--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী ক্ৰিকেট ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ২০২৩ চনৰ আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে বিৰাট কোহলী আৰু গৌতম গম্ভীৰক জৰিমনা বিহা হৈছে।

মেচৰ পিছত যদিও কোহলী আৰু গম্ভীৰ দুয়োজনে হাত মিলাইছিল যদিও পিছলৈ এল এছ জিৰ অ’পেনাৰ কাইল মেয়াৰ্ছে কোহলীৰ ওচৰলৈ গৈ কথা পাতিছিল তেতিয়া এই পৰিস্থিতি বেয়া হৈ পৰিছিল। এল এছ জিৰ প্ৰশিক্ষক গম্ভীৰ যেন ইয়াৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল। পিছৰ ভিজুৱেলত কোলহী আৰু গম্ভীৰ দুয়োজনেই উত্তপ্ত তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল। অন্যান্য খেলুৱৈ আৰু এল এছ জিৰ অধিনায়ক কে.এল. ৰাহুলে দৃশ্যপটত আহি যুটিটোক পৃথক কৰি পেলোৱা পৰিলক্ষিত হয়৷

পৰিস্থিতি শান্ত কৰিবলৈ অমিত মিশ্ৰ, আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ আৰু এল এছ জিৰ সহকাৰী প্ৰশিক্ষক বিজয় দহিয়ায়ো যোগদান কৰে।

আই পি এলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদৰ অধীনত লেভেল ২ অপৰাধত দোষী হয় এই যুটিটো৷

লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বলাৰ নবীন উল হকক আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।

আৰ চি বিয়ে ১২৬/৯ গ’ল দি ১০৮ ৰানত এল এছ জিক আল আউট কৰিছিল।যাৰ বাবে ১৮ ৰানত জয়লাভ কৰিছিল আৰ চি বিয়ে।

যোৱাবাৰ যেতিয়া আই পি এল ২০২৩ৰ এখন খেলত বেংগালুৰুত এল এছ জি আৰু আৰ চি বি দুয়োটাৰে মাজত সংঘৰ্ষ হৈছিল, তেতিয়া গম্ভীৰে ইংগিতেৰে দৰ্শকক  মৌন কৰোঁৱা দেখা গৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে