--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰদৈ এবিধ উপকাৰী ফল। অতি ৰসাল, সোৱাদযুক্ত ফল কৰদৈ। আমাৰ দেহক লগা বিভিন্ন উপাদানেৰে ই ভৰপূৰ৷ কৰদৈক ইংৰাজীত ষ্টাৰ ফ্ৰুট বুলি কোৱা হয়। কৰদৈত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰন, ফচফৰাছ, পটেচিয়াম, মেগনেচিয়াম, ছ’ডিয়ামৰ লগতে অধিক মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ বহুতে কৰদৈক কেঁচা চাটনি হিচাপেও খায়। কৰদৈৰ চৰ্বতো অতি সোৱাদযুক্ত। কৰদৈৰে ৰন্ধ মাছৰ টেঙা জোল খাবলৈও অতি সোৱাদ। কৰদৈৰে সোৱাদযুক্ত আচাৰ, টক আদিও প্ৰস্তুত কৰিব পাৰি। কৰদৈৰ আছে নানা উপকাৰিতা।

কৰদৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক–

১)কেঁচা কৰদৈ বা কৰদৈৰ ৰস পানীত মিলাই খালে ,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷

২)কৰদৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷

৩)খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷

৪)কৰদৈ যকৃতৰ বাবে ভাল৷

৫)অৰুচি, অভোক, বদহজম আদি দূৰ কৰাত কৰদৈ যথেষ্ট উপকাৰী৷

৬)ডায়েবেটিছ ৰোগীৰ কাৰণে কৰদৈ এবিধ উপযুক্ত খাদ্য৷ 

৭)কৰদৈয়ে শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷

৮)দেহৰ ওজন হ্ৰাস কৰিবলৈ কৰদৈ এবিধ ফলদায়ক ফল৷

৯) শ্বাসজনিত যিকোনো ৰোগত কৰদৈ খাব লাগে৷

১০)কৰদৈয়ে ছাল মসৃণ কৰাৰ লগাতে ছালৰ সংক্ৰমণ ৰোধতো সহায় কৰে৷

১১)উচ্চ ৰক্তচাপ আৰু শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ কৰদৈ খোৱাটো ভাল৷

১২)কৰদৈয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে পেটৰ অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷

১৩)কৰদৈত অধিক মাত্ৰাত কেলচিয়াম থাকে বাবে ই দাঁত, হাড় আদি মজবুত কৰি ৰাখে৷

১৪)কৰদৈৰ কুমলীয়া পাত থেতেলিয়াই ছালত হোৱা খৰ, খজুৱতি আদিত দিলে নিৰাময় হয়৷

১৫)মাতৃদুগ্ধ বৃদ্ধিত কৰদৈয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে৷

১৬)অন্ত্ৰৰ কৰ্কট প্ৰতিৰোধতো উপযোগী কৰদৈ।

১৭)কৰদৈয়ে কৃমিৰ সমস্যাও দূৰ কৰে।

গতিকে কৰদৈৰ জুতি লওক আৰু সুস্থ থাকক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ