--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেক্সষ্টাৰ ষ্টুডিঅ'জ প্ৰযোজিত বহু তাৰকাবিশিষ্ট অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট ১'ৰ 'ইনকিলাব' শীৰ্ষক এটি গীত সোমবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত বৃন্দাৱন মাৰ্কেটত মুকলি কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক মনুজিৎ শৰ্মা, বিশিষ্ট শিল্পী জুবিন গাৰ্গ, বিশিষ্ট সাংবাদিক শিবানু বৰা, প্ৰযোজকদ্বয় অসীম নাথ আৰু বিকাশ সাহা, সংগীত পৰিচালক জয়ন্ত কাকতি, বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা, বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামী আদি উপস্থিত থাকে।

'ইনকিলাব' শীৰ্ষক গীতটি গাইছে জুবিন গাৰ্গে। গীতটিৰ ৰচনা ৰাহুল গৌতম শৰ্মাৰ আৰু সংগীত পৰিচালনা জয়ন্ত কাকতিৰ। ৰেপ ভাৰ্ছন মিনিমিৰ৷ মিক্স এণ্ড মাষ্টাৰ ইবছন লাল বৰুৱাৰ আৰু প্ৰগ্ৰেমিং পিকুৰ৷

জুবিন গাৰ্গৰ ৫০ বছৰীয়া জন্মদিনৰ দিনা যোৰহাটত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। বৰ্তমান সময়ৰ আহিবলগীয়া এখন বহু প্ৰত্যাশিত ছবি ‘ৰাজনীতি-পাৰ্ট-১’। 
May be an image of 3 people, wrist watch and text
নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৰাজনীতি-পাৰ্ট-১’ৰ টীজাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰা হৈছে। মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত জুবিন গাৰ্গ, তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 
May be an image of 6 people and text
ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। ২৩ ডিচেম্বৰত ছবিখনে সমগ্ৰ অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব। ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু