--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় পাঁচ বছৰ পাৰ হৈ গ’ল। উত্থান-পতনৰ মাজেৰে পাৰ হৈ গৈছে ৰণবীৰ-দীপিকাৰ বিবাহ। কিন্তু এতিয়াও দীপিকাৰ হৃদয়ত আন কোনোবাইহে বাস কৰে নেকি?

শেহতীয়াকৈ দীপিকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰণবীৰ কাপুৰ আৰু নিজৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ হৃদয়ৰ এটুকুৰা!’ যদিও ছবিখন দীপিকা আৰু ৰণবীৰৰ চিনেমাৰ দৃশ্যৰ। দীপিকা আৰু ৰণবীৰে বলিউড পৰিচালক অয়ন মুখাৰ্জীৰ ছবি ‘য়েহ জৱানী হায় দীৱানী’ত অভিনয় কৰিছিল। শেহতীয়াকৈ ১০ বছৰ সম্পূৰ্ণ কৰিলে ছবিখনে।

দীপিকাই ছ’চিয়েল মিডিয়াত ‘য়েহ জৱানী হায় দীৱানী’ ছবিখনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, লগতে এটা ডিচক্ৰিপচন দিয়ে। তাৰপাছতে আৰম্ভ হৈছে অনুৰাগীৰ মাজত জল্পনা-কল্পনা। সঁচাকৈয়ে দীপিকাই এতিয়াও প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক পাহৰিব পৰা নাই নেকি?



অৱশ্যে দীপিকাই সেই কথা লিখিছিল ৰণবীৰৰ বাবে নহয়, নিজৰ ছবি য়েহ জৱানী হায় দীৱানীৰ বাবে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো দেখাৰ পিছত পিছত বুজা গৈছে যে ছবিখনৰ কথা মনত পেলাই তেওঁ এই কথা কৈছিল।

উল্লেখ্য যে ৰনবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকাই কেইবাবছৰ ধৰি ৰণবীৰ কাপুৰৰ সৈতে ৰোমান্টিক সম্পৰ্কত আছিল। ৰণবীৰ আৰু দীপিকাৰ প্ৰেমৰ খবৰ পোহৰলৈ আহিছিল ‘বচনা আয়ে হাচিনা’ৰ চিত্ৰগ্ৰহণৰ সময়ত। কিন্তু সেই প্ৰেম বেছি দিন নাথাকিল।

ইয়াৰ পিছত ৰনবীৰৰ প্ৰেমত পৰে কেটৰিনা কাইফৰ। এতিয়া আলিয়া ভট্টৰ লগত ৰণবীৰৰ সুখী বিবাহ। অৱশ্যে প্ৰেমৰ সম্পৰ্ক স্থায়ী নহ’লেও ৰণবীৰ কাপুৰ আৰু দীপিকাৰ মাজত এতিয়াও বন্ধুত্ব সুদৃঢ়। বিচ্ছেদ হোৱাৰ পিছতো ৰণবীৰ আৰু দীপিকাই ‘য়েহ জৱানী হায় দীৱানী’, ‘তমাছা’ আদি ছবিত যুটি হিচাপে অভিনয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী