--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় পাঁচ বছৰ পাৰ হৈ গ’ল। উত্থান-পতনৰ মাজেৰে পাৰ হৈ গৈছে ৰণবীৰ-দীপিকাৰ বিবাহ। কিন্তু এতিয়াও দীপিকাৰ হৃদয়ত আন কোনোবাইহে বাস কৰে নেকি?

শেহতীয়াকৈ দীপিকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰণবীৰ কাপুৰ আৰু নিজৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ হৃদয়ৰ এটুকুৰা!’ যদিও ছবিখন দীপিকা আৰু ৰণবীৰৰ চিনেমাৰ দৃশ্যৰ। দীপিকা আৰু ৰণবীৰে বলিউড পৰিচালক অয়ন মুখাৰ্জীৰ ছবি ‘য়েহ জৱানী হায় দীৱানী’ত অভিনয় কৰিছিল। শেহতীয়াকৈ ১০ বছৰ সম্পূৰ্ণ কৰিলে ছবিখনে।

দীপিকাই ছ’চিয়েল মিডিয়াত ‘য়েহ জৱানী হায় দীৱানী’ ছবিখনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, লগতে এটা ডিচক্ৰিপচন দিয়ে। তাৰপাছতে আৰম্ভ হৈছে অনুৰাগীৰ মাজত জল্পনা-কল্পনা। সঁচাকৈয়ে দীপিকাই এতিয়াও প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক পাহৰিব পৰা নাই নেকি?



অৱশ্যে দীপিকাই সেই কথা লিখিছিল ৰণবীৰৰ বাবে নহয়, নিজৰ ছবি য়েহ জৱানী হায় দীৱানীৰ বাবে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো দেখাৰ পিছত পিছত বুজা গৈছে যে ছবিখনৰ কথা মনত পেলাই তেওঁ এই কথা কৈছিল।

উল্লেখ্য যে ৰনবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকাই কেইবাবছৰ ধৰি ৰণবীৰ কাপুৰৰ সৈতে ৰোমান্টিক সম্পৰ্কত আছিল। ৰণবীৰ আৰু দীপিকাৰ প্ৰেমৰ খবৰ পোহৰলৈ আহিছিল ‘বচনা আয়ে হাচিনা’ৰ চিত্ৰগ্ৰহণৰ সময়ত। কিন্তু সেই প্ৰেম বেছি দিন নাথাকিল।

ইয়াৰ পিছত ৰনবীৰৰ প্ৰেমত পৰে কেটৰিনা কাইফৰ। এতিয়া আলিয়া ভট্টৰ লগত ৰণবীৰৰ সুখী বিবাহ। অৱশ্যে প্ৰেমৰ সম্পৰ্ক স্থায়ী নহ’লেও ৰণবীৰ কাপুৰ আৰু দীপিকাৰ মাজত এতিয়াও বন্ধুত্ব সুদৃঢ়। বিচ্ছেদ হোৱাৰ পিছতো ৰণবীৰ আৰু দীপিকাই ‘য়েহ জৱানী হায় দীৱানী’, ‘তমাছা’ আদি ছবিত যুটি হিচাপে অভিনয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে