--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেনত অনুষ্ঠিত হোৱা অন্তিমখন আই পি এলত বিৰাট কোহলীৰ সৈতে খেলপথাৰত ভৰি জোকাৰি থকা দেখা গৈছিল। দুয়োৰে মাজৰ সম্পৰ্কও বহুত ভাল। শ্বাহৰুখ খানে সেই কোহলীক প্ৰশংসা কৰে। কেকেআৰৰ নেতাগৰাকীয়ে কয় যে কোহলী বলীউডৰ ‘জোঁৱাই’।

ষ্টাৰ স্প’ৰ্টছক দিয়া এক সাক্ষাৎকাৰত শ্বাহৰুখে কয়, ‘কোহলীৰ সৈতে বহু সময় কটালোঁ। মই তেওঁক বৰ ভাল পাওঁ। আমিও কওঁ যে তেওঁ আমাৰ জোঁৱাই। বলীউডৰ ‘জোঁৱাই’। মই তেওঁক বাকী ক্ৰিকেটাৰতকৈ ভালকৈ চিনি পাওঁ।"

শ্বাহৰুখে লগতে কয়, ‘কেৱল বিৰাটেই নহয়, অনুষ্কাক মই বহুদিনৰ পৰা চিনি পাইছো। তেওঁলোকৰ লগত বহুত সময় কটালোঁ। যেতিয়াৰ পৰা দুয়ো প্ৰেমত পৰিছিল। সেই সময়ত অনুষ্কাৰ লগত চিনেমাৰ শ্বুটিং কৰি আছিলো। বিৰাটে দিনটোৰ বেছিভাগ সময় আমাৰ লগত কটালে। তেতিয়াৰ পৰাই বন্ধুত্ব আৰম্ভ হৈছে।”

যোৱা বছৰ ইডেনত শ্বাহৰুখে সেই নৃত্য সন্দৰ্ভত কৈছিল, “মই তেওঁক ‘পথান’ চিনেমাখনৰ মূল গীতটোৰ নৃত্যৰ খোজবোৰ শিকাইছিলো। ভাৰতৰ এখন খেলৰ সময়ত তেওঁক ৰবীন্দ্ৰ জাদেজাৰ সৈতে নাচি থকা দেখিছিলো। মোৰ চিনেমাৰ গানৰ পৰা ষ্টেপবোৰ কৰি আছিল।”

শ্বাহৰুখেও কয়, “তেওঁলোকে বৰ বেয়াকৈ নাচিছিল। ভাল নাপালে। মই তেওঁলোকক ক’লোঁ, খোজবোৰ সোনকালে শিকি লওক, যাতে পিছত আপুনি বিশ্বকাপ বা আন কোনো প্ৰতিযোগিতালৈ গৈ দেখুৱাব পাৰে। যেতিয়াই নাচিব মন যায় মোক ফোন কৰক। মই শিকাম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ