--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত ‘প্ৰেম’ৰ প্ৰতীক হোৱা এক দম্পতী হ’ল - দীপিকা পাডুকন আৰু ৰণবীৰ সিং। বলীউডৰ দুজন আটাইতকৈ প্ৰতিভাশালী তাৰকা৷ তেওঁলোক দুয়োৱে ইজনে-সিজনক লগ পাইছিল শ্বুটিঙৰ ছেটত। সঞ্জয় লীলা ভাঞ্চালীৰ বেক টু বেক ৩খন ছবিৰ পাছত, দীপিকা আৰু ৰণবীৰে অৱশেষত ২০১৮ চনৰ নৱেম্বৰত বিবাহৰ মোহৰ মাৰিছিল৷ দুয়োৱে পাতনি মেলিছিল যুগ্ম জীৱনৰ৷ দীৰ্ঘদিন ধৰি একেলগে থকাৰ পাছত, দীপিকাই অলপতে প্ৰকাশ কৰিছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? আনকি এই বৰ্ষতো প্ৰেমৰ মাইলৰ খুঁটি হিচাপে অবিহিত কৰে দীপিকাই৷ এটা অনুষ্ঠানত ৰেডিঅ’ চিটীৰ সঞ্চালকৰ সৈতে হোৱা বাৰ্তালাপত দীপিকাক সোধা হৈছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? এই প্ৰশ্নটোৱে যেন ভাবুক কৰি তুলিছিল অভিনেত্ৰীগৰাকীক৷ দীপিকাই ৰণবীৰৰ সৈতে কটোৱা ৰোমাঞ্চকৰ সময়বোৰৰ বিষয়ে কৈ তেওঁলোক দুয়োৰে ১০ বছৰ সম্পূৰ্ণ হোৱাৰ কথাও প্ৰকাশ কৰিছিল। দীপিকাই কয় যে, ‘আমাৰ মাজত আছিল বন্ধুত্ব, ইজনে-সিজনৰ মাজত সহযোগ, বিশ্বাস, যোগাযোগ থাকিব লাগিব আৰু মই ভাবো, যদিও মই চলচ্চিত্ৰ উদ্যোগত ১৫ বছৰ সম্পূৰ্ণ কৰিছো, কিন্তু আমি একেলগে ১০ বছৰ সম্পূৰ্ণ কৰিছো। এয়া বহুতেই নাজানে৷’ বিগত কেইসপ্তাহমানৰ পৰা, দীপিকাই তেওঁৰ ছবি গেহৰিয়ানৰ প্ৰচাৰত ব্যস্ত হৈ পৰছিল৷ আনহাতে ছবিখনক লৈ দীপিকা আৰু ৰণবীৰৰ বহু উৰাবাতৰিও ওলাইছিল৷ এই উৰা বাতৰিৰ সন্দৰ্ভত দীপিকাই প্ৰকাশ কৰিছিল যে কেনেদৰে ৰণবীৰে শ্বকুন বাত্ৰাৰ সৈতে কাম কৰাৰ বাবে অধিক উৎসাহিত হৈছিল। আনকি ৰণবীৰে দীপিকাৰ ছবি 'গেহৰিয়ান'ৰ সকলো পোষ্ট শ্বেয়াৰ কৰিছিল৷ ইফালে, দীপিকা, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱা অভিনীত গেহৰিয়ানৰ পৰিচালনা কৰিছে শকুন বাত্ৰাই আৰু কৰণ জোহৰে। আমাজন প্ৰাইম ভিডিঅ’ত ১১ ফেব্ৰুৱাৰীত শুভমুক্তি লাভ কৰিব ছবিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ