--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰখ্যাত অভিনেত্ৰী ছোনম কাপুৰৰ দিল্লীৰ বাসগৃহত সংঘটিত হোৱা চুৰিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্ৰায় আঢ়ৈ কোটি টকা মূল্যৰ ধন আৰু আ-অলংকাৰ চুৰি হৈছিল ছোনমৰ দিল্লীৰ ঘৰৰ পৰা। এই ঘটনাই সৃষ্টি কৰিছিল ব্যাপক চাঞ্চল্যৰ। কিন্তু এই ঘটনাৰ ভেদ ভঙাৰ পাছত চাঞ্চল্য অধিক বৃদ্ধিহে পালে। কিয়নো ছোনমৰ ঘৰত চুৰি কৰা অপৰাধীজন কোনো দাগী অপৰাধী নাছিল। ঘৰৰ ভিতৰতে অৱস্থান কৰি আছিল চোৰে।

এতিয়া কোনো মানুহকে বিশ্বাসত ল’ব নোৱৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্বাসেৰে কাৰোবাক ঘৰ চপাই নিলেও তেওঁলোকেই বিশ্বাসঘাতকতা কৰাৰ ঘটনা সংঘটিত হৈছে। ছোনম কাপুৰৰ ক্ষেত্ৰতো সেই ঘটনাই ঘটিল। ছোনম কাপুৰৰ ঘৰৰ পৰা আঢ়ৈ কোটি টকাৰ ধন-সোণ লুটি নিয়া চোৰ আৰক্ষীৰ জালত পৰাত সকলোৰে চকু কপালত উঠিল। কিয়নো এই চুৰি কৰিছিল তেওঁলোকৰ ঘৰত নিযুক্ত এগৰাকী নাৰ্ছে। ছোনমৰ ঘৰত কৰ্মৰত নাৰ্ছগৰাকীক তেওঁৰ স্বামীৰ সৈতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

অপৰ্না ৰথ উইলছন নামৰ নাৰ্ছগৰাকীক অভিনেত্ৰীগৰাকীৰ শাহুৱেকক চোৱা চিতা কৰাৰ বাবে নিযুক্ত কৰা হৈছিল। অমৃতা শ্বেৰগীল পথত থকা তেওঁলোকৰ ঘৰত নিযুক্ত কৰা হৈছিল নাৰ্ছগৰাকীক। আনহাতে তেওঁ স্বামী নৰেশ কুমাৰ সাগৰে শ্বাকাৰপুৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।  

বিগত ১১ ফেব্ৰুৱাৰীত এই চুৰিকাণ্ড সংঘটিত হয়। ২৩ ফেব্ৰুৱাৰীত এই সন্দৰ্ভত গোচৰ ৰুজু কৰে তোঘলক ৰোড আৰক্ষী থানাই। তাৰ পাছৰ পৰাই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই গৈছিল। মঙলবাৰে নিশা আৰক্ষীয়ে সৰিতা বিহাৰত তালাচী অভিযান চলাই নাৰ্ছ উইলচন আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এতিয়াও চুৰি কৰা গহনা আৰু ধনখিনি উদ্ধাৰ কৰিবলৈ বাকী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ