--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বি. বৰুৱা কলেজ প্ৰাংগনত ১৪ মাৰ্চত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ইংৰাজী বিভাগৰ উদ্যোগত উদযাপিত হয় ‘ফাগুন এট দ্য কোৰ্টয়াৰ্ড’ৰ তৃতীয় অধ্যায়। বিভিন্ন বিভাগৰ শিক্ষাৰ্থী আৰু শিক্ষকে অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত সৰ্বমুঠ ৩০টা স্বৰিচত কবিতা পাঠ কৰা অনুষ্ঠানটোৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক জিণ্টু হাজৰিকাই। একে বিভাগৰ মুৰব্বী অধ্যাপক ড° অভিজ্ঞান প্ৰসাদে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কলেজৰ অধ্যক্ষ ড° সত্যেন্দ্রনাথ বৰ্মনে জিণ্টু হাজৰিকা সম্পাদিত এখনি কবিতাৰ ক্ষুদ্ৰ সংকলন উন্মোচন কৰি শিক্ষাৰ্থীসকলৰ কাব্যচৰ্চাক উৎসাহিত কৰে। পাঠ কৰা কবিতাসমূহৰ সন্দৰ্ভত সমালোচনাত্মক মন্তব্য আগবঢ়ায়- স্নিগ্ধা ডেকা, কৌশিক হাজৰিকা, ড° নিজৰা গোস্বামী, ড° সুমনা দাস, ড° মানবেন্দ্র শৰ্মা, ড° কবিতা চিৰিং আৰু নম্ৰতা শৰ্মাই। অনুষ্ঠানত কবিসকলৰ লগত ৰসাল মত বিনিময়েৰে নিজৰ কবিতা পাঠ কৰে কবি ড° বিপুলজ্যোতি শইকীয়া আৰু লেখক তথা প্ৰশাসনিক বিষয়া প্ৰশান্ত সাগৰ চাংমায়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ