--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত অভিনয় কৰা সকলো অভিনেত্ৰীয়েই মাননি নাপায়। বহুতে কেৱল প্ৰচাৰ লাভৰ বাবেই ছবি কৰে। আনহাতে নায়িকাসকলৰ মাননি নায়কতকৈ কম বুলিও বহু সময়ত আলোচনা হৈ আহিছে। এনে সময়তে বিষয়টো সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰী কংগনা ৰাণাৱটে ।

 শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এটা চমু ক্লিপ শ্বেয়াৰ কৰিছে। প্ৰিয়ংকাই কৈছে  যে বলীউডত ৬০  খন চলচ্চিত্ৰত কাম কৰাৰ পাছতো  অভিনেতাসকলৰ পাৰিশ্ৰমিকৰ তুলনাত মাত্ৰ ১০  শতাংশ তেওঁক দিয়া হৈছিল। কংগনা ৰাণাৱটে প্ৰিয়ংকাৰ ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰিছে  আৰু ইনষ্টাগ্ৰামত তেওঁৰ মতামত প্ৰকাশ কৰিছে।

প্ৰিয়ংকাক সমৰ্থন কৰি কংগনাই লিখিছিল, "এয়া  সঁচা যে মোৰ আগৰ নায়িকাসকলে কেৱল এই পুৰুষতান্ত্ৰিক শাসনৰ প্ৰতি নমস্কাৰ জনাইয়েই আছিল... ময়েই উদ্যোগটোত মাননিৰ সমতাৰ বাবে যুঁজ দিয়া প্ৰথম আছিলোঁ আৰু আটাইতকৈ ঘৃণনীয় অভিজ্ঞতাৰ  সন্মুখীন হৈছিলো। মোক বিনামূলীয়াকৈ কাম কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে বেছিভাগ আগশাৰীৰ নায়িকাই আন সুবিধা পালেও মাননি নোলোৱাকৈয়ে  ছবিত কাম  কৰিবলৈ সন্মত হৈছিল, কিয়নো তেওঁলোকে ভয় কৰিছিল যে ছবিখন তেওঁলোকৰ হাতৰ পৰা ওলাই যাব। এতিয়া আকৌ, তেওঁলোকে দাবী কৰে যে তেওঁলোকক সৰ্বাধিক মাননি  পৰিশোধ কৰা হয়।’’

দৰাচলতে, কংগনা আৰু প্ৰিয়ংকাই ২০০৮  চনত ফেশ্বন ছবি খনত একেলগে কাম কৰিছিল। দুয়োগৰাকী অভিনেত্ৰীক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।  প্ৰিয়ংকা চোপ্ৰাই বলীউডত চলি থকা  ৰাজনীতিৰ বিষয়ে মুকলিকৈ কোৱাৰ পিছতে তেওঁৰ শত্ৰু বাঢ়িছিল। আনকি  কংগনাৰ সৈতেও  প্ৰিংয়কাৰ প্ৰায়ে বিবাদ লাগি আহিছে। কিন্তু এইবেলি মাননিৰ প্ৰসংগত প্ৰিয়ংকাক সমৰ্থন জনালে কংগনাই। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু