--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়াই বিশেষভাৱে চৰ্চা লাভ কৰিছে। বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বিবাহপাশত আৱদ্ধ হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। ভগৱন্তৰ কইনাৰ নাম ডঃ গুৰপ্ৰীত সিং। পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বিয়াত শাসকীয় আম আদমি পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাহিৰেও বিবাহ অনুষ্ঠানত উপস্থিত থকা আটাইতকৈ চৰ্চিত ৰাজনীতিবিদগৰাকী হ’ল সাংসদ ৰাঘৱ চাদ্ধা। 

ৰাঘৱ চাদ্ধা এজন যুৱ নেতা আৰু তেওঁ এতিয়াও অবিবাহিত। 'মষ্ট এলিজেবল বেচ্চলৰ' ৰাঘৱ চাদ্ধা বহু যুৱতীৰে নয়নৰ মণি। বহু যুৱতীৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰে ৩৩ বছৰীয়া যুৱ নেতাগৰাকীয়ে। এতিয়া সকলোৱে অপেক্ষা কৰি আছে ৰাঘৱ চাদ্ধাৰ বিয়াখনৰ বাবে। 

এতিয়ালৈকে ৰাঘৱ চাদ্ধাই তেওঁৰ বিয়া কেতিয়া হ’ব সেই কথা প্ৰকাশ কৰা নাই, কিন্তু অতি সোনকালে বিয়া হ’ব বুলি ইংগিত দিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ডাঙৰ ভাই সকলে বিয়া কৰালে যেতিয়া সৰুসকলেও বিয়া কৰাব লাগে। তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক তেওঁৰ ডাঙৰ ভাতৃ বুলি গণ্য কৰে। ভগৱন্ত মানৰ বিবাহৰ কাৰ্যসূচীত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰা দেখা গ’ল ৰাঘৱ চাদ্ধাক। 

তেওঁ কয় যে “ভাৰতীয় পৰম্পৰাত জ্যেষ্ঠসকলে প্ৰথমে বিয়া পাতে তাৰপিছত সৰু সকলৰ বিয়া হয়। সেইবাবেই প্ৰথমে জ্যেষ্ঠজনক বিয়া কৰাবলৈ দিলোঁ, এতিয়া মই নিশ্চয়কৈ বিয়াৰ কথা ভাবিম আৰু মই মোৰ বিয়াখনৰ কথা সকলোকে অৱগত কৰিম।" ৰাঘৱে লগতে কয় যে "আমি সকলো সুখী যে বহুদিনৰ পিছত মান চাহাবৰ পৰিয়াললৈ সুখ ঘূৰি আহিছে। পুত্ৰৰ ঘৰখন পুনৰ ঠন ধৰি উঠাটো তেওঁৰ মাতৃৰ সপোন আছিল, আজি সেই সপোন পূৰণ হোৱা দেখি আমি সকলো সুখী হৈছো। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়।" আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে "ভগৱন্ত মানে আজি এক নতুন যাত্ৰা আৰম্ভ কৰিছে, মই তেওঁক বিবাহিত জীৱনৰ শুভেচ্ছা জনাইছো"। উল্লেখ্য যে দৰা ভগৱন্তৰ পিতৃৰ ৰীতি-নীতি অৰবিন্দ কেজৰিৱালে সম্পন্ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ