--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিজৰ সাজ-পোছাকেৰে প্ৰায়েই চৰ্চাৰ কেন্দ্ৰ হৈ অহা অভিনেত্ৰী উৰ্ফিৰ কাৰ্যই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে৷ উৰ্ফি জাভেদক অলপতে মুম্বাইৰ এটা স্থানত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। যাৰ ফলত ক্ষুব্ধ হৈ সুৰক্ষাকৰ্মীক বেয়াকৈ গালি-গালাজ কৰে উৰ্ফিয়ে৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সমালোচিত হয় অভিনেত্ৰীগৰাকী। ‘বিগ বছ’ৰ অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, সুৰক্ষাকৰ্মীয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল। যাৰ ফলত তেওঁ ক্ষুব্ধ হৈ পৰে। পাছত, উৰ্ফিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেইদিনা প্ৰকৃততে কি ঘটিছিল তাৰ বিষয়ে এটা দীঘলীয়া পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে।

ক্ষুব্ধ উৰ্ফিয়ে লিখিছিল যে...

উৰ্ফিয়ে এটা দীঘলীয়া টোকা লিখি কয় যে, তেওঁক নিমন্ত্ৰণ জনোৱা এটা অনুষ্ঠানত প্ৰৱেশৰ সময়তে তেওঁক বাধা প্ৰদান কৰা হৈছিল। তেওঁ লিখিছে, ‘মোক সেই বিশেষ স্থানলৈ সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু তাত উপস্থিত হোৱাৰ সময়তে সুৰক্ষাকৰ্মীসকলে মোক দুৰ্ব্যৱহাৰ কৰে। অৱশ্যে পাছত তেওঁলোকে ক্ষমাও বিচাৰে।’ তেওঁ লগতে এইবুলিও উল্লেখ কৰে যে, ‘মই তাৰকাৰ সন্তান নহয় বা মোৰ কোনো গডফাদাৰ নাই , যাৰবাবে আজি মই দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’লোঁ৷’ উৰ্ফি জাভেদকউৰ্ফি জাভেদক তেওঁ লগতে কয় যে, তেওঁ অতি সাধাৰণভাৱে সেই স্থানলৈ গৈছিল৷ ‘মই ইয়াৰ বাবে গৌৰৱান্বিত। যদি মোৰ সৈতে এখন বিলাসী বাহন আৰু দেহৰক্ষী লৈ অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিলোঁহেঁতেন, তেন্তে এনে নহ’লহেঁতেন।’ আনহাতে তেওঁ এইবুলিও কয় যে, তেওঁৰ বাবে এই সকলোবোৰৰ খৰচ বহন কৰাটো সহজ নহয়৷ ৰিক্সাত ভ্ৰমণ কৰিবলৈ ভাল পোৱা উৰ্ফিয়ে নিজৰ পোছাকেৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ আমন্ত্ৰণ কৰি নিয়াৰ পাছতো তেওঁক অপমাণ কৰাৰ বাবে দুখিত হৈ পৰে অভিনেত্ৰীগৰাকী৷ উৰ্ফিৰ বিগ বছ অ’টিটি খণ্ডত ভাগ লোৱাৰ পাছত, উৰ্ফিয়ে কেইবাটাও টিভি শ্ব’ত অভিনয় কৰিছে। তেওঁ ‘বড়ে ভাইয়া কী দুলহনীয়া’ত অৱনীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত হৈ পৰিছিল। তেওঁক ‘মেৰী দুৰ্গা’ত আৰতি, বেপান্নাত বেলা আৰু পুঞ্চ বিট চিজন-২ ত মীৰাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ২০১৬ চনৰ পৰা ২০১৭ চনলৈ, উৰ্ফিয়ে ‘ষ্টাৰ প্লাছ’ৰ চন্দ্ৰ নন্দিনীত ছায়াৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনত, অভিনেত্ৰীগৰাকীয়ে এছএবিটিভিৰ সাত ফেৰো কি হেৰা ফেৰীত কামিনী যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২০ চনত, উৰ্ফি জাভেদে শিৱানী ভাটিয়া হিচাপে ‘য়ে ৰিস্তা ক্যা কেহলাতা হ্যে’ত যোগদান কৰে, আৰু পাছত কসৌটি জিন্দেগী কেত তানিশা চক্ৰৱৰ্তীৰ চৰিত্ৰত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু