--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভুল ভুলাইয়া-২’ৰ জৰিয়তে মুকলিকৈ দৰ্শকক মনোৰঞ্জন দিয়া বলীউড অভিনেতা কাৰ্তিক আৰিয়ানে আজি ৩২ সংখ্যক জন্মদিনৰ আনন্দ উপভোগ কৰিছে। বহু ডাঙৰ তাৰকাৰ ছবিয়ে বক্স অফিচত মুখ থেকেচা খোৱাৰ পাছত এইবাৰ কাৰ্তিক আৰিয়ানৰ ‘ভুল ভুলাইয়া-২’ ছবিয়ে চৰ্চাৰ সৃষ্টি কৰিছিল। 
Even Kartik Aaryan Does Not Know His Bank Balance Mummy Ko Pata Hai Sach  Bol Raha Hu
কাৰ্তিক আৰিয়ানৰ অভিনয়ৰ এক আকৰ্ষণ আছে আৰু হয়তো এই কাৰণেই তেওঁ আজি অভিনেতা হিচাপে চলচ্চিত্ৰ জগতত আসন দখল কৰিব পাৰিছে। অৱশ্যে তেওঁৰ পৰিয়ালে কাৰ্তিকক বেলেগ এটা ৰূপতহে চাব বিচাৰিছিল। কাৰ্তিকৰ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ পৰিয়ালে তেওঁক কি ৰূপত চাব বিচাৰিছিল।
KARTIK AARYAN (@kartikaaryan) • Instagram photos and videos
কাৰ্তিক আৰিয়ান পঢ়া-শুনাত বহুত ভাল আছিল আৰু এই কাৰণেই তেওঁৰ পৰিয়ালে কাৰ্তিক ইঞ্জিনীয়াৰ হোৱাটো বিচাৰিছিল। ইয়াৰ বাবেই তেওঁৰ পৰিয়ালে তেওঁক ইঞ্জিনিয়াৰিং কৰিবলৈ মুম্বাইলৈ পঠিয়াইছিল যদিও ভিতৰি ভিতৰি কাৰ্তিকে অভিনেতা হোৱাৰ বাবেহে মন বান্ধিছিল। মধ্য প্ৰদেশৰ গোৱালিয়ৰ পৰা মুম্বাইত ভৰি থৈছিলহি কাৰ্তিকে। পঢ়া-শুনাৰ লগতে তেওঁ ষ্টুডিঅ’বোৰত ঘূৰি ফুৰিছিল, হয়তো কিছু কাম পাব পাৰে বুলি তাৰে আশাত।
Kartik Aryan hints shoot commencement for Satya Prem Ki Katha- Cinema  express
কাৰ্তিক আৰিয়ানৰ এই কঠোৰ পৰিশ্ৰম আৰু মনোবলৰ ফলত ২০১১ চনত ‘প্যাৰ কা পাঞ্চনামা’ ছবিত তেওঁ কাম কৰাৰ সুযোগ লাভ কৰিছিল। এই ছবিখনে সফলতা লাভ কৰিছিল। এই ছবিখন কৰাৰ পাছত কাৰ্তিকে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচালে। ইয়াৰ পিছত তেওঁ নিজৰ কেৰিয়াৰত ‘লাভ আজ কাল ২’, ‘পতি পাটনি ঔৰ ৱহ’, ‘ধামাকা’ আৰু ‘ভুল ভুলাইয়া-২’ আদি ছবিত কাম কৰিছে। বৰ্তমান তেওঁ ছবিৰ কামত ভীষণ ব্যস্ত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক