--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেক্সষ্টাৰ ষ্টুডিঅ'জ প্ৰযোজিত বহু তাৰকাবিশিষ্ট অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট ১'ৰ 'ইনকিলাব' শীৰ্ষক এটি গীত সোমবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত বৃন্দাৱন মাৰ্কেটত মুকলি কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক মনুজিৎ শৰ্মা, বিশিষ্ট শিল্পী জুবিন গাৰ্গ, বিশিষ্ট সাংবাদিক শিবানু বৰা, প্ৰযোজকদ্বয় অসীম নাথ আৰু বিকাশ সাহা, সংগীত পৰিচালক জয়ন্ত কাকতি, বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা, বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামী আদি উপস্থিত থাকে।

'ইনকিলাব' শীৰ্ষক গীতটি গাইছে জুবিন গাৰ্গে। গীতটিৰ ৰচনা ৰাহুল গৌতম শৰ্মাৰ আৰু সংগীত পৰিচালনা জয়ন্ত কাকতিৰ। ৰেপ ভাৰ্ছন মিনিমিৰ৷ মিক্স এণ্ড মাষ্টাৰ ইবছন লাল বৰুৱাৰ আৰু প্ৰগ্ৰেমিং পিকুৰ৷

জুবিন গাৰ্গৰ ৫০ বছৰীয়া জন্মদিনৰ দিনা যোৰহাটত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। বৰ্তমান সময়ৰ আহিবলগীয়া এখন বহু প্ৰত্যাশিত ছবি ‘ৰাজনীতি-পাৰ্ট-১’। 
May be an image of 3 people, wrist watch and text
নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৰাজনীতি-পাৰ্ট-১’ৰ টীজাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰা হৈছে। মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত জুবিন গাৰ্গ, তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 
May be an image of 6 people and text
ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। ২৩ ডিচেম্বৰত ছবিখনে সমগ্ৰ অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব। ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement