--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় বাগৰাৰ লগে লগে যেন অধিক প্ৰতিবাদী হৈ পৰিছে মল্লযোদ্ধাসকল৷ ডব্লিউএফআইৰ সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্ল যোদ্ধাই উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগকলৈ চৰকাৰে এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই৷

 এনে পৰিস্থিতিত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ খ্যাতিসম্পন্ন মল্ল যোদ্ধাসকল৷ মল্লযোদ্ধাৰ প্ তিবাদক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু অন্যান্য শীৰ্ষ খেলুৱৈসকলৰ নীৰৱতা সন্দৰ্ভত বিনেশ ফোগাটে প্ৰশ্ন উত্থাপন কৰিছে৷ ভাৰতৰ অন্যতম শীৰ্ষ মল্লযোদ্ধা বিনেশ ফোগাটে ভাৰতীয় কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগত কৰি থকা প্ৰতিবাদৰ বিষয়ত ভাৰতীয় ক্ৰিকেটাৰ সকল নীৰৱ কিয় বুলি  প্ৰশ্ন উত্থাপন কৰে।

ফোগাটে কয় যে  দেশে ক্ৰিকেটাৰসকলক উপাসনা কৰে , কিন্তু আজি আনকি এজনো ক্ৰিকেটাৰে মল্লযোদ্ধা সকলৰ ন্যায়ৰ বাবে মাত মাতিব পৰা নাই।  'ব্লেক লাইভছ মেটাৰ' আন্দোলনৰ উদাহৰণ দাঙি ধৰি বিনেশে কয়, "এনে নহয় যে আমাৰ দেশত ডাঙৰ খেলুৱৈ নাই। ক্ৰিকেটাৰ আছে... আমেৰিকা যুক্তৰাষ্ট্ৰত ব্লেক লাইভছ মেটাৰ আন্দোলনৰ সময়ত তেওঁলোকে তেওঁলোকৰ সমৰ্থন আগবঢ়াইছিল। আমি ইমান খিনিৰো যোগ্য নহও নেকি?"

তেওঁ লগতে কয় ’’ যেতিয়া আমি কিবা জিকো তেতিয়া আপোনালোকে  আমাক অভিনন্দন জনাবলৈ আগবাঢ়ি আহে। আনকি ক্ৰিকেটাৰসকলে টুইট কৰে ।এতিয়া কি হৈছে? আপোনালোকে  ভয় কৰে নেকি?  হয়তো তাতো কিবা সমস্যা থাকিব পাৰে? " উল্লেখ্য  প্ৰবীণ ক্ৰিকেটাৰ কপিল দেৱে প্ৰতিবাদকাৰীসকলৰ সৈতে একাত্মতা দেখুৱাইছিল আৰু তেওঁৰ ছচিয়েল মিডিয়া হেণ্ডেলত তিনিজন মল্লযোদ্ধাৰ এখন ফটো পোষ্ট কৰিছিল আৰু শিৰোনাম দিছিল: "তেওঁলোকে কেতিয়াবা ন্যায় পাব নে?" ইফালে, বিনেশে ভাৰতীয় অলিম্পিকৰ এছ'চিয়েশ্যনৰ সভাপতি পিটি ঊষাই মল্লযোদ্ধাৰ প্ৰতিবাদ সন্দৰ্ভত কৰা মন্তব্যত সন্দৰ্ভত কয় যে  ঊষাৰ মন্তব্য  "অসংবেদনশীল" ৷ 

আমি সংবিধান অনুসৰি জীয়াই আছো আৰু স্বতন্ত্ৰ নাগৰিক। আমি যিকোনো ঠাইলৈ যাব পাৰোঁ। যদি আমি ৰাস্তাত আহি বহি আছোঁ, তেন্তে কিবা কাৰণ থাকিব লাগিব, এটা কাৰণ থাকিব লাগিব যে কোনেও আমাৰ কথা নুশুনিলে, সেয়া আই.ও.এ. হওঁক বা ক্ৰীড়া মন্ত্ৰালয়েই হওঁক।" উল্লেখ্য বুধবাৰে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰত এক মমবাতি শোভাযাত্ৰা অনুষ্ঠিত কৰে ৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে