--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সিদ্ধান্ত চতুৰ্বেদীৰ প্ৰেমত ‘বেকাবু’ হৈ পৰিছে দীপিকা পাডুকন। দুয়োৰে প্ৰেমৰ চৰ্চাই এতিয়া তোলপাৰ লগাইছে বলীউডত। এই প্ৰেমৰ জ্যোতিয়ে দীপিকাৰ অন্তৰৰৰ পৰা যেন ম্লান কৰি পেলাইছে ৰণবীৰ সিঙৰ চিৰউজ্জ্বল চেহেৰাকো। সকলো পাহৰি সিদ্ধান্তৰ প্ৰেমৰ সাগৰত ডুব যাব খোজা দীপিকাৰ এই ৰূপ এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। সিদ্ধান্তৰ সৈতে সকলো পাহৰি সময় পাৰ কৰিছে দীপিকাই। দুয়োৰে নিবিড় আত্মীয়তাপূৰ্ণ মুহূৰ্তৰ ছবিও এতিয়া অনুৰাগীসকলৰ মাজত একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে। ৰণবীৰ সিঙৰ সৈতে সুখৰ সংসাৰ চলাই নিয়া দীপিকা পাডুকনৰ সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে প্ৰেমৰ কাহিনী সকলোৰে বাবে অলপ আচহুৱা লাগিব পাৰে। কিন্তু এয়া সঁচা। অৱশ্যে ৰীলতহে এই দুই তাৰকাই প্ৰেমত মচগুল হৈ পৰিছে। তেওঁলোকৰ নতুন ছবি ‘গেহৰাইয়া’ত দীপিকা-সিদ্ধান্তৰ ‘বেকাবু’ প্ৰেমৰ চৰ্চা এতিয়া বলীউডৰ অলিয়ে গলিয়ে। মুক্তিৰ পূৰ্বেই ব্যাপক চৰ্চা লাভ কৰা এই ছবিখনৰ এটা নতুন গীত আজি মুকলি হৈছে। প্ৰেমৰ জ্যোতিৰে উদ্দীপিত এই গীত মুকলি কৰা হৈছে ভেলেণ্টাইন ডে’ৰ ঠিক আগে আগে। ‘বেকাবু’ শীৰ্ষত এই গীতটোত দুয়োগৰাকী তাৰকাৰ প্ৰেমে লাভ কৰিছে তুমুল চৰ্চা। আজি মুকলি হোৱা এই গীতটো প্ৰস্তুত কৰিছে OAFF আৰু ছবেৰাই। গীতটো গাইছে ছবেৰা আৰু Shalmali Kholgadeই। কৌশাৰ মুনীৰে লিখা গীতটোৰ দৃশ্যাংশত দুয়োগৰাকী তাৰকাৰ বাধাহীন প্ৰেমৰ চৰ্চা ব্যাপকভাৱে হোৱা দেখা গৈছে। এই ছবিখনত দীপিকা-সিদ্ধান্তৰ লগতে অভিনয় কৰিছে অনন্যা পাণ্ডে, ৰজত কাপুৰ, নাছিৰুদ্দিন শ্বাহ আদিৰ দৰে তাৰকা অভিনেতাসকলেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ