--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত অভিনয় কৰা সকলো অভিনেত্ৰীয়েই মাননি নাপায়। বহুতে কেৱল প্ৰচাৰ লাভৰ বাবেই ছবি কৰে। আনহাতে নায়িকাসকলৰ মাননি নায়কতকৈ কম বুলিও বহু সময়ত আলোচনা হৈ আহিছে। এনে সময়তে বিষয়টো সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰী কংগনা ৰাণাৱটে ।

 শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এটা চমু ক্লিপ শ্বেয়াৰ কৰিছে। প্ৰিয়ংকাই কৈছে  যে বলীউডত ৬০  খন চলচ্চিত্ৰত কাম কৰাৰ পাছতো  অভিনেতাসকলৰ পাৰিশ্ৰমিকৰ তুলনাত মাত্ৰ ১০  শতাংশ তেওঁক দিয়া হৈছিল। কংগনা ৰাণাৱটে প্ৰিয়ংকাৰ ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰিছে  আৰু ইনষ্টাগ্ৰামত তেওঁৰ মতামত প্ৰকাশ কৰিছে।

প্ৰিয়ংকাক সমৰ্থন কৰি কংগনাই লিখিছিল, "এয়া  সঁচা যে মোৰ আগৰ নায়িকাসকলে কেৱল এই পুৰুষতান্ত্ৰিক শাসনৰ প্ৰতি নমস্কাৰ জনাইয়েই আছিল... ময়েই উদ্যোগটোত মাননিৰ সমতাৰ বাবে যুঁজ দিয়া প্ৰথম আছিলোঁ আৰু আটাইতকৈ ঘৃণনীয় অভিজ্ঞতাৰ  সন্মুখীন হৈছিলো। মোক বিনামূলীয়াকৈ কাম কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে বেছিভাগ আগশাৰীৰ নায়িকাই আন সুবিধা পালেও মাননি নোলোৱাকৈয়ে  ছবিত কাম  কৰিবলৈ সন্মত হৈছিল, কিয়নো তেওঁলোকে ভয় কৰিছিল যে ছবিখন তেওঁলোকৰ হাতৰ পৰা ওলাই যাব। এতিয়া আকৌ, তেওঁলোকে দাবী কৰে যে তেওঁলোকক সৰ্বাধিক মাননি  পৰিশোধ কৰা হয়।’’

দৰাচলতে, কংগনা আৰু প্ৰিয়ংকাই ২০০৮  চনত ফেশ্বন ছবি খনত একেলগে কাম কৰিছিল। দুয়োগৰাকী অভিনেত্ৰীক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।  প্ৰিয়ংকা চোপ্ৰাই বলীউডত চলি থকা  ৰাজনীতিৰ বিষয়ে মুকলিকৈ কোৱাৰ পিছতে তেওঁৰ শত্ৰু বাঢ়িছিল। আনকি  কংগনাৰ সৈতেও  প্ৰিংয়কাৰ প্ৰায়ে বিবাদ লাগি আহিছে। কিন্তু এইবেলি মাননিৰ প্ৰসংগত প্ৰিয়ংকাক সমৰ্থন জনালে কংগনাই। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে