--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি সকলো বয়সৰ লোকৰ মাজত পকা চুলিৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছে। গৱেষকসকলৰ মতে এই সমস্যা দুৰ্বল খাদ্যভ্যাস, প্ৰদূষিত বায়ুমণ্ডল আৰু ভুল জীৱনশৈলী ফলতো হ’ব পাৰে, যাৰ বাবে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ চুলিতো পৰা দেখা যায়। এনে পৰিস্থিতিত যেতিয়া মানুহে ৰং ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া চুলি অধিক দুৰ্বল হৈ পৰে আৰু লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। গতিকে আজি আমি এবিধ ফুলৰ বিষয়ে জানিম, যিবিধ লগালে চুলি সদায় প্ৰাকৃতিক হৈ থাকিব। চুলিত আৰু কেতিয়াও ৰং কৰাৰ প্ৰয়োজন নাই।

 * নয়নতৰা ফুলঃ-নয়নতৰা ফুলে চুলিক প্ৰাকৃতিক কৰি ৰখাত বহুখিনি সহায় কৰে। ইয়াক বহুবৰ্ষজীৱী ফুল বুলিও কোৱা হয়। চুলিৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে এই ফুল অতি উপকাৰী। চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ৰাসায়নিক সামগ্ৰীৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ এই ফুল অত্যন্ত উপকাৰী। এই ফুলেৰে ৰং বনাই চুলিত লগাব পাৰে। কেইমাহমান প্ৰয়োগ কৰাৰ পাছতে ইয়াৰ প্ৰভাৱ লাহে লাহে দেখিবলৈ আৰম্ভ কৰিব।

* কেনেদৰে প্ৰস্তুত কৰিব পাৰিঃ-২০ৰ পৰা ৩০টা নয়নতৰা ফুল লৈ ১৫ৰ পৰা ২০টা পাত লওক। দুই চামুচ চাহপাতৰ লগত এচামুচ কফি মিহলাই লওক। প্ৰথমে চাহপাত আধাকাপ পানীত দি ভালদৰে উতলাই লওক, তাৰ পাছত চেকি ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হ’লে তাত ফুল আৰু পাত মিহলাই গ্ৰাইণ্ডাৰত ভালদৰে পিহি এটা বাটিত পেষ্ট উলিয়াই তাত কফি দিব। যদি আপুনি ইয়াক অধিক ফলপ্ৰসূ কৰিব বিচাৰে তেন্তে ইয়াক লোহাৰ কেৰাহীত ২ ঘণ্টা ধৰি ঢাকি ৰাখক, কাৰণ ইয়াক লোহাৰ কেৰাহীত ৰাখিলে আইৰণ প্ৰচুৰ পৰিমাণে উপলব্ধ হ’ব যিটো চুলিৰ পুষ্টিকৰ উপাদানত অন্তৰ্ভুক্ত হ’ব। ইয়াৰ পাছত চুলিত ভালদৰে লগাই প্ৰায় ১ ঘণ্টাৰ পাছত শ্বেম্পুৰে চুলিখিনি ভালদৰে ধুই পেলাওক, সপ্তাহত দুবাৰ এনেদৰে চুলিত লগালে পকা চুলি স্বাভাৱিকভাৱে ক’লা হ’বলৈ আৰম্ভ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ