--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মছন্দৰী অসমৰ সকলোৰে পৰিচিত এক শাক। এই শাকবিধ  অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰহণী ৰোগত মছন্দৰী এবিধ মহাঔষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে।  ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়। 

ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ পাতৰ বৰণ ঘন সেউজীয়া। পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ’(Ranunculus)। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়।

৪)ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক। 

৫) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।

৬) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।  

৭)স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।


৮)  মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।

৯) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।

১০) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।

১১) মছন্দৰীয়ে  বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।

১২) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

আহক আমাৰ বাৰীত সহজতে পোৱা এই মছন্দৰী খাই গ্ৰহণী, পেটকামোৰণি আদিকে ধৰি বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ উপৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰো।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু