--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালাৰ্ছ টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' হুনৰবাজে ইতিমধ্যে সামাজিক মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায়সংখ্যক দৰ্শকেই অনুষ্ঠানটোক লৈ মুগ্ধ। এই ৰিয়েলিটি শ্বটোৱে ভাৰতৰ চুকে-কোণে থকা প্ৰতিভাক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। এই ৰিয়েলিটি শ্বটোৰ বাবেই কালাৰ্ছ টেলিভিছনৰ টিআৰপি এতিয়া আকাশচুম্বী। ৰিয়েলিটি শ্বটো হোষ্ট কৰিছে জনপ্ৰিয় তাৰকা হৰ্ষ লিম্বাচিয়াই। স্মৰ্তব্য যে, কিছুদিন পূৰ্বে হৰ্ষ আৰু ভাৰতী পিতৃ-মাতৃ হৈছিল আৰু এই মুহূৰ্তত তেওঁলোক দুয়ো সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

হৰ্ষ লিম্বাচিয়া এই মুহূৰ্তত ছ’চিয়েল মিডিয়াত এগৰাকী জনপ্ৰিয় তাৰকা হৈ পৰিছে। তেওঁৰ অসাধাৰণ ষ্টেজ পাৰ্ফমেঞ্চে হওক বা হোষ্টিং কৌশল, মুঠতে সকলোৰে বাবে বিভিন্ন মঞ্চত জনপ্ৰিয়তা লাভ কৰিছে হৰ্ষ লিম্বাচিয়াই। পাছে বৰ্তমান সন্তানৰ লালন-পালনত ব্যস্ত ভাৰতীয়ে কৰ্মজীৱনৰ পৰা আঁতৰি আছে। সেয়েহে, ভাৰতীৰ স্থান পূৰণ কৰিবলৈ  অনুষ্ঠানটোত সহ-সঞ্চালক হিচাপে সুৰভি চন্দনাই আগভাগ লোৱা দেখা গৈছে। কিন্তু ৰিয়েলিটি শ্বৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে অনুষ্ঠানটোৰ সঞ্চালক হৰ্ষ লিম্বাচিয়াৰ ওপৰত খং উঠা দেখা গৈছে। মিঠুনৰ খং উঠাৰ কাৰণো হেনো সুৰভি।আচলতে, হৰ্ষই সুৰভিৰ কঁকালত হাত থৈ বিচাৰকৰ সৈতে পৰিচয় কৰাই দিছিল। হৰ্ষৰ এই কাৰ্যকে সমালোচনাৰ দৃষ্টিৰে চাইছে মিঠুনে। আগলৈ এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈও হৰ্ষক সকিতয়াই দিছিল মিঠুনে।

 ইয়াৰ পাছত দুয়ো কৰণ জোহৰৰ ওচৰলৈ যায়। দুয়োকে দেখি কৰণ জোহৰে কয়. ‘সুৰভিক এনেৰে পৰিচয় কৰাই দিয়া হৈছে যেন ঘৰখনৰ ন-কইনাহে তেওঁ। হতবাক হৈ সুৰভীয়েও কৰণৰ সৈতে সুৰত সুৰ মিলাই ক’লে, ‘আচলতে ময়ো নাজানো, হৰ্ষৰ মোৰ সৈতে কিয় এনে ব্যৱহাৰ কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ