--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইত এখন বিমানে খুন্দা মৰাৰ ফলত কমেও ৩৯টা ফ্লেমিংগো পক্ষী নিহত হোৱাৰ ফলত পৰিৱেশবিদসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে। ৩০০ৰো অধিক যাত্ৰীসহ এমিৰেটছৰ বিমানখনে এই ঘটনাৰ পিছত সোমবাৰে নিশা নিৰাপদে অৱতৰণ কৰে।

বিষয়াসকলে জনোৱা মতে, চৰাইকেইটাই নিজৰ স্বাভাৱিক পথৰ পৰা আঁতৰি আহি বিমান পথত আহিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনাই ক্ষোভৰ সৃষ্টি কৰিছে, পৰিৱেশবিদসকলে এই শোকাৱহ দুৰ্ঘটনাৰ বাবে অত্যধিক নিৰ্মাণ কাৰ্যক জগৰীয়া কৰিছে।

প্ৰতি বছৰে নৱেম্বৰৰ আশে-পাশে হাজাৰ হাজাৰ ফ্লেমিংগো মুম্বাইলৈ প্ৰব্ৰজন কৰে, যাৰ ফলত চহৰখনৰ জলাশয়বোৰ কেইমাহমানৰ বাবে ঘৰ হৈ পৰে। এই চমু সময়খিনি স্থানীয় লোকসকলৰ বাবে এক বহু প্ৰত্যাশিত সময়, ফটো তুলি আমোদ লোৱা হয়।

সোমবাৰে গভীৰ নিশা মুম্বাইৰ উপকণ্ঠ অঞ্চল ঘাটকোপাৰৰ এদল শিশুৱে পথত মৃতদেহ দেখা পোৱাৰ পিছতে পোহৰলৈ আহে ফ্লেমিংগো পক্ষীৰ মৃত্যু। ইয়াৰ পিছতে বাসিন্দাসকলে বন্যপ্ৰাণী বিষয়াসকলক কয় যে ফ্লেমিংগোৰ মৃতদেহ ৫০০ মিটাৰ (০.৫ কিলোমিটাৰ) ব্যাসাৰ্ধত বিয়পি আছে বুলি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনে প্ৰকাশ কৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ আগত পৰিৱেশবিদসকলে কয় যে ওচৰৰ অভয়াৰণ্যৰ দিশে উৰি যোৱাৰ সময়ত চৰাইবোৰে বাট সলনি কৰিবলগীয়া হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। এই ঘটনাই মুম্বাইৰ উপকূলীয় অঞ্চলৰ সমীপত নিৰ্মাণ কাৰ্যক কেন্দ্ৰ কৰি পুনৰ সমালোচনা কৰিছে। পৰিৱেশবিদসকলে দীৰ্ঘদিন ধৰি নৱী মুম্বাইৰ আগন্তুক বিমানবন্দৰক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে - ফ্লেমিংগো দেখাৰ বাবে বিখ্যাত আন এটা অঞ্চল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু