--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলিয়া ভাটৰ জীৱনত যদি বন্ধু, দাৰ্শনিক কিম্বা গাইড বুলি  কোনোবা আছে তেনেহ’লে  তেওঁ হৈছে চলচ্চিত্ৰৰ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰ। কাৰণ, 'ষ্টুডেণ্ট অফ দ্য ইয়েৰ' ছবিৰ যোগেদিয়েই আলিয়া হৈ পৰিছিল জনাজাত। কেৱল সেয়াই নহয়, কৰণৰ সৈতে আলোচনা কৰিহে আলিয়াই বিভিন্ন চলচ্চিত্ৰত স্বাক্ষৰ কৰে বুলিও শুনিবলৈ পোৱা যায়। বলীউড ছবিয়েই নহয়। ৰণবীৰৰ সৈতে আলিয়াৰ প্ৰেমৰ সম্পৰ্কৰ আঁৰৰ মানুহজনো হৈছে কৰণ জোহৰ। সেয়া যি কি নহওক  দীৰ্ঘ উত্‍কণ্ঠাৰ অন্তত ৰণবীৰ-আলিয়া বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে। আৰু এই হাঁহিমুখৰ অনুষ্ঠানৰ মাজতে মেহেন্দী অনুষ্ঠানত উচুপি উঠিল কৰণ জোহৰে!

বিয়াৰ অনুষ্ঠানলৈ অহা অতিথিৰ মুখত হাঁহি। অথচ, মেহেন্দি লগাই উচুপি উঠিল কৰণ জোহৰ।অতীতৰ স্মৃতিবোৰে এতিয়া কৰণৰ মনত দোলা দি গৈছে। হৈ পৰিছে আৱেগিক। এই চকুলো আনন্দৰ বুলিও জনাইছে কৰণ জোহৰে। ইফালে, কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো আলিয়াৰ বিবাহৰ এই ভিডিঅ'বোৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাক লৈয়ো চলিছে অনুসন্ধান। কোনে, ক’ত, কেনেকৈ ভিডিঅ’ ৰেকৰ্ডিং কৰি এনেদৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে তাক লৈয়ো চলিছে তুমুল চৰ্চা। এই সকলোবোৰৰ সমান্তৰালকৈ মেহেন্দী অনুষ্ঠানত কৰণৰ ক্ৰন্দনে সকলোকে হতচকিত কৰি তুলিছে।
বলীউডৰ এই বিয়াখনত লৈ এতিয়া গুজৱৰ অন্ত নাই। বুধবাৰে মেহেন্দী অনুষ্ঠানত আলিয়াই নিজৰ হাতৰ ৰণবীৰৰ নাম লিখা নাছিল। তাৰ পৰিৱৰ্তে আলিয়াই এটা বিশেষ সংখ্যা ব্যৱহাৰ কিৰছিল। জানিবলৈ পোৱামতে, আলিয়াই হাতৰ মেহেন্দীৰ ডিজাইনত এটা সংখ্যা লিখিছে। সংখ্যাটো ৮। এই সংখ্যাটো ব্যৱহাৰ কৰাৰো আছে আন এক কাৰণ। ৰণবীৰ কাপুৰে হেনো এই সংখ্যাটো ভাগ্যৱান বুলি বিবেচনা কৰে।সেইকাৰণে তেওঁ এই নম্বৰটো নিজৰ হাতত লিখিছে বুলি জনায় আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ