--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী প্ৰদীপ খৰেৰাৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে জনপ্ৰিয় মাৰাঠী অভিনেত্ৰী মানসী নাইকে। বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে দেখিবলৈ একে হিচাপে ছ’চিয়েল মিডিয়াত বিখ্যাত অভিনেত্ৰীগৰাকী। তেওঁক সকলোৱে ঐশ্বৰ্য ৰায়ৰ ‘হামচকল’ বুলি কয়। প্ৰথমবাৰৰ বাবে মানসীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে তেওঁৰ বিবাহ বিচ্ছেদক ​​লৈ। ছ’চিয়েল মিডিয়াত নাইক আৰু খাৰেৰাই ইজনে সিজনক আনফ’ল’ কৰাৰ লগতে তেওঁলোকৰ যুৰীয়া ছবি ডিলিট কৰাৰ ফলত দুয়োৰে বিচ্ছেদ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।
Manasi Naik gets romantic with boyfriend Pradeep Kharera in her latest post  - See pics | Marathi Movie News - Times of Indiaছ’চিয়েল মিডিয়াত ঐশ্বৰ্য ৰায়ৰ লুকলাইক হিচাপে পৰিচিত মানসী। তেওঁৰ ৰিল ভিডিঅ’বোৰ তীব্ৰ গতিত ভাইৰেল হয়। ঐশ্বৰ্যৰ গেটআপত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা যায়। নিজৰ ভাঙি যোৱা সংসাৰৰ সন্দৰ্ভত মানসীয়ে কয়, "উৰাবাতৰিবোৰ সঁচা, মই মিছা নকওঁ। মই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছো, এতিয়াও প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত মই অতি আৱেগিক।"
Manasi Naik Weds Pradeep Kharera: Wedding Festivities Begin As Only 2 Days  To Go For The
মানসীয়ে কয় যে বিবাহ বিচ্ছেদৰ দৰে কিবা এটাৰ সৈতে তেওঁ ভালদৰে মোকাবিলা কৰিব পৰা নাই। তেওঁ কয়, “কি ভুল হ’ল সেইটো কোৱাটো মোৰ বাবে সঠিক নহ’ব..মাত্ৰ কথাবোৰ ঠিক নহ’ল, আৰু এই সকলোবোৰ অতি সোনকালে আৰু বেছি দ্ৰুতগতিত ঘটিল। মই এতিয়াও প্ৰেমত বিশ্বাস কৰোঁ, আকৌ ভাল পাবলৈ মন যায়। মোৰ নিজা পৰিয়াল এটা হোৱাটো বিচাৰিছিলো, গতিকে বিয়া হৈছিলো, অৱশ্যেই সকলো বহুত বেছি খৰকৈ হৈছিল আৰু মই ভাবো সকলো ভুল হৈ গ'ল। এই বৈবাহিক সম্পৰ্কৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে। মই মোৰ স্বামী প্ৰদীপ খৰেৰাক ভাল পাওঁ, সন্মান কৰো আৰু তেওঁৰ পৰিয়ালকো বহুত ভালপাওঁ কিন্তু এগৰাকী নাৰী হিচাপে মোৰ আত্মসন্মান আছে।"
Photo: Manasi Naik looks absolutely stunning in an all-black outfit
মানসী নাইকে কয় যে তেওঁ নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব বিচাৰে। তেওঁ কয়, " মোৰ পৰিয়াল, মোৰ বন্ধু-বান্ধৱী আৰু মোৰ দৰ্শকে মোক এজন শিল্পী হিচাপে বিশ্বাস কৰি আছে। মই ভাবো মোৰ কেৰিয়াৰত মনোনিৱেশ কৰাৰ সময় আহি পৰিছে। মই সকলোৰে সমৰ্থন বিচাৰো। মই সম্পূৰ্ণ ক্লান্ত অনুভৱ কৰিছো। মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু