--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেলে ডেস্ক : ব’হাগলৈ নৰ’লেই, চ’তৰ শেষতেই গাত মাহ-হালধী সানিলে ৰণবীৰ আলিয়াই। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। মিষ্টাৰ এণ্ড মিছেজ কাপুৰ হিচাপে নতুন পৰিচয়েৰে বান্ধ খালে ৰণবীৰ কাপুৰ, আলিয়া ভাট। কেইগৰাকীমান অতি ঘনিষ্ঠ বন্ধু আৰু দুই পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত দুই তাৰকাই বান্ধ খালে বিবাহ বন্ধনত। দুয়োজন অভিনেতাই বৃহস্পতিবাৰে ৰণবীৰ কাপুৰৰ বান্দ্ৰাৰ বাসগৃহত বিবাহ পাশত আৱদ্ধ হয়।

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়াই সব্যসাচীয়ে  ডিজাইন কৰা পোছাক পিন্ধি ৰণবীৰৰে জীৱন অতিবাহিত কৰাৰ সংকল্প ল’লে। ঘনিষ্ঠ সূত্ৰ প্ৰকাশ কৰা অনুসৰি, ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ বিয়াৰ গহনা পৰিধান কৰিয়েই ভাট কন্যাই বিবাহত বহিল।  
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা চৰ্চাত আছিল ৰণবীৰ-আলিয়াৰ বিয়াৰ প্ৰসংগ। সমগ্ৰ দেশৰ বলীউডপ্ৰেমীসকলে এই মুহূৰ্তত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ সবিশেষ জানিবলৈ আগ্ৰহী। যদিও বিবাহ অনুষ্ঠানক লৈ কঠোৰ নীতি-নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তথা সংবাদ মাধ্যমৰ বাবেও খবৰৰ বা লোৱাৰ কোনো সুৰুঙা ৰখা নাছিল তথাপি  স্বামী-স্ত্ৰীৰূপে দুই তাৰকাই ৰাজহুৱাভাৱে আজিয়েই আত্মপ্ৰকাশৰ বাবে সাজু হৈছে। জানিব পৰা মতে তেওঁলোকে সন্ধিয়া প্ৰায় ৭ বজাত সংবাদ মাধ্যমৰ মুখামুখি হ'ব।

নীতু কাপুৰ, ৰিদ্ধিমা কাপুৰ চাহানী, কৰীণা কাপুৰ খান, কৰিশ্মা কাপুৰ,  মহেশ ভাট, ছ’নী ৰাজদান আৰু কাপুৰ আৰু ভাট পৰিয়ালৰ আন সদস্যসকলে বিবাহ অনুষ্ঠানত উপস্থিত আছিল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৰাৰ ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ সৈতে দৰাঘৰীয়াই বিয়াৰ সন্ধিয়া এটা বিশেষ নৃত্য প্ৰদৰ্শন কৰিব। নীতু কাপুৰে ইতিমধ্যে ইয়াৰ আখৰাৰ ফটো আপলোড কৰিছে।

কৰণ জোহৰ, আকাংক্ষা ৰঞ্জন, আয়ন মুখাৰ্জী আদিৰ দৰে ৰণবীৰ আলিয়াৰ ঘনিষ্ঠ বন্ধুও দুয়োজন তাৰকাৰ বিয়াত উপস্থিত আছিল। বিবাহস্থলীত দৃষ্টিগোচৰ হৈছিল আম্বানী পৰিয়ালৰ প্ৰতিনিধিকো।  মিষ্টাৰ এণ্ড মিছেজ কাপুৰে বিবাহৰ পাছতে বলীউডী ষ্টাইলৰ পাৰ্টী আয়োজনৰ সিদ্ধান্ত লৈছে। ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা  দীপিকা পাডুকন আৰু কেটৰিনা কাইফকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু