--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত ‘প্ৰেম’ৰ প্ৰতীক হোৱা এক দম্পতী হ’ল - দীপিকা পাডুকন আৰু ৰণবীৰ সিং। বলীউডৰ দুজন আটাইতকৈ প্ৰতিভাশালী তাৰকা৷ তেওঁলোক দুয়োৱে ইজনে-সিজনক লগ পাইছিল শ্বুটিঙৰ ছেটত। সঞ্জয় লীলা ভাঞ্চালীৰ বেক টু বেক ৩খন ছবিৰ পাছত, দীপিকা আৰু ৰণবীৰে অৱশেষত ২০১৮ চনৰ নৱেম্বৰত বিবাহৰ মোহৰ মাৰিছিল৷ দুয়োৱে পাতনি মেলিছিল যুগ্ম জীৱনৰ৷ দীৰ্ঘদিন ধৰি একেলগে থকাৰ পাছত, দীপিকাই অলপতে প্ৰকাশ কৰিছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? আনকি এই বৰ্ষতো প্ৰেমৰ মাইলৰ খুঁটি হিচাপে অবিহিত কৰে দীপিকাই৷ এটা অনুষ্ঠানত ৰেডিঅ’ চিটীৰ সঞ্চালকৰ সৈতে হোৱা বাৰ্তালাপত দীপিকাক সোধা হৈছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? এই প্ৰশ্নটোৱে যেন ভাবুক কৰি তুলিছিল অভিনেত্ৰীগৰাকীক৷ দীপিকাই ৰণবীৰৰ সৈতে কটোৱা ৰোমাঞ্চকৰ সময়বোৰৰ বিষয়ে কৈ তেওঁলোক দুয়োৰে ১০ বছৰ সম্পূৰ্ণ হোৱাৰ কথাও প্ৰকাশ কৰিছিল। দীপিকাই কয় যে, ‘আমাৰ মাজত আছিল বন্ধুত্ব, ইজনে-সিজনৰ মাজত সহযোগ, বিশ্বাস, যোগাযোগ থাকিব লাগিব আৰু মই ভাবো, যদিও মই চলচ্চিত্ৰ উদ্যোগত ১৫ বছৰ সম্পূৰ্ণ কৰিছো, কিন্তু আমি একেলগে ১০ বছৰ সম্পূৰ্ণ কৰিছো। এয়া বহুতেই নাজানে৷’ বিগত কেইসপ্তাহমানৰ পৰা, দীপিকাই তেওঁৰ ছবি গেহৰিয়ানৰ প্ৰচাৰত ব্যস্ত হৈ পৰছিল৷ আনহাতে ছবিখনক লৈ দীপিকা আৰু ৰণবীৰৰ বহু উৰাবাতৰিও ওলাইছিল৷ এই উৰা বাতৰিৰ সন্দৰ্ভত দীপিকাই প্ৰকাশ কৰিছিল যে কেনেদৰে ৰণবীৰে শ্বকুন বাত্ৰাৰ সৈতে কাম কৰাৰ বাবে অধিক উৎসাহিত হৈছিল। আনকি ৰণবীৰে দীপিকাৰ ছবি 'গেহৰিয়ান'ৰ সকলো পোষ্ট শ্বেয়াৰ কৰিছিল৷ ইফালে, দীপিকা, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱা অভিনীত গেহৰিয়ানৰ পৰিচালনা কৰিছে শকুন বাত্ৰাই আৰু কৰণ জোহৰে। আমাজন প্ৰাইম ভিডিঅ’ত ১১ ফেব্ৰুৱাৰীত শুভমুক্তি লাভ কৰিব ছবিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু