--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিক ছদ্মবেশত প্ৰতাৰণা কৰাৰ অভিযোগত ওড়িশাত গ্ৰেপ্তাৰ হ’ল এজন কাশ্মীৰী যুৱক। ৩৭ বছৰীয়া যুৱকজনৰ নাম চৈয়দ ঈশান বুখাৰী। তেওঁ কাশ্মীৰৰ কুপৱাৰাৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত যুৱকজনে নিজকে সেনাৰ চিকিৎসক, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ বুলি পৰিচয় দিছিল। অভিযোগ অনুসৰি অভিযুক্ত যুৱকজনে সময়ে সময়ে নিজৰ নাম আৰু পৰিচয় সলনি কৰিছিল। শনিবাৰে ওড়িশা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে জয়পুৰ জিলাৰ নেউলপুৰ গাঁৱৰ পৰা চৈয়দক গ্ৰেপ্তাৰ কৰে।

তদন্তকাৰীয়ে লগতে দাবী কৰিছে যে অভিযুক্তজন পাকিস্তানৰ পৰা অহা কেইবাজনো লোকৰ সংস্পৰ্শত আছিল। এছটিএফে জনোৱা মতে, চৈয়দৰ পৰা উদ্ধাৰ হৈছে দেশৰ লগতে বিদেশৰ বহু চিকিৎসা মহাবিদ্যালয়ৰ ভুৱা প্ৰমাণ পত্ৰ। ইয়াৰ উপৰিও শপতনামা, বণ্ড, এটিএম কাৰ্ড, চেক বুক, আধাৰ কাৰ্ড, ভিজিটিং কাৰ্ডকে ধৰি ১০০ৰো অধিক নথি উদ্ধাৰ কৰা হৈছে।

এছ টি এফে লগতে জনাইছে যে চৈয়দে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কমেও ছয়গৰাকী মহিলাক বিভিন্ন পৰিচয়ৰে বিবাহপাশত আবদ্ধ কৰিছিল। ইয়াৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও মহিলাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও তদন্তকাৰীয়ে জানিবলৈ দিয়ে। কেইবাটাও ৱেবছাইট আৰু এপতো তেওঁ সক্ৰিয় আছিল।

এছ টি এফৰ মহাপৰিদৰ্শক জে এন পংকজে কয় যে চৈয়দৰ পৰা কেইবাখনো ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে। তদন্তকাৰীয়েও অনুমান কৰিছে যে তেওঁৰ পাকিস্তানী উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে। অৱশ্যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে যুৱকজনৰ কোনো সম্পৰ্ক থকা নাই বুলি এছ টি এফৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

এছটিএফৰ সূত্ৰ অনুসৰি কাশ্মীৰ আৰক্ষীয়েও দীৰ্ঘদিন ধৰি চৈয়দক বিচাৰি আছিল। কাশ্মীৰৰ কেইবাটাও প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কাশ্মীৰত তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ চলি আছে। বৰ্তমান পঞ্জাৱ, কাশ্মীৰ আৰু ওড়িশাৰ তদন্তকাৰীৰ যৌথ দলে চৈয়দক জেৰা কৰিব বুলি এছটিএফৰ মহাপৰিদৰ্শকেও জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক