--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছৰ জীৱন! মৃত্যুৰ পাছতো জীয়াই থাকিব পৰা যাব। শেহতীয়াকৈ এই চৰ্চা লাভ কৰিছে। এই ব্যৱস্থাক cryonics facility বুলি কোৱা হৈছে।

কিন্তু কি এই  ক্ৰায়’নিকছ ফেচিলিটি?

ভৱিষ্যতে এজন ব্যক্তিক পুনৰুজ্জীৱিত কৰিব পৰাকৈ মৃত মানুহৰ অৱশিষ্টবোৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি জমা কৰি ৰখা প্ৰক্ৰিয়াটোৱেই হৈছে ক্ৰাইয়নিকছ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে অনিৰ্দিষ্টকাললৈ মৃতদেহ এটা জমা কৰিবলৈ ২৮ হাজাৰ ডলাৰ লোৱা হয়।

উল্লেখ্য যে ইতিহাসৰ পাতত মানুহে মৃত্যুক জয় কৰিবলৈ চেষ্টা চলাই আহিছে যদিও শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ কেন্দ্ৰ ছিলিকন ভেলীৰ বহু ধনাঢ্য মানুহৰ মনত এই বিষয়টোৱে পুনৰ খোপনি পুতিছে।

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ, অ’পেনএআইৰ চিইঅ’ ছেম অল্টমেন, আৰু পেপ’লৰ সহ-প্ৰতিষ্ঠাপক পিটাৰ থিলে ইয়াৰ বাবে লাখ লাখ ডলাৰ বিনিয়োগ কৰিছে।

ক্ৰাইয়নিক্স হৈছে এনে এক প্ৰক্ৰিয়া যিটোৱে মানুহৰ জীৱন বৃদ্ধি কৰাত সহায় কৰিব পাৰে বুলি বহুতে বিশ্বাস কৰে। ইয়াৰ লগত জড়িত হৈ আছে এজন ব্যক্তিৰ মৃত্যুৰ পিছত মানুহৰ অৱশিষ্ট গভীৰভাৱে জমা কৰি ৰখাৰ প্ৰক্ৰিয়া।

অৱশ্যে এতিয়ালৈকে ক্ৰাইয়নিক ছাচপেনচনৰ পৰা কেতিয়াও কাকো পুনৰুজ্জীৱিত কৰা হোৱা নাই, ইয়াৰ বাবে প্ৰযুক্তিও নাই। এই প্ৰক্ৰিয়াটো অত্যন্ত জটিল।

ক্ৰাইয়নিক্স ইনষ্টিটিউট নামৰ এটা প্ৰতিষ্ঠানৰ প্ৰেচিডেণ্ট ডেনিছ কোৱালস্কিৰ মতে, ডিপ ফ্ৰীজিং প্ৰক্ৰিয়াটোত দুটা পদক্ষেপ লোৱা হয়।

কোনো ব্যক্তিক আইনগতভাৱে মৃত বুলি ঘোষণা কৰাৰ পিছত সংৰক্ষণ আৰম্ভ হয়। কোৱালস্কিৰ মতে এই প্ৰক্ৰিয়া যিমানেই সোনকালে আৰম্ভ হ’ব সিমানেই শৰীৰটো সংৰক্ষণৰ সম্ভাৱনা বেছি। প্ৰথমে শৰীৰত তেজ পাতল কৰা ঔষধ আৰু পেটৰ এচিডৰ বাবে এন্টাচিড দিয়া হয়।

তাৰ পিছত শৰীৰৰ পৰা যিমান পাৰি সিমান তাপ আঁতৰাই ৰখা যাতে ইয়াক সংৰক্ষণ কৰিব পৰা যায়। কোৱালস্কিয়ে কয় যে শৰীৰত এটা অটোমেটিক চিপিআৰ ডিভাইচ সংলগ্ন কৰি তেজ চলাচল কৰি ৰখা হয়, আৰু তাৰ পিছত ইয়াক বৰফৰ মাজত ৰাখি ঠাণ্ডা কৰা হয়।

ক্ৰাইয়নিকৰ প্ৰথম দিনত মৃতদেহবোৰক "ষ্ট্ৰেইট ফ্ৰীজ"ত ৰখা হৈছিল, অৰ্থাৎ মৃত্যুৰ পিছত কেৱল ফ্ৰীজত ৰখা হৈছিল। কিন্তু সেইটোৱে আভ্যন্তৰীণ ক্ষতি কৰিব পাৰে।

আজি যেতিয়া কোনো মৃতদেহ ক্ৰাইয়নিকছৰ ৰখা হয়, তেতিয়া ইয়াক "ভিট্ৰিফিকেশন" নামৰ প্ৰক্ৰিয়া এটা কৰা হয়, অৰ্থাৎ মৃতদেহবোৰক "এন্টি-ফ্ৰীজ ছলিউচন"ৰে ভৰাই পাম্প কৰা হয়।

পৰৱৰ্তী পদক্ষেপটো হ’ল শৰীৰটোক এটা ডাঙৰ বাকচত ৰখা হয় যিয়ে লাহে লাহে বৰফ-পানীৰ উষ্ণতাৰ পৰা তৰল নাইট্ৰজেনৰ উষ্ণতালৈকে ঠাণ্ডা কৰে, যিটো -১৯৬ ডিগ্ৰী চেলছিয়াছ (বা -৩২০ ডিগ্ৰী ফাৰেনহাইট) শৰীৰটোক এনেদৰে সংৰক্ষণ কৰা।

শেষত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত ফ্ৰীজিং-কল্ড বডিটো এটা চেম্বাৰত সংৰক্ষণ কৰা হয়। মৃতদেহবোৰ ওলোটাকৈ জমা কৰা হয়, আৰু সময়ে সময়ে কক্ষবোৰত অতিৰিক্ত তৰল নাইট্ৰজেন যোগ কৰা হয় যাতে সেইবোৰ অবিৰতভাৱে ভৰি থাকে।

কোৱালস্কিয়ে কয় যে ক্ৰাইয়নিকছৰ বাবে ছাইন আপ কৰা লোকসকলে বৈজ্ঞানিক উদ্ভাৱনৰ ভৱিষ্যতৰ প্ৰতি আশাবাদী। বহুতেই কল্পবিজ্ঞানৰ প্ৰেমী।

ক্ৰাইয়নিক্স ইনষ্টিটিউটে সদস্যৰ মৃত্যুৰ পিছত মৃতদেহ প্ৰক্ৰিয়া আৰু সংৰক্ষণৰ বাবে ২৮,০০০ ডলাৰ সদস্যৰ মাচুল লয় আৰু এই মাচুলৰ ব্যৱস্থা জীৱন বীমা পলিচিৰ জৰিয়তে কৰিব পাৰি।

মিচিগানৰ ৭ হাজাৰ বৰ্গফুটৰ ক্ৰাইয়নিকছ ইনষ্টিটিউটত ২০০ৰো অধিক মৃতদেহ ৰখা আছে। ৰয়টাৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা ক্ৰাইয়নিকছ কোম্পানী এলক’ৰ লাইফ এক্সটেনচন ফাউণ্ডেচনে সম্পূৰ্ণ শৰীৰত সংৰক্ষণৰ বাবে ২ লাখ ডলাৰ আৰু  এজন ব্যক্তিৰ মগজু সংৰক্ষণৰ বাবে ৮০ হাজাৰ ডলাৰ লয়।

উল্লেখ্য যে ৰবাৰ্ট এটিংগাৰ নামৰ বিজ্ঞানীজনক "ক্ৰাইয়নিকছৰ পিতৃ" বুলি জনা যায়।  ১৯৭৭ চনত ক্ৰাইয়নিক ইনষ্টিটিউটৰ প্ৰথম ৰোগী আছিল তেওঁৰ মাতৃ ৰিয়া এটিংগাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু