--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ৰ দশকত তেওঁক চাবলৈ বহু লোকে চিনেমা হলবোৰত ভিৰ কৰিছিল। ‘টিপ টিপ বৰছা পানী’ গীতটিত তেওঁৰ নৃত্যৰ ভংগীমাসমূহ আজিও বহু পুৰুষৰ হৃদয়ত আছে। তেওঁ হৈছে ৰবিনা টেণ্ডন।

শেহতীয়াকৈ অভিনেত্ৰী ৰবিনা টেণ্ডনে নিজৰ অভিনয় জীৱনৰ বিষয়ে এক সাক্ষাৎকাৰ দিছিল। তাত অভিনেত্ৰীগৰাকীয়ে ‘বডি শ্বেমিং’ৰ পৰা আৰম্ভ কৰি বলীউডত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সকলো কথা স্পষ্টভাৱে কয়।

আন অভিনেত্ৰীসকলৰ দৰে ৰবিনাৰ শৰীৰটো লাহী-পাহী নাছিল। আৰু সেইবাবেই সেই সময়ৰ বাতৰি কাকতত তেওঁৰ বিষয়ে বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰা লিখা হৈছিল। এই অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীৰ।

ৰবিনাই ক'লে- "সেই সময়ৰ বাতৰি কাকতত কাম কৰা কিছুমান মানুহ আছিল, যিসকলে নিজে নাৰী হ'লেও আন নাৰীৰ শৰীৰক অপমান কৰিছিল। অভিনয় নহয়, নায়িকাসকলৰ শৰীৰৰ চৰ্চাহে বেছি হৈছিল। অভিনেত্ৰীসকলক ঠাট্টা-মস্কৰা কৰি তললৈ নমাই আনিবলৈ চেষ্টা কৰি থাকিল। আজি তেওঁলোক ডাঙৰ ডাঙৰ নাৰীবাদী হৈ ৰাস্তাত ঘূৰি ফুৰিছে।’’

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ শৰীৰৰ বিষয়ে বহু কঠোৰ কথা শুনিবলগীয়া হৈছিল। ৰবিনাই কয়- ''মই ষোল্ল বছৰ বয়সৰ পৰাই বলীউডত কাম কৰিবলৈ আৰম্ভ কৰিছিলো। সেই সময়ত মোৰ গোটেই শৰীৰত বিপুল পৰিমাণৰ বেবী ফেট আছিল। কিন্তু এতিয়া মই একো গুৰুত্ব দিয়া নাছিলো। মই যিদৰে আছো, মই ভালেই আছো।''

নবৈৰ দশকৰ মহিলা সাংবাদিকসকলক লৈও ৰবিনাই ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, "নব্বৈৰ দশকত সাংবাদিকৰ এনে আচৰণত মই বৰ বিৰক্ত হৈছিলোঁ। বিয়াৰ পিছত অভিনয়ৰ পৰা বিৰতি লোৱাৰ আঁৰৰ কাৰণ এইটোৱেই আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু