--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছৰ জীৱন! মৃত্যুৰ পাছতো জীয়াই থাকিব পৰা যাব। শেহতীয়াকৈ এই চৰ্চা লাভ কৰিছে। এই ব্যৱস্থাক cryonics facility বুলি কোৱা হৈছে।

কিন্তু কি এই  ক্ৰায়’নিকছ ফেচিলিটি?

ভৱিষ্যতে এজন ব্যক্তিক পুনৰুজ্জীৱিত কৰিব পৰাকৈ মৃত মানুহৰ অৱশিষ্টবোৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি জমা কৰি ৰখা প্ৰক্ৰিয়াটোৱেই হৈছে ক্ৰাইয়নিকছ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে অনিৰ্দিষ্টকাললৈ মৃতদেহ এটা জমা কৰিবলৈ ২৮ হাজাৰ ডলাৰ লোৱা হয়।

উল্লেখ্য যে ইতিহাসৰ পাতত মানুহে মৃত্যুক জয় কৰিবলৈ চেষ্টা চলাই আহিছে যদিও শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ কেন্দ্ৰ ছিলিকন ভেলীৰ বহু ধনাঢ্য মানুহৰ মনত এই বিষয়টোৱে পুনৰ খোপনি পুতিছে।

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ, অ’পেনএআইৰ চিইঅ’ ছেম অল্টমেন, আৰু পেপ’লৰ সহ-প্ৰতিষ্ঠাপক পিটাৰ থিলে ইয়াৰ বাবে লাখ লাখ ডলাৰ বিনিয়োগ কৰিছে।

ক্ৰাইয়নিক্স হৈছে এনে এক প্ৰক্ৰিয়া যিটোৱে মানুহৰ জীৱন বৃদ্ধি কৰাত সহায় কৰিব পাৰে বুলি বহুতে বিশ্বাস কৰে। ইয়াৰ লগত জড়িত হৈ আছে এজন ব্যক্তিৰ মৃত্যুৰ পিছত মানুহৰ অৱশিষ্ট গভীৰভাৱে জমা কৰি ৰখাৰ প্ৰক্ৰিয়া।

অৱশ্যে এতিয়ালৈকে ক্ৰাইয়নিক ছাচপেনচনৰ পৰা কেতিয়াও কাকো পুনৰুজ্জীৱিত কৰা হোৱা নাই, ইয়াৰ বাবে প্ৰযুক্তিও নাই। এই প্ৰক্ৰিয়াটো অত্যন্ত জটিল।

ক্ৰাইয়নিক্স ইনষ্টিটিউট নামৰ এটা প্ৰতিষ্ঠানৰ প্ৰেচিডেণ্ট ডেনিছ কোৱালস্কিৰ মতে, ডিপ ফ্ৰীজিং প্ৰক্ৰিয়াটোত দুটা পদক্ষেপ লোৱা হয়।

কোনো ব্যক্তিক আইনগতভাৱে মৃত বুলি ঘোষণা কৰাৰ পিছত সংৰক্ষণ আৰম্ভ হয়। কোৱালস্কিৰ মতে এই প্ৰক্ৰিয়া যিমানেই সোনকালে আৰম্ভ হ’ব সিমানেই শৰীৰটো সংৰক্ষণৰ সম্ভাৱনা বেছি। প্ৰথমে শৰীৰত তেজ পাতল কৰা ঔষধ আৰু পেটৰ এচিডৰ বাবে এন্টাচিড দিয়া হয়।

তাৰ পিছত শৰীৰৰ পৰা যিমান পাৰি সিমান তাপ আঁতৰাই ৰখা যাতে ইয়াক সংৰক্ষণ কৰিব পৰা যায়। কোৱালস্কিয়ে কয় যে শৰীৰত এটা অটোমেটিক চিপিআৰ ডিভাইচ সংলগ্ন কৰি তেজ চলাচল কৰি ৰখা হয়, আৰু তাৰ পিছত ইয়াক বৰফৰ মাজত ৰাখি ঠাণ্ডা কৰা হয়।

ক্ৰাইয়নিকৰ প্ৰথম দিনত মৃতদেহবোৰক "ষ্ট্ৰেইট ফ্ৰীজ"ত ৰখা হৈছিল, অৰ্থাৎ মৃত্যুৰ পিছত কেৱল ফ্ৰীজত ৰখা হৈছিল। কিন্তু সেইটোৱে আভ্যন্তৰীণ ক্ষতি কৰিব পাৰে।

আজি যেতিয়া কোনো মৃতদেহ ক্ৰাইয়নিকছৰ ৰখা হয়, তেতিয়া ইয়াক "ভিট্ৰিফিকেশন" নামৰ প্ৰক্ৰিয়া এটা কৰা হয়, অৰ্থাৎ মৃতদেহবোৰক "এন্টি-ফ্ৰীজ ছলিউচন"ৰে ভৰাই পাম্প কৰা হয়।

পৰৱৰ্তী পদক্ষেপটো হ’ল শৰীৰটোক এটা ডাঙৰ বাকচত ৰখা হয় যিয়ে লাহে লাহে বৰফ-পানীৰ উষ্ণতাৰ পৰা তৰল নাইট্ৰজেনৰ উষ্ণতালৈকে ঠাণ্ডা কৰে, যিটো -১৯৬ ডিগ্ৰী চেলছিয়াছ (বা -৩২০ ডিগ্ৰী ফাৰেনহাইট) শৰীৰটোক এনেদৰে সংৰক্ষণ কৰা।

শেষত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত ফ্ৰীজিং-কল্ড বডিটো এটা চেম্বাৰত সংৰক্ষণ কৰা হয়। মৃতদেহবোৰ ওলোটাকৈ জমা কৰা হয়, আৰু সময়ে সময়ে কক্ষবোৰত অতিৰিক্ত তৰল নাইট্ৰজেন যোগ কৰা হয় যাতে সেইবোৰ অবিৰতভাৱে ভৰি থাকে।

কোৱালস্কিয়ে কয় যে ক্ৰাইয়নিকছৰ বাবে ছাইন আপ কৰা লোকসকলে বৈজ্ঞানিক উদ্ভাৱনৰ ভৱিষ্যতৰ প্ৰতি আশাবাদী। বহুতেই কল্পবিজ্ঞানৰ প্ৰেমী।

ক্ৰাইয়নিক্স ইনষ্টিটিউটে সদস্যৰ মৃত্যুৰ পিছত মৃতদেহ প্ৰক্ৰিয়া আৰু সংৰক্ষণৰ বাবে ২৮,০০০ ডলাৰ সদস্যৰ মাচুল লয় আৰু এই মাচুলৰ ব্যৱস্থা জীৱন বীমা পলিচিৰ জৰিয়তে কৰিব পাৰি।

মিচিগানৰ ৭ হাজাৰ বৰ্গফুটৰ ক্ৰাইয়নিকছ ইনষ্টিটিউটত ২০০ৰো অধিক মৃতদেহ ৰখা আছে। ৰয়টাৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা ক্ৰাইয়নিকছ কোম্পানী এলক’ৰ লাইফ এক্সটেনচন ফাউণ্ডেচনে সম্পূৰ্ণ শৰীৰত সংৰক্ষণৰ বাবে ২ লাখ ডলাৰ আৰু  এজন ব্যক্তিৰ মগজু সংৰক্ষণৰ বাবে ৮০ হাজাৰ ডলাৰ লয়।

উল্লেখ্য যে ৰবাৰ্ট এটিংগাৰ নামৰ বিজ্ঞানীজনক "ক্ৰাইয়নিকছৰ পিতৃ" বুলি জনা যায়।  ১৯৭৭ চনত ক্ৰাইয়নিক ইনষ্টিটিউটৰ প্ৰথম ৰোগী আছিল তেওঁৰ মাতৃ ৰিয়া এটিংগাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে