--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় বাগৰাৰ লগে লগে যেন অধিক প্ৰতিবাদী হৈ পৰিছে মল্লযোদ্ধাসকল৷ ডব্লিউএফআইৰ সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্ল যোদ্ধাই উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগকলৈ চৰকাৰে এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই৷

 এনে পৰিস্থিতিত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ খ্যাতিসম্পন্ন মল্ল যোদ্ধাসকল৷ মল্লযোদ্ধাৰ প্ তিবাদক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু অন্যান্য শীৰ্ষ খেলুৱৈসকলৰ নীৰৱতা সন্দৰ্ভত বিনেশ ফোগাটে প্ৰশ্ন উত্থাপন কৰিছে৷ ভাৰতৰ অন্যতম শীৰ্ষ মল্লযোদ্ধা বিনেশ ফোগাটে ভাৰতীয় কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগত কৰি থকা প্ৰতিবাদৰ বিষয়ত ভাৰতীয় ক্ৰিকেটাৰ সকল নীৰৱ কিয় বুলি  প্ৰশ্ন উত্থাপন কৰে।

ফোগাটে কয় যে  দেশে ক্ৰিকেটাৰসকলক উপাসনা কৰে , কিন্তু আজি আনকি এজনো ক্ৰিকেটাৰে মল্লযোদ্ধা সকলৰ ন্যায়ৰ বাবে মাত মাতিব পৰা নাই।  'ব্লেক লাইভছ মেটাৰ' আন্দোলনৰ উদাহৰণ দাঙি ধৰি বিনেশে কয়, "এনে নহয় যে আমাৰ দেশত ডাঙৰ খেলুৱৈ নাই। ক্ৰিকেটাৰ আছে... আমেৰিকা যুক্তৰাষ্ট্ৰত ব্লেক লাইভছ মেটাৰ আন্দোলনৰ সময়ত তেওঁলোকে তেওঁলোকৰ সমৰ্থন আগবঢ়াইছিল। আমি ইমান খিনিৰো যোগ্য নহও নেকি?"

তেওঁ লগতে কয় ’’ যেতিয়া আমি কিবা জিকো তেতিয়া আপোনালোকে  আমাক অভিনন্দন জনাবলৈ আগবাঢ়ি আহে। আনকি ক্ৰিকেটাৰসকলে টুইট কৰে ।এতিয়া কি হৈছে? আপোনালোকে  ভয় কৰে নেকি?  হয়তো তাতো কিবা সমস্যা থাকিব পাৰে? " উল্লেখ্য  প্ৰবীণ ক্ৰিকেটাৰ কপিল দেৱে প্ৰতিবাদকাৰীসকলৰ সৈতে একাত্মতা দেখুৱাইছিল আৰু তেওঁৰ ছচিয়েল মিডিয়া হেণ্ডেলত তিনিজন মল্লযোদ্ধাৰ এখন ফটো পোষ্ট কৰিছিল আৰু শিৰোনাম দিছিল: "তেওঁলোকে কেতিয়াবা ন্যায় পাব নে?" ইফালে, বিনেশে ভাৰতীয় অলিম্পিকৰ এছ'চিয়েশ্যনৰ সভাপতি পিটি ঊষাই মল্লযোদ্ধাৰ প্ৰতিবাদ সন্দৰ্ভত কৰা মন্তব্যত সন্দৰ্ভত কয় যে  ঊষাৰ মন্তব্য  "অসংবেদনশীল" ৷ 

আমি সংবিধান অনুসৰি জীয়াই আছো আৰু স্বতন্ত্ৰ নাগৰিক। আমি যিকোনো ঠাইলৈ যাব পাৰোঁ। যদি আমি ৰাস্তাত আহি বহি আছোঁ, তেন্তে কিবা কাৰণ থাকিব লাগিব, এটা কাৰণ থাকিব লাগিব যে কোনেও আমাৰ কথা নুশুনিলে, সেয়া আই.ও.এ. হওঁক বা ক্ৰীড়া মন্ত্ৰালয়েই হওঁক।" উল্লেখ্য বুধবাৰে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰত এক মমবাতি শোভাযাত্ৰা অনুষ্ঠিত কৰে ৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ