--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সিদ্ধান্ত চতুৰ্বেদীৰ প্ৰেমত ‘বেকাবু’ হৈ পৰিছে দীপিকা পাডুকন। দুয়োৰে প্ৰেমৰ চৰ্চাই এতিয়া তোলপাৰ লগাইছে বলীউডত। এই প্ৰেমৰ জ্যোতিয়ে দীপিকাৰ অন্তৰৰৰ পৰা যেন ম্লান কৰি পেলাইছে ৰণবীৰ সিঙৰ চিৰউজ্জ্বল চেহেৰাকো। সকলো পাহৰি সিদ্ধান্তৰ প্ৰেমৰ সাগৰত ডুব যাব খোজা দীপিকাৰ এই ৰূপ এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। সিদ্ধান্তৰ সৈতে সকলো পাহৰি সময় পাৰ কৰিছে দীপিকাই। দুয়োৰে নিবিড় আত্মীয়তাপূৰ্ণ মুহূৰ্তৰ ছবিও এতিয়া অনুৰাগীসকলৰ মাজত একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে। ৰণবীৰ সিঙৰ সৈতে সুখৰ সংসাৰ চলাই নিয়া দীপিকা পাডুকনৰ সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে প্ৰেমৰ কাহিনী সকলোৰে বাবে অলপ আচহুৱা লাগিব পাৰে। কিন্তু এয়া সঁচা। অৱশ্যে ৰীলতহে এই দুই তাৰকাই প্ৰেমত মচগুল হৈ পৰিছে। তেওঁলোকৰ নতুন ছবি ‘গেহৰাইয়া’ত দীপিকা-সিদ্ধান্তৰ ‘বেকাবু’ প্ৰেমৰ চৰ্চা এতিয়া বলীউডৰ অলিয়ে গলিয়ে। মুক্তিৰ পূৰ্বেই ব্যাপক চৰ্চা লাভ কৰা এই ছবিখনৰ এটা নতুন গীত আজি মুকলি হৈছে। প্ৰেমৰ জ্যোতিৰে উদ্দীপিত এই গীত মুকলি কৰা হৈছে ভেলেণ্টাইন ডে’ৰ ঠিক আগে আগে। ‘বেকাবু’ শীৰ্ষত এই গীতটোত দুয়োগৰাকী তাৰকাৰ প্ৰেমে লাভ কৰিছে তুমুল চৰ্চা। আজি মুকলি হোৱা এই গীতটো প্ৰস্তুত কৰিছে OAFF আৰু ছবেৰাই। গীতটো গাইছে ছবেৰা আৰু Shalmali Kholgadeই। কৌশাৰ মুনীৰে লিখা গীতটোৰ দৃশ্যাংশত দুয়োগৰাকী তাৰকাৰ বাধাহীন প্ৰেমৰ চৰ্চা ব্যাপকভাৱে হোৱা দেখা গৈছে। এই ছবিখনত দীপিকা-সিদ্ধান্তৰ লগতে অভিনয় কৰিছে অনন্যা পাণ্ডে, ৰজত কাপুৰ, নাছিৰুদ্দিন শ্বাহ আদিৰ দৰে তাৰকা অভিনেতাসকলেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ