--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী আৰু বিৰাট কোহলীয়ে হাত নিমিলোৱাক লৈ তীব্ৰ চৰ্চা চলিছিল৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে খেলপথাৰত নামোতে দিল্লীৰ ডাইৰেক্টৰ অৱ ক্ৰিকেট গাংগুলীৰ স’তে হাত মিলোৱা নাছিল বিৰাটে৷ সেই বিতৰ্ক শেষ নহওঁতেই পুনৰ আইপিএলত দেখা গ’ল আন এটা দৃশ্য৷ কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ ৰিংকু সিঙে এইবাৰ হাত নিমিলালে বিৰাটৰ সৈতে। বৰঞ্চ তেওঁ এটা অদ্ভুত কাম কৰিলে।

একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ ঘৰুৱা খেলপথাৰত আৰচিবিক পৰাস্ত কৰে কেকেআৰে। কোহলীয়ে অৰ্ধশতক অৰ্জন কৰিলেও দলটো জয়ী হ’ব নোৱাৰিলে। খেলৰ শেষত যেতিয়া দুয়োটা দলৰ ক্ৰিকেটাৰে ইজনে সিজনক হাত মিলাইছিল, তেতিয়া দেখা গ’ল যে ৰিংকুৱে কোহলীৰ সন্মুখত গৈ তেওঁৰ ভৰি চুই প্ৰণাম কৰে। প্ৰথমে অলপ অপ্ৰস্তুত হয় কোহলী। তাৰপিছতে ৰিংকুক বুকুত সাৱটি ধৰিলে।

ৰিংকুৱে শেষৰ পাঁচটা বলত ৫টা ছয় মাৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে কেকেআৰক জয়লাভ কৰে। আই পি এলৰ এই মুহূৰ্ত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত। পিছত কোহলীয়ে ৰিংকুক প্ৰশংসা কৰে। তেওঁ ক'লে, "ৰিংকুৱে যি কৰিছে সেয়া মই সপোনতো ভবা নাই। সেই পৰিস্থিতিত পাঁচটা ছয় মাৰি মেচখনত জয়ী হোৱাটো প্ৰায় অসম্ভৱ। ৰিংকুৱে তেনেকুৱা কৰিবলৈ সক্ষম হ’ল। ডেকা ক্ৰিকেটাৰ এনেদৰে ওপৰলৈ অহা দেখি বৰ ভাল লাগে।’’

এইবাৰৰ আই পি এলত ভাল ছন্দত আছে কোহলী। আৰচিবিৰ হৈ ৮খন মেচত ৩৩৩ ৰান সংগ্ৰহ কৰি কমলা ৰঙৰ কেপৰ দৌৰত তেওঁ দ্বিতীয় স্থানত আছে। বিৰাটে গড়ে ৬০.২৮ ৰান আৰু ষ্ট্ৰাইক ৰেট ১৬৭.৪৬ ৰান সংগ্ৰহ কৰে। ৮খন মেচত ৫টা পঞ্চাশ ৰান কৰে।

ৰিংকুৱেও কেকেআৰৰ হৈ বেয়া খেলা নাই। ৮খন মেচত ২৫১ ৰান সংগ্ৰহ কৰিছে। কে কে আৰৰ বাওঁহাতৰ বেটছমেনগৰাকীয়ে গড়ে ৬২.৭৫ ৰান আৰু ষ্ট্ৰাইক ৰেট ১৫৮.৮৬ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ