--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলিয়া ভাটৰ জীৱনত যদি বন্ধু, দাৰ্শনিক কিম্বা গাইড বুলি  কোনোবা আছে তেনেহ’লে  তেওঁ হৈছে চলচ্চিত্ৰৰ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰ। কাৰণ, 'ষ্টুডেণ্ট অফ দ্য ইয়েৰ' ছবিৰ যোগেদিয়েই আলিয়া হৈ পৰিছিল জনাজাত। কেৱল সেয়াই নহয়, কৰণৰ সৈতে আলোচনা কৰিহে আলিয়াই বিভিন্ন চলচ্চিত্ৰত স্বাক্ষৰ কৰে বুলিও শুনিবলৈ পোৱা যায়। বলীউড ছবিয়েই নহয়। ৰণবীৰৰ সৈতে আলিয়াৰ প্ৰেমৰ সম্পৰ্কৰ আঁৰৰ মানুহজনো হৈছে কৰণ জোহৰ। সেয়া যি কি নহওক  দীৰ্ঘ উত্‍কণ্ঠাৰ অন্তত ৰণবীৰ-আলিয়া বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে। আৰু এই হাঁহিমুখৰ অনুষ্ঠানৰ মাজতে মেহেন্দী অনুষ্ঠানত উচুপি উঠিল কৰণ জোহৰে!

বিয়াৰ অনুষ্ঠানলৈ অহা অতিথিৰ মুখত হাঁহি। অথচ, মেহেন্দি লগাই উচুপি উঠিল কৰণ জোহৰ।অতীতৰ স্মৃতিবোৰে এতিয়া কৰণৰ মনত দোলা দি গৈছে। হৈ পৰিছে আৱেগিক। এই চকুলো আনন্দৰ বুলিও জনাইছে কৰণ জোহৰে। ইফালে, কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো আলিয়াৰ বিবাহৰ এই ভিডিঅ'বোৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাক লৈয়ো চলিছে অনুসন্ধান। কোনে, ক’ত, কেনেকৈ ভিডিঅ’ ৰেকৰ্ডিং কৰি এনেদৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে তাক লৈয়ো চলিছে তুমুল চৰ্চা। এই সকলোবোৰৰ সমান্তৰালকৈ মেহেন্দী অনুষ্ঠানত কৰণৰ ক্ৰন্দনে সকলোকে হতচকিত কৰি তুলিছে।
বলীউডৰ এই বিয়াখনত লৈ এতিয়া গুজৱৰ অন্ত নাই। বুধবাৰে মেহেন্দী অনুষ্ঠানত আলিয়াই নিজৰ হাতৰ ৰণবীৰৰ নাম লিখা নাছিল। তাৰ পৰিৱৰ্তে আলিয়াই এটা বিশেষ সংখ্যা ব্যৱহাৰ কিৰছিল। জানিবলৈ পোৱামতে, আলিয়াই হাতৰ মেহেন্দীৰ ডিজাইনত এটা সংখ্যা লিখিছে। সংখ্যাটো ৮। এই সংখ্যাটো ব্যৱহাৰ কৰাৰো আছে আন এক কাৰণ। ৰণবীৰ কাপুৰে হেনো এই সংখ্যাটো ভাগ্যৱান বুলি বিবেচনা কৰে।সেইকাৰণে তেওঁ এই নম্বৰটো নিজৰ হাতত লিখিছে বুলি জনায় আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু