--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মনোৰঞ্জন জগতত চলি আছে বিয়াৰ বতৰ। বলীউডৰ পৰা টিভি জগতলৈকে বহুতো তাৰকা বিবাহপাশত আৱদ্ধ হৈছে। একে সময়তে কিছুমান এনে যোৰা আছে, যাৰ বিবাহৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বলীউডৰ এনে এক বিখ্যাত কাপ'ল হ'ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। অনুৰাগীসকলে দীৰ্ঘদিন ধৰি বলীউডৰ অন্যতম জনপ্ৰিয় কাপ'ল ৰণবীৰ-আলিয়াৰ বিয়াৰ বাবে অপেক্ষা কৰি আছে। এনে সময়তে এতিয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ বিষয়ে এটা নতুন আপডেট ওলাইছে। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই বছৰৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ'ব বুলি বলীউডত গুণগুণনি উঠিছে। ইতিমধ্যে কাপুৰ আৰু ভাট পৰিয়ালে এই প্ৰেমিক-প্ৰেমিকাহালৰ বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অহুকাণে-পহুকাণে এটা খবৰ বিয়পি পৰিছে যে ৰণবীৰ আৰু আলিয়াই ৰাজস্থানৰ ৰণথম্বোৰত বিবাহপাশত আৱদ্ধ হ'ব। দুয়ো প্ৰায়ে ইয়ালৈ অৱসৰ বিনোদনৰ বাবে আহে আৰু এই স্থান দুয়োৰে বৰ প্ৰিয়।উল্লেখ্য যে বলীউডৰ বিখ্যাত তাৰকা দম্পতী বিকি কৌশল আৰু কেটৰিনা কাঈফেও তেওঁলোকৰ বিবাহৰ বাবে ৰণথম্বোৰক বাছনি কৰিছিল। বিকি আৰু কেটৰিনাই যোৱা বছৰ ৯ ডিচেম্বৰত ইয়াতে চিৰজীৱনৰ বাবে এক হৈছিল। উল্লেখ্য যে ৰণবীৰ আৰু আলিয়াই যোৱা বছৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল কিন্তু দুয়োৰে ব্যস্ত সময়সূচীৰ বাবে তেওঁলোকৰ বিবাহ পিছুৱাই দিয়া হৈছিল। এতিয়া সোনকালেই অনুৰাগীসকলে ৰণবীৰ-আলিয়াৰ বিয়াৰ ভাল খবৰটো শুনিবলৈ পাম বুলি আশাৰে ৰৈ আছে। সকলো ঠিকে-ঠাকে থাকিলে এপ্ৰিলত কাপুৰৰ পৰিয়াললৈ গৃহলক্ষ্মী হৈ আহিব আলিয়া। আৰু পঢ়কঃ ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু