--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মনোৰঞ্জন জগতত চলি আছে বিয়াৰ বতৰ। বলীউডৰ পৰা টিভি জগতলৈকে বহুতো তাৰকা বিবাহপাশত আৱদ্ধ হৈছে। একে সময়তে কিছুমান এনে যোৰা আছে, যাৰ বিবাহৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বলীউডৰ এনে এক বিখ্যাত কাপ'ল হ'ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। অনুৰাগীসকলে দীৰ্ঘদিন ধৰি বলীউডৰ অন্যতম জনপ্ৰিয় কাপ'ল ৰণবীৰ-আলিয়াৰ বিয়াৰ বাবে অপেক্ষা কৰি আছে। এনে সময়তে এতিয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ বিষয়ে এটা নতুন আপডেট ওলাইছে। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই বছৰৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ'ব বুলি বলীউডত গুণগুণনি উঠিছে। ইতিমধ্যে কাপুৰ আৰু ভাট পৰিয়ালে এই প্ৰেমিক-প্ৰেমিকাহালৰ বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অহুকাণে-পহুকাণে এটা খবৰ বিয়পি পৰিছে যে ৰণবীৰ আৰু আলিয়াই ৰাজস্থানৰ ৰণথম্বোৰত বিবাহপাশত আৱদ্ধ হ'ব। দুয়ো প্ৰায়ে ইয়ালৈ অৱসৰ বিনোদনৰ বাবে আহে আৰু এই স্থান দুয়োৰে বৰ প্ৰিয়।উল্লেখ্য যে বলীউডৰ বিখ্যাত তাৰকা দম্পতী বিকি কৌশল আৰু কেটৰিনা কাঈফেও তেওঁলোকৰ বিবাহৰ বাবে ৰণথম্বোৰক বাছনি কৰিছিল। বিকি আৰু কেটৰিনাই যোৱা বছৰ ৯ ডিচেম্বৰত ইয়াতে চিৰজীৱনৰ বাবে এক হৈছিল। উল্লেখ্য যে ৰণবীৰ আৰু আলিয়াই যোৱা বছৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল কিন্তু দুয়োৰে ব্যস্ত সময়সূচীৰ বাবে তেওঁলোকৰ বিবাহ পিছুৱাই দিয়া হৈছিল। এতিয়া সোনকালেই অনুৰাগীসকলে ৰণবীৰ-আলিয়াৰ বিয়াৰ ভাল খবৰটো শুনিবলৈ পাম বুলি আশাৰে ৰৈ আছে। সকলো ঠিকে-ঠাকে থাকিলে এপ্ৰিলত কাপুৰৰ পৰিয়াললৈ গৃহলক্ষ্মী হৈ আহিব আলিয়া। আৰু পঢ়কঃ ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ