--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী প্ৰদীপ খৰেৰাৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে জনপ্ৰিয় মাৰাঠী অভিনেত্ৰী মানসী নাইকে। বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে দেখিবলৈ একে হিচাপে ছ’চিয়েল মিডিয়াত বিখ্যাত অভিনেত্ৰীগৰাকী। তেওঁক সকলোৱে ঐশ্বৰ্য ৰায়ৰ ‘হামচকল’ বুলি কয়। প্ৰথমবাৰৰ বাবে মানসীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে তেওঁৰ বিবাহ বিচ্ছেদক ​​লৈ। ছ’চিয়েল মিডিয়াত নাইক আৰু খাৰেৰাই ইজনে সিজনক আনফ’ল’ কৰাৰ লগতে তেওঁলোকৰ যুৰীয়া ছবি ডিলিট কৰাৰ ফলত দুয়োৰে বিচ্ছেদ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।
Manasi Naik gets romantic with boyfriend Pradeep Kharera in her latest post  - See pics | Marathi Movie News - Times of Indiaছ’চিয়েল মিডিয়াত ঐশ্বৰ্য ৰায়ৰ লুকলাইক হিচাপে পৰিচিত মানসী। তেওঁৰ ৰিল ভিডিঅ’বোৰ তীব্ৰ গতিত ভাইৰেল হয়। ঐশ্বৰ্যৰ গেটআপত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা যায়। নিজৰ ভাঙি যোৱা সংসাৰৰ সন্দৰ্ভত মানসীয়ে কয়, "উৰাবাতৰিবোৰ সঁচা, মই মিছা নকওঁ। মই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছো, এতিয়াও প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত মই অতি আৱেগিক।"
Manasi Naik Weds Pradeep Kharera: Wedding Festivities Begin As Only 2 Days  To Go For The
মানসীয়ে কয় যে বিবাহ বিচ্ছেদৰ দৰে কিবা এটাৰ সৈতে তেওঁ ভালদৰে মোকাবিলা কৰিব পৰা নাই। তেওঁ কয়, “কি ভুল হ’ল সেইটো কোৱাটো মোৰ বাবে সঠিক নহ’ব..মাত্ৰ কথাবোৰ ঠিক নহ’ল, আৰু এই সকলোবোৰ অতি সোনকালে আৰু বেছি দ্ৰুতগতিত ঘটিল। মই এতিয়াও প্ৰেমত বিশ্বাস কৰোঁ, আকৌ ভাল পাবলৈ মন যায়। মোৰ নিজা পৰিয়াল এটা হোৱাটো বিচাৰিছিলো, গতিকে বিয়া হৈছিলো, অৱশ্যেই সকলো বহুত বেছি খৰকৈ হৈছিল আৰু মই ভাবো সকলো ভুল হৈ গ'ল। এই বৈবাহিক সম্পৰ্কৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে। মই মোৰ স্বামী প্ৰদীপ খৰেৰাক ভাল পাওঁ, সন্মান কৰো আৰু তেওঁৰ পৰিয়ালকো বহুত ভালপাওঁ কিন্তু এগৰাকী নাৰী হিচাপে মোৰ আত্মসন্মান আছে।"
Photo: Manasi Naik looks absolutely stunning in an all-black outfit
মানসী নাইকে কয় যে তেওঁ নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব বিচাৰে। তেওঁ কয়, " মোৰ পৰিয়াল, মোৰ বন্ধু-বান্ধৱী আৰু মোৰ দৰ্শকে মোক এজন শিল্পী হিচাপে বিশ্বাস কৰি আছে। মই ভাবো মোৰ কেৰিয়াৰত মনোনিৱেশ কৰাৰ সময় আহি পৰিছে। মই সকলোৰে সমৰ্থন বিচাৰো। মই সম্পূৰ্ণ ক্লান্ত অনুভৱ কৰিছো। মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement