--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চনক 'পৰিয়ালৰ গৌৰৱ’ আখ্যা দিলে পিতৃ অমিতাভ বচ্ছনে। দেওবাৰে অভিষেকে ৪৭ বছৰ সম্পূৰ্ণ কৰিলে। পুত্ৰৰ জন্মদিনত বিগবিয়ে এখন মুকলি চিঠি লিখি এই আখ্যা দিছে।

উল্লেখ্য যে বিগবিৰ পুত্ৰ হোৱাৰ বাবেই দেউতাকৰ লগত অভিষেকক তুলনা কৰা হয়। ছুপাৰষ্টাৰ পিতৃৰ পুত্ৰ বুলি কোৱা হয়।  প্ৰশংসা আৰু বহু সমালোচনাও শুনিব লগা হৈছে। অৱশ্যে এইসমূহৰ কোনো প্ৰত্যুত্তৰ অভিষেকে নাই দিয়া।

অমিতাভ বচ্চনে পুত্ৰক ভালপোৱাৰ সমানেই গৌৰৱবোধো কৰে। বিগ বিয়ে প্ৰায়ে পুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। অভিষেকৰ কাবাডী দল জয়পুৰ পিংক পেন্থাৰ্ছে প্ৰ’ কাবাডী লীগ জয় কৰে। ইয়াৰ পিছত পুত্ৰক 'বিগ বি'য়ে আদৰণি জনায়।

অমিতাভ বচ্চনে পুত্ৰ অভিষেকৰ বাবে জন্মদিন উপলক্ষে লিখিছে- “সময় কেনেকৈ উৰি যায়, সেয়া বুজিব নোৱাৰা কথা। পিছলৈ ঘূৰি চালে সুখী হওঁ, তোমাৰ বাবে গৌৰৱান্বিত হওঁ। আজি তুমি যিখিনি অৰ্জন কৰিছা সেয়া তোমাৰেই কৃতিত্ব। ইয়াৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম, নিষ্ঠা, একাগ্ৰতা।’’

অমিতাভে আৰু লিখে- ''আজি তুমি নিন্দুক আৰু সমালোচকসকলক ভুল প্ৰমাণ কৰিলা। তুমি পৰিয়ালৰ গৌৰৱ।’’

অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনেও স্বামীৰ জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে- "জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ প্ৰেম!  তুমি চিৰদিনৰ বাবে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক