুকুৰবাৰে অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীৰ আবেদনত জ্ঞানবাপীৰ পৰিসৰত পূজা-অৰ্চনাৰ বিৰুদ্ধে নামাজ পঢ়ি প্ৰতিবাদ কৰিবলৈ ইমান সংখ্যক লোক উপস্থিত হৈছিল।

পৰিস্থিতি এনেকুৱা আছিল যে জ্ঞানবাপীত ভৰি দিবলৈও ঠাই বাকী নাথাকিল আৰু আৰক্ষীয়ে নামাজীসকলক পিছুৱাই দিব লগা হ’ল। লগতে ওচৰৰ অন্যান্য মছজিদলৈ গৈ নামাজ পঢ়িবৰ বাবে আহ্বান জনালে আৰক্ষীয়ে। দুপৰীয়া যেতিয়া তেওঁলোকে শ্লোগান দি পৰিৱেশ গৰম কৰিবলৈ চেষ্টা চলাইছিল তেতিয়া আৰক্ষীয়ে তেওঁলোকক খেদি পঠিয়ায়।

এই সময়ছোৱাত মুছলমান অঞ্চলৰ দোকান আৰু কাৰখানা বন্ধ হৈ আছিল। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ২৫ অক্টোবৰৰ নিশা জ্ঞানবাপী ৰেড জ’নত ৱাকফ ব’ৰ্ডৰ দেৱাল ভাঙি পেলোৱাৰ অভিযোগত ২১০০ লোকে পাছদিনা শুকুৰবাৰৰ নামাজৰ বাবে জ্ঞানবাপীত প্ৰতিবাদ কৰিবলৈ উপস্থিত হৈছিল।

শুকুৰবাৰে পুৱা আৰক্ষী, পিএচি আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে খোজকাঢ়ি টহল দিবলৈ আৰম্ভ কৰে। গোদালীয়াৰ পৰা চ’ক থানা পথৰ বানছফটক আৰু মণিকৰ্ণিকা প্ৰৱেশদ্বাৰত বেৰিকেডিং কৰা হয়।

জ্ঞানবাপীৰ বাহিৰত বিশ্বনাথ ধামৰ ৪ নং গেটৰ পৰা ডেৰ-দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ পথ, ৰাজপথ আৰু অট্টালিকাৰ ছাদত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ