--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ৰ দশকত তেওঁক চাবলৈ বহু লোকে চিনেমা হলবোৰত ভিৰ কৰিছিল। ‘টিপ টিপ বৰছা পানী’ গীতটিত তেওঁৰ নৃত্যৰ ভংগীমাসমূহ আজিও বহু পুৰুষৰ হৃদয়ত আছে। তেওঁ হৈছে ৰবিনা টেণ্ডন।

শেহতীয়াকৈ অভিনেত্ৰী ৰবিনা টেণ্ডনে নিজৰ অভিনয় জীৱনৰ বিষয়ে এক সাক্ষাৎকাৰ দিছিল। তাত অভিনেত্ৰীগৰাকীয়ে ‘বডি শ্বেমিং’ৰ পৰা আৰম্ভ কৰি বলীউডত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সকলো কথা স্পষ্টভাৱে কয়।

আন অভিনেত্ৰীসকলৰ দৰে ৰবিনাৰ শৰীৰটো লাহী-পাহী নাছিল। আৰু সেইবাবেই সেই সময়ৰ বাতৰি কাকতত তেওঁৰ বিষয়ে বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰা লিখা হৈছিল। এই অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীৰ।

ৰবিনাই ক'লে- "সেই সময়ৰ বাতৰি কাকতত কাম কৰা কিছুমান মানুহ আছিল, যিসকলে নিজে নাৰী হ'লেও আন নাৰীৰ শৰীৰক অপমান কৰিছিল। অভিনয় নহয়, নায়িকাসকলৰ শৰীৰৰ চৰ্চাহে বেছি হৈছিল। অভিনেত্ৰীসকলক ঠাট্টা-মস্কৰা কৰি তললৈ নমাই আনিবলৈ চেষ্টা কৰি থাকিল। আজি তেওঁলোক ডাঙৰ ডাঙৰ নাৰীবাদী হৈ ৰাস্তাত ঘূৰি ফুৰিছে।’’

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ শৰীৰৰ বিষয়ে বহু কঠোৰ কথা শুনিবলগীয়া হৈছিল। ৰবিনাই কয়- ''মই ষোল্ল বছৰ বয়সৰ পৰাই বলীউডত কাম কৰিবলৈ আৰম্ভ কৰিছিলো। সেই সময়ত মোৰ গোটেই শৰীৰত বিপুল পৰিমাণৰ বেবী ফেট আছিল। কিন্তু এতিয়া মই একো গুৰুত্ব দিয়া নাছিলো। মই যিদৰে আছো, মই ভালেই আছো।''

নবৈৰ দশকৰ মহিলা সাংবাদিকসকলক লৈও ৰবিনাই ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, "নব্বৈৰ দশকত সাংবাদিকৰ এনে আচৰণত মই বৰ বিৰক্ত হৈছিলোঁ। বিয়াৰ পিছত অভিনয়ৰ পৰা বিৰতি লোৱাৰ আঁৰৰ কাৰণ এইটোৱেই আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক