--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকি কেটৰ বিয়াৰ পাছত বলীউডত এতিয়া আন এখন বিয়াক চৰ্চা হৈছে। সেইয়া হল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া। অনুৰাগীয়ে তেওঁলোকক মৰমতে ৰনলিয়া বুলি মাতে। ৰনলিয়াৰ বিয়া কেতিয়া হ'ব? ইয়াৰ বিষয়ে যেন অনুমানৰ কোনো অন্ত নাই অনুৰাগীৰ । তেওঁলোকৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে যে ৰণবীৰ-আলিয়াই যাতে সোনকালেই যুগ্ম জীৱনৰ পাটনি মেলে।  অৱশ্যে ইয়াৰ মাজতে ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা গৈছে যে, কাপুৰ পৰিয়ালে বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে, ৰণবীৰৰ পি.এ শেহতীয়াকৈ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক যি কৈছিল সেয়া ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলক যথেষ্ট হতাশ কৰিছিল। ৰণবীৰৰ পিএ ৰীমা জৈনে কয়, "আমি এতিয়ালৈকে এনে কোনো খবৰ শুনা নাই যে ৰণবীৰ-আলিয়াই বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে। যদি তেওঁলোকে তেনেকুৱা কিবা কৰে, তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে ক'ব। ৰীমাই লগতে কয়, "মই নাজানো এইটো সঁচা নে নহয়, কিন্তু ইমান সোনকালে কেনেকৈ হ'ব, আমি কোনো প্ৰস্তুতি আৰম্ভ কৰা নাই। বিয়াখন হ'ব, কিন্তু কেতিয়া হব মই নাজানো। " আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিবাহ তেওঁলোকৰ আহিবলগীয়া ছবি 'ব্ৰহ্মাস্ত্ৰ'ৰ বাবে পিছুৱাই দিয়া হৈছে। অভিনেতাগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই কয় যে আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে তেওঁলোকৰ মাতৃয়ে বিবাহত আনন্দ কৰাৰ আগতে হাতত থকা কামবোৰ সম্পূৰ্ণ কৰিব বিচাৰে। কিন্তু কেৱল চলচ্চিত্ৰৰ কামৰ বাবেই বিবাহ পিছুৱাই দিয়া হোৱা নাই। কাপুৰ পৰিয়ালৰ সকলোৱে একেলগে পৰিয়ালৰ ভাল মুহুৰ্তবোৰ উপভোগ কৰিব বিছাৰে। তেনে ক্ষেত্ৰত, সকলোৱে ৰণবীৰ কাপুৰৰ বিয়াত উপস্থিত থাকিব বিচাৰিব। ইয়াৰ মাজতে, শুনা গৈছিল যে ৰণবীৰ-আলিয়াৰ বিবাহ অনুষ্ঠান ৰাজস্থানৰ ৰণথম্বোৰতো অনুষ্ঠিত হ'ব পাৰে। ৫ ফেব্ৰুৱাৰী তাৰিখে, আলিয়া ভট্টৰ গঙ্গুবাই কাঠিয়াৱাড়ী মুক্তি লাভ কৰে। চলচ্চিত্ৰখনত ১৯৬০ ৰ দশকত গাঙ্গুবাইৰ জীৱনৰ অজ্ঞাত দিশবোৰ দেখুওৱা হৈছে। আনহাতে, ৰণবীৰৰ চামছেৰা ২২ জুলাইত মুক্তি পাব। ৰণবীৰ-আলিয়া দুয়োজনেই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে যথেষ্ট সৰৱ। যোৱা বছৰ এক সাক্ষাৎকাৰত, ৰণবীৰ কাপুৰে কৈছিল যে যদি এই বছৰ কৰো'না নোহোৱা হলে, তেওঁলোকে তেতিয়াই বিবাহ পাশত আৱদ্ধ হ'লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু