--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা। বাটৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটিছে এটি শিশুৰ। এই শিশুটি আছিল মাক দেউতাকৰ একমাত্ৰ সন্তান। ভগৱানৰ ওচৰত বহু প্ৰাৰ্থনা আৰু লাখ লাখ টকাৰ চিকিৎসাৰ অন্তত সেই পিতৃ-মাতৃহালে লাভ কৰিছিল সন্তানটি।

কিন্তু নিয়তিৰ কিযে লিখন! মাক-দেউতাকৰ বুকু উদং কৰি শিশুটি গুচি গ'ল কেতিয়াও উভতি নহাৰ বাটেৰে। তিনি বছৰীয়া শিশুটিৰ নাম বংশ শহানে। কৰুণ ঘটনাটো নাগপুৰৰ।

বংশৰ মাতৃয়ে কয় যে বহুদিন ধৰি কৰা বন্ধ্যাত্বৰ চিকিৎসাৰ অন্তত তেওঁলোকৰ জীৱনলৈ বংশ আহিছিল। এই চিকিৎসাৰ বাবে লাখ-লাখ টকা খৰচ হয়। মাতৃত্ব-পিতৃত্বৰ সুখ লাভ কৰিবলৈ এই দম্পতীয়ে বহুত কষ্ট কৰিছিল। বিয়াৰ পাঁচ বছৰৰ পাছত যেতিয়া ঘৰত সন্তান জন্ম হ’ল, তেতিয়া পৰিয়ালে ইয়াক অলৌকিক বুলিয়ে গণ্য কৰিছিল। 

যোৱা মঙলবাৰে বংশই খেলিবলৈ ওলাই গৈছিল আৰু এক নিৰ্জন ঠাইত হেৰাই গৈছিল, তেতিয়াই বংশক বাটৰ কুকুৰৰ দল এটাই আক্ৰমণ কৰে। সেই আক্ৰমণত নিস্পাপ শিশুটিৰ থিতাতে মৃত্যু হ’ল।

এই ঘটনাৰ পিছতে পৰিয়ালটোত দুখৰ পাহাৰ ভাগি পৰিছে। পিতৃ-মাতৃৰ অৱস্থা বেয়া হৈ পৰিছে। ইয়াৰ পিছতে বুধবাৰে ক্ষুব্ধ লোকে স্থানীয় আৰক্ষী থানা ঘেৰাও কৰি অঞ্চলটোৰ পৰা বাটৰ কুকুৰ আঁতৰোৱাৰ বাবে প্ৰশাসনক শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনায়। 

বংশৰ পিতৃ অংকুশে কয় যে, ‘‘কুকুৰে পূৰ্বে আৰক্ষী কোৱাৰ্টাৰত এজন আৰক্ষীৰ ছয় বছৰীয়া কন্যাৰ কাণত কামোৰ মাৰিছিল যদিও এই পৰ্যন্ত তেওঁলোকে বাটৰ কুকুৰৰ ভাবুকি ৰোধ কৰিবলৈ একো নকৰিলে ।’’

যেতিয়া কুকুৰকেইটাই বংশক আক্ৰমণ কৰি আছিল, তেতিয়া এজন পথচাৰীয়ে নিজৰ জীৱন বিপন্ন কৰি কুকুৰকেইটাক শিলগুটি মাৰি খেদি পঠিয়াইছিল। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল,  বহু কষ্টৰে উশাহ লৈ থকা বংশই সাবটি লৈছিল মৃত্যুক। 

এনে বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰক্ষী প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ