--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিজৰ সাজ-পোছাকেৰে প্ৰায়েই চৰ্চাৰ কেন্দ্ৰ হৈ অহা অভিনেত্ৰী উৰ্ফিৰ কাৰ্যই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে৷ উৰ্ফি জাভেদক অলপতে মুম্বাইৰ এটা স্থানত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। যাৰ ফলত ক্ষুব্ধ হৈ সুৰক্ষাকৰ্মীক বেয়াকৈ গালি-গালাজ কৰে উৰ্ফিয়ে৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সমালোচিত হয় অভিনেত্ৰীগৰাকী। ‘বিগ বছ’ৰ অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, সুৰক্ষাকৰ্মীয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল। যাৰ ফলত তেওঁ ক্ষুব্ধ হৈ পৰে। পাছত, উৰ্ফিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেইদিনা প্ৰকৃততে কি ঘটিছিল তাৰ বিষয়ে এটা দীঘলীয়া পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে।

ক্ষুব্ধ উৰ্ফিয়ে লিখিছিল যে...

উৰ্ফিয়ে এটা দীঘলীয়া টোকা লিখি কয় যে, তেওঁক নিমন্ত্ৰণ জনোৱা এটা অনুষ্ঠানত প্ৰৱেশৰ সময়তে তেওঁক বাধা প্ৰদান কৰা হৈছিল। তেওঁ লিখিছে, ‘মোক সেই বিশেষ স্থানলৈ সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু তাত উপস্থিত হোৱাৰ সময়তে সুৰক্ষাকৰ্মীসকলে মোক দুৰ্ব্যৱহাৰ কৰে। অৱশ্যে পাছত তেওঁলোকে ক্ষমাও বিচাৰে।’ তেওঁ লগতে এইবুলিও উল্লেখ কৰে যে, ‘মই তাৰকাৰ সন্তান নহয় বা মোৰ কোনো গডফাদাৰ নাই , যাৰবাবে আজি মই দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’লোঁ৷’ উৰ্ফি জাভেদকউৰ্ফি জাভেদক তেওঁ লগতে কয় যে, তেওঁ অতি সাধাৰণভাৱে সেই স্থানলৈ গৈছিল৷ ‘মই ইয়াৰ বাবে গৌৰৱান্বিত। যদি মোৰ সৈতে এখন বিলাসী বাহন আৰু দেহৰক্ষী লৈ অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিলোঁহেঁতেন, তেন্তে এনে নহ’লহেঁতেন।’ আনহাতে তেওঁ এইবুলিও কয় যে, তেওঁৰ বাবে এই সকলোবোৰৰ খৰচ বহন কৰাটো সহজ নহয়৷ ৰিক্সাত ভ্ৰমণ কৰিবলৈ ভাল পোৱা উৰ্ফিয়ে নিজৰ পোছাকেৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ আমন্ত্ৰণ কৰি নিয়াৰ পাছতো তেওঁক অপমাণ কৰাৰ বাবে দুখিত হৈ পৰে অভিনেত্ৰীগৰাকী৷ উৰ্ফিৰ বিগ বছ অ’টিটি খণ্ডত ভাগ লোৱাৰ পাছত, উৰ্ফিয়ে কেইবাটাও টিভি শ্ব’ত অভিনয় কৰিছে। তেওঁ ‘বড়ে ভাইয়া কী দুলহনীয়া’ত অৱনীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত হৈ পৰিছিল। তেওঁক ‘মেৰী দুৰ্গা’ত আৰতি, বেপান্নাত বেলা আৰু পুঞ্চ বিট চিজন-২ ত মীৰাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ২০১৬ চনৰ পৰা ২০১৭ চনলৈ, উৰ্ফিয়ে ‘ষ্টাৰ প্লাছ’ৰ চন্দ্ৰ নন্দিনীত ছায়াৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনত, অভিনেত্ৰীগৰাকীয়ে এছএবিটিভিৰ সাত ফেৰো কি হেৰা ফেৰীত কামিনী যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২০ চনত, উৰ্ফি জাভেদে শিৱানী ভাটিয়া হিচাপে ‘য়ে ৰিস্তা ক্যা কেহলাতা হ্যে’ত যোগদান কৰে, আৰু পাছত কসৌটি জিন্দেগী কেত তানিশা চক্ৰৱৰ্তীৰ চৰিত্ৰত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক