--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেনত অনুষ্ঠিত হোৱা অন্তিমখন আই পি এলত বিৰাট কোহলীৰ সৈতে খেলপথাৰত ভৰি জোকাৰি থকা দেখা গৈছিল। দুয়োৰে মাজৰ সম্পৰ্কও বহুত ভাল। শ্বাহৰুখ খানে সেই কোহলীক প্ৰশংসা কৰে। কেকেআৰৰ নেতাগৰাকীয়ে কয় যে কোহলী বলীউডৰ ‘জোঁৱাই’।

ষ্টাৰ স্প’ৰ্টছক দিয়া এক সাক্ষাৎকাৰত শ্বাহৰুখে কয়, ‘কোহলীৰ সৈতে বহু সময় কটালোঁ। মই তেওঁক বৰ ভাল পাওঁ। আমিও কওঁ যে তেওঁ আমাৰ জোঁৱাই। বলীউডৰ ‘জোঁৱাই’। মই তেওঁক বাকী ক্ৰিকেটাৰতকৈ ভালকৈ চিনি পাওঁ।"

শ্বাহৰুখে লগতে কয়, ‘কেৱল বিৰাটেই নহয়, অনুষ্কাক মই বহুদিনৰ পৰা চিনি পাইছো। তেওঁলোকৰ লগত বহুত সময় কটালোঁ। যেতিয়াৰ পৰা দুয়ো প্ৰেমত পৰিছিল। সেই সময়ত অনুষ্কাৰ লগত চিনেমাৰ শ্বুটিং কৰি আছিলো। বিৰাটে দিনটোৰ বেছিভাগ সময় আমাৰ লগত কটালে। তেতিয়াৰ পৰাই বন্ধুত্ব আৰম্ভ হৈছে।”

যোৱা বছৰ ইডেনত শ্বাহৰুখে সেই নৃত্য সন্দৰ্ভত কৈছিল, “মই তেওঁক ‘পথান’ চিনেমাখনৰ মূল গীতটোৰ নৃত্যৰ খোজবোৰ শিকাইছিলো। ভাৰতৰ এখন খেলৰ সময়ত তেওঁক ৰবীন্দ্ৰ জাদেজাৰ সৈতে নাচি থকা দেখিছিলো। মোৰ চিনেমাৰ গানৰ পৰা ষ্টেপবোৰ কৰি আছিল।”

শ্বাহৰুখেও কয়, “তেওঁলোকে বৰ বেয়াকৈ নাচিছিল। ভাল নাপালে। মই তেওঁলোকক ক’লোঁ, খোজবোৰ সোনকালে শিকি লওক, যাতে পিছত আপুনি বিশ্বকাপ বা আন কোনো প্ৰতিযোগিতালৈ গৈ দেখুৱাব পাৰে। যেতিয়াই নাচিব মন যায় মোক ফোন কৰক। মই শিকাম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু