--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰখ্যাত অভিনেত্ৰী ছোনম কাপুৰৰ দিল্লীৰ বাসগৃহত সংঘটিত হোৱা চুৰিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্ৰায় আঢ়ৈ কোটি টকা মূল্যৰ ধন আৰু আ-অলংকাৰ চুৰি হৈছিল ছোনমৰ দিল্লীৰ ঘৰৰ পৰা। এই ঘটনাই সৃষ্টি কৰিছিল ব্যাপক চাঞ্চল্যৰ। কিন্তু এই ঘটনাৰ ভেদ ভঙাৰ পাছত চাঞ্চল্য অধিক বৃদ্ধিহে পালে। কিয়নো ছোনমৰ ঘৰত চুৰি কৰা অপৰাধীজন কোনো দাগী অপৰাধী নাছিল। ঘৰৰ ভিতৰতে অৱস্থান কৰি আছিল চোৰে।

এতিয়া কোনো মানুহকে বিশ্বাসত ল’ব নোৱৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্বাসেৰে কাৰোবাক ঘৰ চপাই নিলেও তেওঁলোকেই বিশ্বাসঘাতকতা কৰাৰ ঘটনা সংঘটিত হৈছে। ছোনম কাপুৰৰ ক্ষেত্ৰতো সেই ঘটনাই ঘটিল। ছোনম কাপুৰৰ ঘৰৰ পৰা আঢ়ৈ কোটি টকাৰ ধন-সোণ লুটি নিয়া চোৰ আৰক্ষীৰ জালত পৰাত সকলোৰে চকু কপালত উঠিল। কিয়নো এই চুৰি কৰিছিল তেওঁলোকৰ ঘৰত নিযুক্ত এগৰাকী নাৰ্ছে। ছোনমৰ ঘৰত কৰ্মৰত নাৰ্ছগৰাকীক তেওঁৰ স্বামীৰ সৈতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

অপৰ্না ৰথ উইলছন নামৰ নাৰ্ছগৰাকীক অভিনেত্ৰীগৰাকীৰ শাহুৱেকক চোৱা চিতা কৰাৰ বাবে নিযুক্ত কৰা হৈছিল। অমৃতা শ্বেৰগীল পথত থকা তেওঁলোকৰ ঘৰত নিযুক্ত কৰা হৈছিল নাৰ্ছগৰাকীক। আনহাতে তেওঁ স্বামী নৰেশ কুমাৰ সাগৰে শ্বাকাৰপুৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।  

বিগত ১১ ফেব্ৰুৱাৰীত এই চুৰিকাণ্ড সংঘটিত হয়। ২৩ ফেব্ৰুৱাৰীত এই সন্দৰ্ভত গোচৰ ৰুজু কৰে তোঘলক ৰোড আৰক্ষী থানাই। তাৰ পাছৰ পৰাই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই গৈছিল। মঙলবাৰে নিশা আৰক্ষীয়ে সৰিতা বিহাৰত তালাচী অভিযান চলাই নাৰ্ছ উইলচন আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এতিয়াও চুৰি কৰা গহনা আৰু ধনখিনি উদ্ধাৰ কৰিবলৈ বাকী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ