--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলী হৈছে পোহৰ আৰু সুখ-সমৃদ্ধিৰ উৎসৱ। কিন্তু এই আনন্দৰ মাজতে স্বাস্থ্যৰ সন্দৰ্ভত যিকোনো ধৰণৰ অসাৱধানতা সুখত ম্লান ঘটাব পাৰে। বিশেষকৈ যিসকলৰ ইতিমধ্যে হৃদৰোগজনিত বা স্নায়ুজনিত সমস্যা আছে তেওঁলোকে অতি সাৱধান আৰু সজাগ হোৱাটো প্ৰয়োজন।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ফটকা বিস্ফোৰণৰ শব্দই এনে ৰোগত আক্ৰান্ত লোকসকলৰ সমস্যা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। গৱেষকসকলে প্ৰকাশ কৰিছে যে হঠাতে ফটকা ফুটাৰ শব্দ ৯০ ডেচিবেলৰ তলত হ’লেও এনে ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে কোলাহলপূৰ্ণ পৰিৱেশত হাৰ্টএটেকৰ সম্ভাৱনা ৭২ শতাংশ বৃদ্ধি পায়। ইয়াৰ ফলত স্নায়ুজনিত বিকাৰৰ সম্ভাৱনাও বহুগুণে বৃদ্ধি পায়। শেহতীয়াকৈ যিদৰে হাৰ্টএটেকৰ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে, এই বিপদৰ কথা মনত ৰাখি সকলো বয়সৰ লোকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। ইতিমধ্যে হৃদৰোগত আক্ৰান্ত লোকসকলক অধিক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। ফটকাৰ শব্দই কেনেকৈ হৃদৰোগীৰ অসুবিধা বৃদ্ধি কৰিব পাৰে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কি কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে জানো আহক।

স্বাস্থ্য বিশেষজ্ঞসকলে কি কয়?

পুণেস্থিত ছুপাৰস্পেচিয়েলিটী হস্পিতালৰ কাৰ্ডিয়াক চাৰ্জাৰীৰ মুৰব্বী ডাঃ হেমন্ত জোহৰীয়ে কয় যে দীপাৱলীৰ সময়ত প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ আশংকা প্ৰায়ে বৃদ্ধি হয়, কিন্তু হৃদৰোগীসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰখা নহয়। যিসকল লোকৰ হৃদৰোগ আছে বা উচ্চ ৰক্তচাপৰ বাবে ঔষধ খাই আছে তেওঁলোকৰ বাবে উচ্চ শব্দৰ সংস্পৰ্শলৈ অহাটো এটা সমস্যা হ’ব পাৰে। হঠাতে ফটকাৰ উচ্চ শব্দই ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে হৃদযন্ত্ৰৰ লগত জড়িত বহু ধৰণৰ জটিলতাৰ সম্ভাৱনা থাকে।

 স্নায়ুজনিত সমস্যাৰো সম্ভাৱনা বৃদ্ধি পায়-

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে হঠাতে হোৱা শব্দই বহু ধৰণৰ স্নায়ুজনিত বিকাৰৰো সূচনা কৰিব পাৰে। ‘ষ্টাৰটেল চিনড্ৰম’ৰ দৰে সমস্যাত ভুগি থকা লোকসকলৰ বাবে ই আৰু অধিক গুৰুতৰ বুলি ভবা হৈছে। ইয়াৰ উপৰি ই মৃগীৰোগৰ আক্ৰমণৰ সূচনা কৰিব পাৰে। ইতিমধ্যে এনে সমস্যাৰ আশংকাত ভুগি থকা লোকসকলে দীপাৱলীৰ সময়ত বাহিৰলৈ ওলাই যোৱা বা কোলাহলপূৰ্ণ পৰিৱেশৰ পৰা বিৰত থাকিব লাগে।

সাৱধান হোৱাৰ প্ৰয়োজন-

* চিকিৎসকে কয় যে যিসকল লোকৰ ইতিমধ্যে হৃদযন্ত্ৰ-স্নায়ুজনিত সমস্যা আছে, তেওঁলোকক ফটকাৰ শব্দৰ পৰা দূৰতে থকাটো প্ৰয়োজন। ঘৰৰ ভিতৰৰ বন্ধ কোঠাত থাকিলে শব্দ আৰু প্ৰদূষণ দুয়োটা ৰোধ কৰিব পাৰি।

* নিয়মীয়াকৈ সময়মতে হৃদযন্ত্ৰৰ ঔষধ খাব লাগে। যদি উশাহ লোৱাত কষ্ট পোৱা বা বুকুৰ বিষৰ দৰে লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

* শব্দহীন ফটকা ব্যৱহাৰ কৰক। শিশু আৰু পূৰ্বতে থকা হৃদযন্ত্ৰৰ অৱস্থা থকা লোকসকল উচ্চ শব্দৰ প্ৰতি অধিক সংবেদনশীল হয় আৰু বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।

* শব্দ আৰু বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখক।

* উচ্চস্বৰৰ ফটকাবোৰৰ পৰা আঁতৰত থাকক।

* হৃদৰোগীসকলে খাদ্য-পানীয়ৰ ক্ষেত্ৰত বিশেষ যত্ন ল’ব লাগে। কম চৰ্বিযুক্ত, কম চেনিযুক্ত আৰু কম ছ’ডিয়ামযুক্ত খাদ্যহে খাব লাগে।

* ফটকাৰ উচ্চ শব্দৰ পৰা হাত সাৰিবলৈ কাণৰ প্লাগ পিন্ধিব লাগে আৰু নিশা ভালদৰে টোপনি যাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে