--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী ক্ৰিকেট ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ২০২৩ চনৰ আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে বিৰাট কোহলী আৰু গৌতম গম্ভীৰক জৰিমনা বিহা হৈছে।

মেচৰ পিছত যদিও কোহলী আৰু গম্ভীৰ দুয়োজনে হাত মিলাইছিল যদিও পিছলৈ এল এছ জিৰ অ’পেনাৰ কাইল মেয়াৰ্ছে কোহলীৰ ওচৰলৈ গৈ কথা পাতিছিল তেতিয়া এই পৰিস্থিতি বেয়া হৈ পৰিছিল। এল এছ জিৰ প্ৰশিক্ষক গম্ভীৰ যেন ইয়াৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল। পিছৰ ভিজুৱেলত কোলহী আৰু গম্ভীৰ দুয়োজনেই উত্তপ্ত তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল। অন্যান্য খেলুৱৈ আৰু এল এছ জিৰ অধিনায়ক কে.এল. ৰাহুলে দৃশ্যপটত আহি যুটিটোক পৃথক কৰি পেলোৱা পৰিলক্ষিত হয়৷

পৰিস্থিতি শান্ত কৰিবলৈ অমিত মিশ্ৰ, আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ আৰু এল এছ জিৰ সহকাৰী প্ৰশিক্ষক বিজয় দহিয়ায়ো যোগদান কৰে।

আই পি এলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদৰ অধীনত লেভেল ২ অপৰাধত দোষী হয় এই যুটিটো৷

লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বলাৰ নবীন উল হকক আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।

আৰ চি বিয়ে ১২৬/৯ গ’ল দি ১০৮ ৰানত এল এছ জিক আল আউট কৰিছিল।যাৰ বাবে ১৮ ৰানত জয়লাভ কৰিছিল আৰ চি বিয়ে।

যোৱাবাৰ যেতিয়া আই পি এল ২০২৩ৰ এখন খেলত বেংগালুৰুত এল এছ জি আৰু আৰ চি বি দুয়োটাৰে মাজত সংঘৰ্ষ হৈছিল, তেতিয়া গম্ভীৰে ইংগিতেৰে দৰ্শকক  মৌন কৰোঁৱা দেখা গৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী