--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেলে ডেস্ক : ব’হাগলৈ নৰ’লেই, চ’তৰ শেষতেই গাত মাহ-হালধী সানিলে ৰণবীৰ আলিয়াই। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। মিষ্টাৰ এণ্ড মিছেজ কাপুৰ হিচাপে নতুন পৰিচয়েৰে বান্ধ খালে ৰণবীৰ কাপুৰ, আলিয়া ভাট। কেইগৰাকীমান অতি ঘনিষ্ঠ বন্ধু আৰু দুই পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত দুই তাৰকাই বান্ধ খালে বিবাহ বন্ধনত। দুয়োজন অভিনেতাই বৃহস্পতিবাৰে ৰণবীৰ কাপুৰৰ বান্দ্ৰাৰ বাসগৃহত বিবাহ পাশত আৱদ্ধ হয়।

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়াই সব্যসাচীয়ে  ডিজাইন কৰা পোছাক পিন্ধি ৰণবীৰৰে জীৱন অতিবাহিত কৰাৰ সংকল্প ল’লে। ঘনিষ্ঠ সূত্ৰ প্ৰকাশ কৰা অনুসৰি, ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ বিয়াৰ গহনা পৰিধান কৰিয়েই ভাট কন্যাই বিবাহত বহিল।  
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা চৰ্চাত আছিল ৰণবীৰ-আলিয়াৰ বিয়াৰ প্ৰসংগ। সমগ্ৰ দেশৰ বলীউডপ্ৰেমীসকলে এই মুহূৰ্তত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ সবিশেষ জানিবলৈ আগ্ৰহী। যদিও বিবাহ অনুষ্ঠানক লৈ কঠোৰ নীতি-নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তথা সংবাদ মাধ্যমৰ বাবেও খবৰৰ বা লোৱাৰ কোনো সুৰুঙা ৰখা নাছিল তথাপি  স্বামী-স্ত্ৰীৰূপে দুই তাৰকাই ৰাজহুৱাভাৱে আজিয়েই আত্মপ্ৰকাশৰ বাবে সাজু হৈছে। জানিব পৰা মতে তেওঁলোকে সন্ধিয়া প্ৰায় ৭ বজাত সংবাদ মাধ্যমৰ মুখামুখি হ'ব।

নীতু কাপুৰ, ৰিদ্ধিমা কাপুৰ চাহানী, কৰীণা কাপুৰ খান, কৰিশ্মা কাপুৰ,  মহেশ ভাট, ছ’নী ৰাজদান আৰু কাপুৰ আৰু ভাট পৰিয়ালৰ আন সদস্যসকলে বিবাহ অনুষ্ঠানত উপস্থিত আছিল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৰাৰ ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ সৈতে দৰাঘৰীয়াই বিয়াৰ সন্ধিয়া এটা বিশেষ নৃত্য প্ৰদৰ্শন কৰিব। নীতু কাপুৰে ইতিমধ্যে ইয়াৰ আখৰাৰ ফটো আপলোড কৰিছে।

কৰণ জোহৰ, আকাংক্ষা ৰঞ্জন, আয়ন মুখাৰ্জী আদিৰ দৰে ৰণবীৰ আলিয়াৰ ঘনিষ্ঠ বন্ধুও দুয়োজন তাৰকাৰ বিয়াত উপস্থিত আছিল। বিবাহস্থলীত দৃষ্টিগোচৰ হৈছিল আম্বানী পৰিয়ালৰ প্ৰতিনিধিকো।  মিষ্টাৰ এণ্ড মিছেজ কাপুৰে বিবাহৰ পাছতে বলীউডী ষ্টাইলৰ পাৰ্টী আয়োজনৰ সিদ্ধান্ত লৈছে। ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা  দীপিকা পাডুকন আৰু কেটৰিনা কাইফকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ