--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়াই বিশেষভাৱে চৰ্চা লাভ কৰিছে। বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বিবাহপাশত আৱদ্ধ হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। ভগৱন্তৰ কইনাৰ নাম ডঃ গুৰপ্ৰীত সিং। পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বিয়াত শাসকীয় আম আদমি পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাহিৰেও বিবাহ অনুষ্ঠানত উপস্থিত থকা আটাইতকৈ চৰ্চিত ৰাজনীতিবিদগৰাকী হ’ল সাংসদ ৰাঘৱ চাদ্ধা। 

ৰাঘৱ চাদ্ধা এজন যুৱ নেতা আৰু তেওঁ এতিয়াও অবিবাহিত। 'মষ্ট এলিজেবল বেচ্চলৰ' ৰাঘৱ চাদ্ধা বহু যুৱতীৰে নয়নৰ মণি। বহু যুৱতীৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰে ৩৩ বছৰীয়া যুৱ নেতাগৰাকীয়ে। এতিয়া সকলোৱে অপেক্ষা কৰি আছে ৰাঘৱ চাদ্ধাৰ বিয়াখনৰ বাবে। 

এতিয়ালৈকে ৰাঘৱ চাদ্ধাই তেওঁৰ বিয়া কেতিয়া হ’ব সেই কথা প্ৰকাশ কৰা নাই, কিন্তু অতি সোনকালে বিয়া হ’ব বুলি ইংগিত দিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ডাঙৰ ভাই সকলে বিয়া কৰালে যেতিয়া সৰুসকলেও বিয়া কৰাব লাগে। তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক তেওঁৰ ডাঙৰ ভাতৃ বুলি গণ্য কৰে। ভগৱন্ত মানৰ বিবাহৰ কাৰ্যসূচীত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰা দেখা গ’ল ৰাঘৱ চাদ্ধাক। 

তেওঁ কয় যে “ভাৰতীয় পৰম্পৰাত জ্যেষ্ঠসকলে প্ৰথমে বিয়া পাতে তাৰপিছত সৰু সকলৰ বিয়া হয়। সেইবাবেই প্ৰথমে জ্যেষ্ঠজনক বিয়া কৰাবলৈ দিলোঁ, এতিয়া মই নিশ্চয়কৈ বিয়াৰ কথা ভাবিম আৰু মই মোৰ বিয়াখনৰ কথা সকলোকে অৱগত কৰিম।" ৰাঘৱে লগতে কয় যে "আমি সকলো সুখী যে বহুদিনৰ পিছত মান চাহাবৰ পৰিয়াললৈ সুখ ঘূৰি আহিছে। পুত্ৰৰ ঘৰখন পুনৰ ঠন ধৰি উঠাটো তেওঁৰ মাতৃৰ সপোন আছিল, আজি সেই সপোন পূৰণ হোৱা দেখি আমি সকলো সুখী হৈছো। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়।" আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে "ভগৱন্ত মানে আজি এক নতুন যাত্ৰা আৰম্ভ কৰিছে, মই তেওঁক বিবাহিত জীৱনৰ শুভেচ্ছা জনাইছো"। উল্লেখ্য যে দৰা ভগৱন্তৰ পিতৃৰ ৰীতি-নীতি অৰবিন্দ কেজৰিৱালে সম্পন্ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন