--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰদৈ এবিধ উপকাৰী ফল। অতি ৰসাল, সোৱাদযুক্ত ফল কৰদৈ। আমাৰ দেহক লগা বিভিন্ন উপাদানেৰে ই ভৰপূৰ৷ কৰদৈক ইংৰাজীত ষ্টাৰ ফ্ৰুট বুলি কোৱা হয়। কৰদৈত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰন, ফচফৰাছ, পটেচিয়াম, মেগনেচিয়াম, ছ’ডিয়ামৰ লগতে অধিক মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ বহুতে কৰদৈক কেঁচা চাটনি হিচাপেও খায়। কৰদৈৰ চৰ্বতো অতি সোৱাদযুক্ত। কৰদৈৰে ৰন্ধ মাছৰ টেঙা জোল খাবলৈও অতি সোৱাদ। কৰদৈৰে সোৱাদযুক্ত আচাৰ, টক আদিও প্ৰস্তুত কৰিব পাৰি। কৰদৈৰ আছে নানা উপকাৰিতা।

কৰদৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক–

১)কেঁচা কৰদৈ বা কৰদৈৰ ৰস পানীত মিলাই খালে ,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷

২)কৰদৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷

৩)খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷

৪)কৰদৈ যকৃতৰ বাবে ভাল৷

৫)অৰুচি, অভোক, বদহজম আদি দূৰ কৰাত কৰদৈ যথেষ্ট উপকাৰী৷

৬)ডায়েবেটিছ ৰোগীৰ কাৰণে কৰদৈ এবিধ উপযুক্ত খাদ্য৷ 

৭)কৰদৈয়ে শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷

৮)দেহৰ ওজন হ্ৰাস কৰিবলৈ কৰদৈ এবিধ ফলদায়ক ফল৷

৯) শ্বাসজনিত যিকোনো ৰোগত কৰদৈ খাব লাগে৷

১০)কৰদৈয়ে ছাল মসৃণ কৰাৰ লগাতে ছালৰ সংক্ৰমণ ৰোধতো সহায় কৰে৷

১১)উচ্চ ৰক্তচাপ আৰু শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ কৰদৈ খোৱাটো ভাল৷

১২)কৰদৈয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে পেটৰ অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷

১৩)কৰদৈত অধিক মাত্ৰাত কেলচিয়াম থাকে বাবে ই দাঁত, হাড় আদি মজবুত কৰি ৰাখে৷

১৪)কৰদৈৰ কুমলীয়া পাত থেতেলিয়াই ছালত হোৱা খৰ, খজুৱতি আদিত দিলে নিৰাময় হয়৷

১৫)মাতৃদুগ্ধ বৃদ্ধিত কৰদৈয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে৷

১৬)অন্ত্ৰৰ কৰ্কট প্ৰতিৰোধতো উপযোগী কৰদৈ।

১৭)কৰদৈয়ে কৃমিৰ সমস্যাও দূৰ কৰে।

গতিকে কৰদৈৰ জুতি লওক আৰু সুস্থ থাকক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো