--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা। বাটৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটিছে এটি শিশুৰ। এই শিশুটি আছিল মাক দেউতাকৰ একমাত্ৰ সন্তান। ভগৱানৰ ওচৰত বহু প্ৰাৰ্থনা আৰু লাখ লাখ টকাৰ চিকিৎসাৰ অন্তত সেই পিতৃ-মাতৃহালে লাভ কৰিছিল সন্তানটি।

কিন্তু নিয়তিৰ কিযে লিখন! মাক-দেউতাকৰ বুকু উদং কৰি শিশুটি গুচি গ'ল কেতিয়াও উভতি নহাৰ বাটেৰে। তিনি বছৰীয়া শিশুটিৰ নাম বংশ শহানে। কৰুণ ঘটনাটো নাগপুৰৰ।

বংশৰ মাতৃয়ে কয় যে বহুদিন ধৰি কৰা বন্ধ্যাত্বৰ চিকিৎসাৰ অন্তত তেওঁলোকৰ জীৱনলৈ বংশ আহিছিল। এই চিকিৎসাৰ বাবে লাখ-লাখ টকা খৰচ হয়। মাতৃত্ব-পিতৃত্বৰ সুখ লাভ কৰিবলৈ এই দম্পতীয়ে বহুত কষ্ট কৰিছিল। বিয়াৰ পাঁচ বছৰৰ পাছত যেতিয়া ঘৰত সন্তান জন্ম হ’ল, তেতিয়া পৰিয়ালে ইয়াক অলৌকিক বুলিয়ে গণ্য কৰিছিল। 

যোৱা মঙলবাৰে বংশই খেলিবলৈ ওলাই গৈছিল আৰু এক নিৰ্জন ঠাইত হেৰাই গৈছিল, তেতিয়াই বংশক বাটৰ কুকুৰৰ দল এটাই আক্ৰমণ কৰে। সেই আক্ৰমণত নিস্পাপ শিশুটিৰ থিতাতে মৃত্যু হ’ল।

এই ঘটনাৰ পিছতে পৰিয়ালটোত দুখৰ পাহাৰ ভাগি পৰিছে। পিতৃ-মাতৃৰ অৱস্থা বেয়া হৈ পৰিছে। ইয়াৰ পিছতে বুধবাৰে ক্ষুব্ধ লোকে স্থানীয় আৰক্ষী থানা ঘেৰাও কৰি অঞ্চলটোৰ পৰা বাটৰ কুকুৰ আঁতৰোৱাৰ বাবে প্ৰশাসনক শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনায়। 

বংশৰ পিতৃ অংকুশে কয় যে, ‘‘কুকুৰে পূৰ্বে আৰক্ষী কোৱাৰ্টাৰত এজন আৰক্ষীৰ ছয় বছৰীয়া কন্যাৰ কাণত কামোৰ মাৰিছিল যদিও এই পৰ্যন্ত তেওঁলোকে বাটৰ কুকুৰৰ ভাবুকি ৰোধ কৰিবলৈ একো নকৰিলে ।’’

যেতিয়া কুকুৰকেইটাই বংশক আক্ৰমণ কৰি আছিল, তেতিয়া এজন পথচাৰীয়ে নিজৰ জীৱন বিপন্ন কৰি কুকুৰকেইটাক শিলগুটি মাৰি খেদি পঠিয়াইছিল। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল,  বহু কষ্টৰে উশাহ লৈ থকা বংশই সাবটি লৈছিল মৃত্যুক। 

এনে বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰক্ষী প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু