--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিনোদনপ্ৰেমীৰ জাতীয় ক্ৰাছ এতিয়া দক্ষিণৰ চিনেমা অভিনেত্ৰী ৰশ্মিকা মান্দানা। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে 'পুষ্পা: দ্য ৰাইজ'ত শ্ৰীৱল্লীৰ চৰিত্ৰত অভিনয় কৰি অনুৰাগীৰ দৃষ্টি কাঢ়‌ি বলৈ সক্ষম হৈছে তেওঁ। ছবিখনত পুষ্পাৰাজৰ ৰূপত অভিনেতা আল্লু অৰ্জুনৰ প্ৰেমিক ৰশ্মিকা । ৰূপালী পৰ্দাত দুয়োজনৰ প্ৰেমৰ ৰসায়ন দেখি অনুৰাগীৰ মনত এতিয়া প্ৰশ্ন জাগিছে। বাস্তৱ জীৱনত ৰশ্মিকা ৰ ক্ৰাছ কোন? কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী?   ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি,অনুৰাগীয়ে বাৰে বৰা গুগ’লত তেওঁক ছাৰ্চ কৰা বাবে  জাতীয় ক্ৰাশ উপাধি লাভ কৰিছে ৰশ্মিকাই। উল্লেখ্য যে, কৰ্ণাটকী ছবিৰ অভিনেতা তথা পৰিচালক ৰক্ষিত ছেঠীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰশ্মিকাৰ। একেলগে থকা দুয়োৰে বহুতো ছবি ইতিমধ্যে ইণ্টাৰনেটত উপলব্ধ।   ‘কিৰিক পাৰ্টী’ ছবিতেই দুয়োজনৰ পৰিচয়, তেত‌িয়াৰ পৰাই প্ৰেম! বিয়াৰ পৰিকল্পনা ঠিকে কৰিছিল পাছে দীৰ্ঘদিনীয়া সম্পৰ্কই নাপালে পূৰ্ণতা। অৱশ্যে, প্ৰেয়সীৰ পক্ষত থিয় দি প্ৰেমিকাই কয়, ‘মই ৰশ্মিকাক দুবছৰ ধৰি চিনি পাওঁ। আপোনালোকতকৈ ভলাদৰে জানো। আমাৰ বিচ্ছেদৰো আছে যুক্তিসঙ্গত কাৰণ। ৰশ্মিকাক দোষাৰোপ কৰিব নিবিচাৰো। ৰশ্মিকাক সমালোচনা কৰা বন্ধ হ’ব লাগে।’ ইফালে, ৰশ্মিকাই কিছুদিনৰ বাবে চিত্ৰনাট্যকাৰ চিৰঞ্জীৱ মাকনাৰ সৈতেও সম্পৰ্কত আছিল বুলি শুনিবলৈ পোৱা যায়। গুগ’লেই ইয়াৰ সাক্ষী। কিছুদিন থকাৰ পাছতে মন টেঙালে ৰশ্মিকাৰ! এইবাৰ আকৌ আন এজন দক্ষিণৰ তাৰকা বিজয় দেৱাৰাকোণ্ডাৰ প্ৰেমত পৰিচে এইগৰাকী অভিনেত্ৰী। দুয়োজনে 'ডিয়েৰ কমৰেড', 'গীত গোবিন্দম'ৰ দৰে প্ৰেমৰ ছবিত একেলগে অভিনয় কৰিছে। অনস্ক্ৰীণত প্ৰেমৰ ৰসায়নকে অনুৰাগীসকলে সত্য বুলি ধৰি লৈছে। অৱশ্যে, দুয়োজন তাৰকাই এই বিষয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য