--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চনক 'পৰিয়ালৰ গৌৰৱ’ আখ্যা দিলে পিতৃ অমিতাভ বচ্ছনে। দেওবাৰে অভিষেকে ৪৭ বছৰ সম্পূৰ্ণ কৰিলে। পুত্ৰৰ জন্মদিনত বিগবিয়ে এখন মুকলি চিঠি লিখি এই আখ্যা দিছে।

উল্লেখ্য যে বিগবিৰ পুত্ৰ হোৱাৰ বাবেই দেউতাকৰ লগত অভিষেকক তুলনা কৰা হয়। ছুপাৰষ্টাৰ পিতৃৰ পুত্ৰ বুলি কোৱা হয়।  প্ৰশংসা আৰু বহু সমালোচনাও শুনিব লগা হৈছে। অৱশ্যে এইসমূহৰ কোনো প্ৰত্যুত্তৰ অভিষেকে নাই দিয়া।

অমিতাভ বচ্চনে পুত্ৰক ভালপোৱাৰ সমানেই গৌৰৱবোধো কৰে। বিগ বিয়ে প্ৰায়ে পুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। অভিষেকৰ কাবাডী দল জয়পুৰ পিংক পেন্থাৰ্ছে প্ৰ’ কাবাডী লীগ জয় কৰে। ইয়াৰ পিছত পুত্ৰক 'বিগ বি'য়ে আদৰণি জনায়।

অমিতাভ বচ্চনে পুত্ৰ অভিষেকৰ বাবে জন্মদিন উপলক্ষে লিখিছে- “সময় কেনেকৈ উৰি যায়, সেয়া বুজিব নোৱাৰা কথা। পিছলৈ ঘূৰি চালে সুখী হওঁ, তোমাৰ বাবে গৌৰৱান্বিত হওঁ। আজি তুমি যিখিনি অৰ্জন কৰিছা সেয়া তোমাৰেই কৃতিত্ব। ইয়াৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম, নিষ্ঠা, একাগ্ৰতা।’’

অমিতাভে আৰু লিখে- ''আজি তুমি নিন্দুক আৰু সমালোচকসকলক ভুল প্ৰমাণ কৰিলা। তুমি পৰিয়ালৰ গৌৰৱ।’’

অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনেও স্বামীৰ জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে- "জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ প্ৰেম!  তুমি চিৰদিনৰ বাবে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক