--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী আৰু বিৰাট কোহলীয়ে হাত নিমিলোৱাক লৈ তীব্ৰ চৰ্চা চলিছিল৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে খেলপথাৰত নামোতে দিল্লীৰ ডাইৰেক্টৰ অৱ ক্ৰিকেট গাংগুলীৰ স’তে হাত মিলোৱা নাছিল বিৰাটে৷ সেই বিতৰ্ক শেষ নহওঁতেই পুনৰ আইপিএলত দেখা গ’ল আন এটা দৃশ্য৷ কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ ৰিংকু সিঙে এইবাৰ হাত নিমিলালে বিৰাটৰ সৈতে। বৰঞ্চ তেওঁ এটা অদ্ভুত কাম কৰিলে।

একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ ঘৰুৱা খেলপথাৰত আৰচিবিক পৰাস্ত কৰে কেকেআৰে। কোহলীয়ে অৰ্ধশতক অৰ্জন কৰিলেও দলটো জয়ী হ’ব নোৱাৰিলে। খেলৰ শেষত যেতিয়া দুয়োটা দলৰ ক্ৰিকেটাৰে ইজনে সিজনক হাত মিলাইছিল, তেতিয়া দেখা গ’ল যে ৰিংকুৱে কোহলীৰ সন্মুখত গৈ তেওঁৰ ভৰি চুই প্ৰণাম কৰে। প্ৰথমে অলপ অপ্ৰস্তুত হয় কোহলী। তাৰপিছতে ৰিংকুক বুকুত সাৱটি ধৰিলে।

ৰিংকুৱে শেষৰ পাঁচটা বলত ৫টা ছয় মাৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে কেকেআৰক জয়লাভ কৰে। আই পি এলৰ এই মুহূৰ্ত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত। পিছত কোহলীয়ে ৰিংকুক প্ৰশংসা কৰে। তেওঁ ক'লে, "ৰিংকুৱে যি কৰিছে সেয়া মই সপোনতো ভবা নাই। সেই পৰিস্থিতিত পাঁচটা ছয় মাৰি মেচখনত জয়ী হোৱাটো প্ৰায় অসম্ভৱ। ৰিংকুৱে তেনেকুৱা কৰিবলৈ সক্ষম হ’ল। ডেকা ক্ৰিকেটাৰ এনেদৰে ওপৰলৈ অহা দেখি বৰ ভাল লাগে।’’

এইবাৰৰ আই পি এলত ভাল ছন্দত আছে কোহলী। আৰচিবিৰ হৈ ৮খন মেচত ৩৩৩ ৰান সংগ্ৰহ কৰি কমলা ৰঙৰ কেপৰ দৌৰত তেওঁ দ্বিতীয় স্থানত আছে। বিৰাটে গড়ে ৬০.২৮ ৰান আৰু ষ্ট্ৰাইক ৰেট ১৬৭.৪৬ ৰান সংগ্ৰহ কৰে। ৮খন মেচত ৫টা পঞ্চাশ ৰান কৰে।

ৰিংকুৱেও কেকেআৰৰ হৈ বেয়া খেলা নাই। ৮খন মেচত ২৫১ ৰান সংগ্ৰহ কৰিছে। কে কে আৰৰ বাওঁহাতৰ বেটছমেনগৰাকীয়ে গড়ে ৬২.৭৫ ৰান আৰু ষ্ট্ৰাইক ৰেট ১৫৮.৮৬ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ