--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিক ছদ্মবেশত প্ৰতাৰণা কৰাৰ অভিযোগত ওড়িশাত গ্ৰেপ্তাৰ হ’ল এজন কাশ্মীৰী যুৱক। ৩৭ বছৰীয়া যুৱকজনৰ নাম চৈয়দ ঈশান বুখাৰী। তেওঁ কাশ্মীৰৰ কুপৱাৰাৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত যুৱকজনে নিজকে সেনাৰ চিকিৎসক, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ বুলি পৰিচয় দিছিল। অভিযোগ অনুসৰি অভিযুক্ত যুৱকজনে সময়ে সময়ে নিজৰ নাম আৰু পৰিচয় সলনি কৰিছিল। শনিবাৰে ওড়িশা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে জয়পুৰ জিলাৰ নেউলপুৰ গাঁৱৰ পৰা চৈয়দক গ্ৰেপ্তাৰ কৰে।

তদন্তকাৰীয়ে লগতে দাবী কৰিছে যে অভিযুক্তজন পাকিস্তানৰ পৰা অহা কেইবাজনো লোকৰ সংস্পৰ্শত আছিল। এছটিএফে জনোৱা মতে, চৈয়দৰ পৰা উদ্ধাৰ হৈছে দেশৰ লগতে বিদেশৰ বহু চিকিৎসা মহাবিদ্যালয়ৰ ভুৱা প্ৰমাণ পত্ৰ। ইয়াৰ উপৰিও শপতনামা, বণ্ড, এটিএম কাৰ্ড, চেক বুক, আধাৰ কাৰ্ড, ভিজিটিং কাৰ্ডকে ধৰি ১০০ৰো অধিক নথি উদ্ধাৰ কৰা হৈছে।

এছ টি এফে লগতে জনাইছে যে চৈয়দে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কমেও ছয়গৰাকী মহিলাক বিভিন্ন পৰিচয়ৰে বিবাহপাশত আবদ্ধ কৰিছিল। ইয়াৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও মহিলাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও তদন্তকাৰীয়ে জানিবলৈ দিয়ে। কেইবাটাও ৱেবছাইট আৰু এপতো তেওঁ সক্ৰিয় আছিল।

এছ টি এফৰ মহাপৰিদৰ্শক জে এন পংকজে কয় যে চৈয়দৰ পৰা কেইবাখনো ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে। তদন্তকাৰীয়েও অনুমান কৰিছে যে তেওঁৰ পাকিস্তানী উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে। অৱশ্যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে যুৱকজনৰ কোনো সম্পৰ্ক থকা নাই বুলি এছ টি এফৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

এছটিএফৰ সূত্ৰ অনুসৰি কাশ্মীৰ আৰক্ষীয়েও দীৰ্ঘদিন ধৰি চৈয়দক বিচাৰি আছিল। কাশ্মীৰৰ কেইবাটাও প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কাশ্মীৰত তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ চলি আছে। বৰ্তমান পঞ্জাৱ, কাশ্মীৰ আৰু ওড়িশাৰ তদন্তকাৰীৰ যৌথ দলে চৈয়দক জেৰা কৰিব বুলি এছটিএফৰ মহাপৰিদৰ্শকেও জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement